ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
দ্য মিজোৰাম প'ষ্ট
দ্য মিজোৰাম প'ষ্ট হৈছে মিজোৰামৰ আইজলৰ পৰা প্ৰকাশিত এখন ইংৰাজী বাতৰি কাকত৷ দ্য মিজোৰাম প'ষ্ট মিজোৰামত সৰ্বাধিক প্ৰচলিত বাতৰি কাকত৷ মিজোৰামৰ আইজলৰ পৰা প্ৰকাশিত তথা শিলচৰত মুদ্ৰিত এই কাকত খনৰ সমগ্ৰ আইজলতে জনপ্ৰিয়তা আছে। এই কাকতখন ৫৮১৫৬খনকৈ প্ৰতিটো সংখ্যা প্ৰকাশিত হয়।
-
ধূসৰতাত সংহত শ্ৰৱণ
ধূসৰতাত সংহত শ্ৰৱণ (Dhusaratat Sanghata Shravan) হৈছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া বিজ্ঞানী তথা লেখক ৰুবুল মাউতৰ দ্বাৰা ৰচিত এখন জনপ্ৰিয় গল্প সংকলন। এই গ্ৰন্থখন ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশিত হৈছে। সংকলনখনত মুঠ ১০টা গল্প সংকলিত কৰা হৈছে। গল্পপুথিখনৰ প্ৰকাশক পূৰ্বায়ণ প্ৰকাশন।
-
ধৰ্মৰ প্ৰাণতত্ত্ব
ধৰ্মৰ প্ৰাণতত্ত্ব (Dharmar Prantattva) হৈছে অসমীয়া সাহিত্যিক আৰু ভূতত্ত্ববিদ ড০ প্ৰণৱজ্যোতি ডেকাৰ দ্বাৰা লিখিত এখনি ধৰ্মতত্ত্ব-বিষয়ক গ্ৰন্থ। গ্ৰন্থখন পোনপ্ৰথমবাৰৰ বাবে ২০১০ চনৰ মাৰ্চ মাহত প্ৰকাশিত হৈছিল। ২০২৩ চনৰ নৱেম্বৰত গ্ৰন্থখনৰ পুনৰ মুদ্ৰণ হয়।
-
নামমালিকা
নামমালিকা মাধৱদেৱ বিৰচিত এখন অমূল্য গ্ৰন্থ। এই গ্ৰন্থখনি কোচ ৰাজবিষয়া বীৰুকাৰ্য্যীৰ অনুৰোধত ৰচনা কৰা হৈছিল। মাধৱদেৱৰ শিষ্য পদ্ম আতাই উজনিলৈ ধৰ্ম প্ৰচাৰ কৰিবলৈ আহোঁতে ঘোষা ৰত্নাৱলী কীৰ্তন দশম আৰু নামমালিকা গুৰুৰ আশীৰ্বাদৰূপে লৈ গৈছিল।
-
নাৰী (আলোচনী)
নাৰী (नारी) হ'ল কাঠমাণ্ডুত অৱস্থিত ব্যক্তিগত সংবাদ মাধ্যম কোম্পানী কান্তিপুৰ পাব্লিকেশ্যনে নেপালত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰকাশ কৰা এখন মাহেকীয়া মহিলা আলোচনী৷
-
নাৰীবাদ (গ্ৰন্থ)
নাৰীবাদ (ইংৰাজী: Nareebad) (২੦১৮) হ’ল অপৰ্ণা মহন্তৰ নাৰীবাদৰ ইতিহাস আৰু তত্ত্ব সম্পৰ্কে অসমীয়া ভাষাত লিখা এখন গ্ৰন্থ৷ গ্ৰন্থখন ২੦১৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখাৰপৰা ‘জ্ঞান বিচিত্ৰা গ্ৰন্থমালা’ৰ অধীনত প্ৰকাশ পায়৷
-
নিউ ইণ্ডিয়া সমাচাৰ
নিউ ইণ্ডিয়া সমাচাৰ হৈছে ভাৰত চৰকাৰে ২০২০ চনৰ ১৫ আগষ্টত আৰম্ভ কৰা এখন পষেকীয়া ই-পত্ৰিকা। এইটো বিউৰ’ অফ আউটৰিচ এণ্ড কমিউনিকেশ্বন (BOC) দ্বাৰা প্ৰকাশিত হয়, যি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনত চলা এটি সংবাদ সংগঠন।
-
পত্ৰ-সাহিত্যৰ সুবাস
পত্ৰ-সাহিত্যৰ সুবাস উপেন্দ্ৰ বৰকটকী লিখিত এখন গ্ৰন্থ। গ্ৰন্থখনত অসমৰ কেইবাগৰাকীমান নমস্য ব্যক্তিয়ে উপেন্দ্ৰ বৰকটকীলৈ লিখা চিঠি আৰু বহুকেইজন বৰেণ্য ব্যক্তিয়ে অন্য কোনো ব্যক্তিলৈ লিখা চিঠি সংকলিত হৈছে।
-
পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ (গ্ৰন্থ)
পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ (pathabhrasta hoise neki sankar sangha) হৈছে অসমৰ লেখক, শিক্ষাবিদ, সাহিত্যিক, সমালোচক ময়ূৰ বৰাৰ প্ৰথমখন প্ৰবন্ধ গ্ৰন্থ। ২০১২ চনৰ জানুৱাৰী মাহত আঁক-বাক প্ৰকাশনে প্ৰথম প্ৰকাশ কৰা এই প্ৰবন্ধ সংকলনখনিৰ মূল্য আশী টকা। কিতাপখনৰ মুঠ পৃষ্ঠা সংখ্যা ৯৬।
-
পাৰিজাত (শিশু আলোচনী)
পাৰিজাত অসমীয়া ভাষাৰ এখনি মাহেকীয়া শিশু আলোচনী। ১৯৪১ চনত (১৯৪০ চন) কলকাতাৰ পৰা প্ৰকাশিত আলোচনীখনৰ সম্পাদক আছিল ডা° দীননাথ শৰ্মা। শিশু উপযোগী সচিত্ৰ আলোচনীখনত প্ৰবন্ধ, গল্প, কবিতা প্ৰকাশ কৰিছিল। “পাৰিজাত’’ত যুক্তাক্ষৰ সৰলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল।
-
পাৰিপাৰ্শ্বিক কবিতা
পাৰিপাৰ্শ্বিক কবিতা (২০২৩, ইংৰাজী: Pariparshik Kabita) অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ এখন সংকলন। সংকলনখনৰ সম্পাদক কবি, অনুবাদক আৰু লেখক প্ৰকল্প ৰঞ্জন ভাগৱতী।
-
পিৰাহা ভাষা
পিৰাহা বা মুৰা-পিৰাহা ভাষা হ'ল ব্ৰাজিলৰ আমাজনাৰ পিৰাহা জনগোষ্ঠীৰ থলুৱা ভাষা। পিৰাহাসকলে আমাজন নদীৰ উপনৈ মাইচি নদীৰ কাষত বাস কৰে। পিৰাহা হৈছে মুৰা ভাষাৰ একমাত্ৰ জীয়াই থকা উপভাষা।
-
পুতুল নাচেৰ ইতিকথা
পুতুল নাচেৰ ইতিকথা (Putul Nacher Itikatha) হৈছে বাঙালী সাহিত্যিক মানিক বন্দ্যোপাধ্যায়ৰ দ্বাৰা ৰচিত তৃতীয় উপন্যাস আৰু চতুৰ্থ ছপা গ্ৰন্থ। উপন্যাসখন ১৩৪১ বঙ্গাব্দৰ পুহ মাহৰ পৰা ১৩৪২ বঙ্গাব্দৰ আঘোন মাহলৈকে ভাৰতবৰ্ষ আলোচনীত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল।
-
পুনশ্চ (কাব্য সংকলন)
পুনশ্চ হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত এখন কাব্য সংকলন। এইখন কাব্য সংকলন ১৯৩২ চনত প্ৰকাশিত হৈছিল। এই কাব্য সংকলনৰ অন্তৰ্গত কবিতাসমূহৰ যোগেদি তেওঁ মানৱ জীৱন আৰু মৃত্যু সম্পৰ্কীয় মানুহৰ সমস্যাসমূহ ব্যক্ত কৰিছিল। এই কাব্য সংকলনখনত মুঠ ৫০টা কবিতা আছে।
-
প্ৰথম নাক্কিৰাৰ
প্ৰথম নাক্কিৰাৰ (খ্ৰীষ্টপূৰ্ব ২৫০) আছিল সংগম যুগৰ কবি, যিয়ে নেতুনালভাটাইকে ধৰি সংকলন ৰচনা কৰিছিল। তেওঁ থিৰুৱল্লুৱ মালাইৰ ৭ নং পদো লিখিছিল।
-
প্ৰাচীন হিন্দী
প্ৰাচীন হিন্দী (पुरानी हिंदी) হৈছে বৰ্তমানৰ হিন্দী ভাষাৰ খড়িবোলী উপভাষাৰ প্ৰাৰম্ভিক ৰূপ। ইয়াক আধুনিক মান্য হিন্দী ভাষাৰ পূৰ্বসূৰী বুলি গণ্য কৰা হয়। এই ভাষা বৰ্তমানৰ হিন্দী বেল্টৰ, বিশেষকৈ দিল্লী আৰু ইয়াৰ কাষৰিয়া অঞ্চলৰ লোকলকলৰ মাজত প্ৰায় ১৩-১৪ শতিকাৰ সময়ত প্ৰচলিত আছিল।
-
প্ৰিয় সখী
প্ৰিয় সখী (ইংৰাজী: Priyo Sakhi) মহিলাসকলৰ উদ্দেশ্যে প্ৰকাশিত অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী। বৰ্তমান গুৱাহাটীৰপৰা প্ৰকাশিত আলোচনীখনৰ মুখ্য সম্পাদক শশী ফুকন। ২০১৩ চনৰ জানুৱাৰীত আলোচনীখনে চতুৰ্দশ বছৰত ভৰি দিয়ে। মহিলাসকলৰ বিনোদন, স্বাস্থ্য, আইন, পৰ্যটন, ফেশ্বন আদি বিভিন্ন বিষয় ই সামৰি লয়।
-
প্ৰেমত পৰিলো নেকি
প্ৰেমত পৰিলো নেকি গ্ৰন্থখন অসমীয়া ভাষাত কম্পিউটাৰেৰে ডিটিপি কৰি প্ৰস্তুত কৰা প্ৰথমখন গ্ৰন্থ। গ্ৰন্থখনৰ লিখক দিলীপ কুমাৰ দত্ত। ১৯৮৭ চনৰ ডিচেম্বৰ মাহত এই গ্ৰন্থখন প্ৰকাশক নাৰায়ণ ডেকাৰ ‘অসমী প্ৰকাশন’ৰ পৰা প্ৰকাশ হৈছে। গ্ৰন্থখনত লিখকৰ শৈশৱ জীৱনৰ প্ৰেম আৰু অভিজ্ঞতাৰ বৰ্ণনা আছে।
-
পৰনাৰ
পৰনাৰ (তামিল: பரணர்) (প্ৰায় ১ম শতিকা খ্ৰীষ্টাব্দ) সংগম যুগৰ কবি আছিল, যাৰ বাবে সংগম সাহিত্যৰ ৮৪টা পদ্যৰ আৰোপ কৰা হৈছে, ইয়াৰ উপৰিও তিৰুৱল্লুৱ মালাইৰ ৬ নং পদটো তেওঁৰ বুলি কোৱা হয়।
-
পৰাণ নিগৰে
পৰাণ নিগৰে হ’ল অসমৰ নৱপ্ৰজন্মৰ সাহিত্যিক শৰ্মিষ্ঠা প্ৰীতমৰ এখন উপন্যাস। নিভাঁজ গাঁৱলীয়া পৰিৱেশৰ বৰ্ণনা সম্বলিত উপন্যাসখন বনফুল প্ৰকাশনৰ পৰা প্ৰকাশিত। ২০১৯ চনৰ নৱেম্বৰ মাহত উপন্যাসখন প্ৰথম প্ৰকাশ হৈছে। মুঠ ২১৬ পৃষ্ঠাৰ উপন্যাসখনৰ মূল্য ২২৫ টকা।
-
ফ্ৰণ্টলাইন (আলোচনী)
ফ্ৰণ্টলাইন (ইংৰাজী: Frontline) হ’ল হিন্দু গোষ্ঠীৰপৰা প্ৰকাশিত ইংৰাজী ভাষাৰ এখন পষেকীয়া আলোচনী৷ ইয়াৰ মুখ্য কাৰ্যালয় চেন্নাইত অৱস্থিত৷ বৰ্তমান আলোচনীখনৰ সম্পাদক হ’ল বৈষ্ণ ৰয়৷ আলোচনীখনত ৰাজনৈতিক, বিশ্ব পৰিক্ৰমা, সংস্কৃতি, বিজ্ঞান, স্থাস্থ্য, বাণিজ্য, ব্যক্তিত্ব আদি বিভিন্ন বিষয়ৰ সংবাদ আৰু গভীৰ…
-
ফ্ৰেংকেনষ্টাইন
ফ্ৰেংকেনষ্টাইন (Frankenstein) বা দ্য মডাৰ্ণ প্ৰমিথিউছ (The Modern Prometheus) হৈছে মেৰী ৱলষ্ট’নক্ৰেফ্ট শ্বেলীৰ দ্বাৰা ৰচিত এখন জনপ্ৰিয় উপন্যাস। স্বামীৰ লগত ছুইজাৰলেণ্ডলৈ ফুৰিবলৈ যাওঁতে তেওঁৰ এই উপন্যাসখনৰ বীজৰ সৃষ্টি হয় আৰু তেওঁ ১৮ বছৰ বয়সতেই এই উপন্যাসখন ৰচনা কৰে।
-
বঙল বহু দূৰ
বঙল বহু দূৰ (Bangal Bahu Dur) নন্দিতা দেৱীৰ দ্বাৰা ৰচিত অসমীয়া ভাষাৰ এখন সামাজিক উপন্যাস। উপন্যাসখন ২০১৯ চনৰ অক্টোবৰ মাহত জ্যোতি প্ৰকাশনৰ বেনাৰত প্ৰকাশ পায়। এই উপন্যাসখন লেখিকাৰ প্ৰথমখন প্ৰকাশিত উপন্যাস। প্ৰকাশৰ পূৰ্বে 'বঙল বহু দূৰ' অসমীয়া আলোচনী প্ৰান্তিকৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল।
-
বনফুল
বনফুল হৈছে কবি আৰু সু-সাহিত্যিক যতীন্দ্ৰ নাথ দুৱৰাৰ চতুৰ্থখন কবিতাপুথি। অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত এইখন প্ৰথম গ্ৰন্থ। কলিকতাত প্ৰবাসী হৈ থকা কালত যতীন্দ্ৰ নাথ দুৱৰাই বনফুল কবিতাপুথিখনৰ ৰচনা কৰে। ১৯৫২ চনত প্ৰকাশিত কবিতাপুথিখনত মুঠ ৫০টা কবিতা আছে।
-
বলধাৰোহী
বলধাৰোহী (ইংৰাজী: Baladharohi) (২০২১) প্ৰকল্প ৰঞ্জন ভাগৱতীৰ একমাত্ৰ অসমীয়া কবিতা-সংকলন। ২০২১ চনৰ জানুৱাৰী মাহত অসম পাবলিচিং কোম্পানীয়ে সংকলনটি প্ৰকাশ কৰে।
-
বিজ্ঞানৰ ইতিহাস
বিজ্ঞানৰ ইতিহাস (২੦২৩, Bigyanar Itihas – A Comprehensive history of science) ২੦২৩ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখাই প্ৰকাশ কৰা বিজ্ঞানৰ ইতিহাস বিষয়ক এখন গ্ৰন্থ৷ গ্ৰন্থখন সম্পাদনা কৰিছে যোগেন্দ্ৰনাথ শৰ্মাই৷
-
বিন্দু (আলোচনী)
বিন্দু অসমৰ প্ৰথমখন ক্ষুদ্ৰতম আলোচনী আছিল। ১৯৭০ চনৰ এপ্ৰিল মাহত ড° ভূপেন হাজৰিকাৰ সম্পাদনাত আলোচনীখন প্ৰথম প্ৰকাশ পাইছিল। ড° ভূপেন হাজৰিকাই আলোচনীখনৰ আঠটা খণ্ড সম্পাদনা কৰিছিল। বিন্দু আলোচনীখনৰ মূল্য আছিল ত্ৰিশ পইছা।
-
বিপন্ন সময়
বিপন্ন সময় (Biponno Xomoi) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক মেদিনী চৌধুৰীৰ দ্বাৰা লিখিত এখনি উল্লেখযোগ্য উপন্যাস। উপন্যাসখনৰ বিষয়বস্তু হৈছে ইতিহাস-সচেতনতা আৰু ইতিহাস বিশ্লেষণ। উল্লেখযোগ্য যে, বিশেষ উপন্যাসখনৰ বাবে ঔপন্যাসিক মেদিনী চৌধুৰীয়ে ১৯৯৯ চনত অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
বিহুৱান (শিশু আলোচনী)
বিহুৱান অসমীয়া ভাষাৰ এখনি বছৰেকীয়া শিশু আলোচনী৷ ১৯৫০ চনত পাঠশালাৰ পৰা প্ৰকাশিত৷ সম্পাদক আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হলীৰাম ডেকা৷ এইখন এখন সচিত্ৰ শিশু আলোচনী আছিল৷ আলোচনীখনত মহৎ লোকৰ জীৱনী, লোক-সহিত্য, অসমীয়া সাহিত্যৰ জানিবলগীয়া কথা, ভ্ৰমণ কাহিনী,পুৰাণৰ কথা, বিদেশৰ শিশুৰ কথা,…
-
ব্ৰক্সকাট ভাষা
ব্ৰক্সকাট বা মিনাৰ এটি বিপদাপন্ন দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা। এই ভাষা মুখ্যতঃ ভাৰতৰ লাদাখৰ নামনী সিন্ধু উপত্যকা আৰু তাৰ ওচৰৰ ঠাইসমূহত বাস কৰা ব্ৰকপা লোকে ব্যৱহাৰ কৰে। এই ভাষা প্ৰাচীন দাৰ্দিক ভাষা পৰিয়ালৰ আতাইতকৈ পুৰণি অস্তিত্বত থকা সদস্য।