অ-পদাৰ্থ হৈছে অসমীয়া কবি-সাহিত্যিক নৱকান্ত বৰুৱাদেৱৰ দ্বাৰা লিখিত এখনি কল্প-বিজ্ঞানধৰ্মী উপন্যাস। উপন্যাসখন ১৯৮২ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল।১
লেখকৰ চমু পৰিচয়
নৱকান্ত বৰুৱা অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম। এখুদ ককাইদেউ হিচাপে জনপ্ৰিয় নৱকান্ত বৰুৱাৰ জন্ম হৈছিল গুৱাহাটীত ১৯২৬ চনৰ ২৯ ডিচেম্বৰত। তেখেতে সাহিত্য অকাডেমি, অসম উপত্যকা বঁটাকে ধৰি একাধিক বঁটা-সন্মান লাভ কৰে। ১৯৭৬ চনত তেখেতক পদ্মভূষণ প্ৰদান কৰা হৈছিল। হে অৰণ্য হে মহানগৰ, কপিলীপৰীয়া সাধু, শিয়ালী পালেগৈ ৰতনপুৰ, ৰাৱণ আদি তেখেতৰ উল্লেখযোগ্য সৃষ্টি।
গ্ৰন্থৰ সংক্ষিপ্ত বিৱৰণ
অ-পদাৰ্থ গ্ৰন্থখনৰ কেন্দ্ৰীয় বিষয়ত জৈৱ পদাৰ্থ বিজ্ঞান প্ৰয়োগ কৰি ৰক্তহীন অস্ত্ৰোপচাৰৰ প্ৰযুক্তি উদ্ভাৱন কৰিবলৈ যোৱা এজন চিকিৎসকৰ কাহিনী বৰ্ণিত হৈছে। নিজৰ লক্ষ্যত উপনীত হ'বলৈ চিকিৎসকজনে এক বিধ্বংসী অ-পদাৰ্থ বা এণ্টিমেটাৰ সৃষ্টি কৰিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত চিকিৎসকজন আত্মসমালোচনা আৰু অনুশোচনাতহে দগ্ধ হয় আৰু সেই অ-পদাৰ্থ শক্তিত আত্মজাহ যায়।১
তথ্যসূত্ৰ
- ↑ বৰুৱা, শান্তনু কৌশিক. অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৫৯৩. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অ-পদাৰ্থ” প্ৰবন্ধৰ সংশোধন ২৫৫৮০৬ (২৪ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।