অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আন এজন

আন এজন (Aan ejon) হৈছে অসমৰ সাহিত্যিক, কবি, সমালোচক হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত কেইটিমান কবিতাৰ সংকলন। ১৯৮৭ চনত এই কাব্য গ্ৰন্থখনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

হালনাগাদ: ২৪ অক্টোবৰ ২০২০ ১০৩ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

আন এজন (Aan ejon) হৈছে অসমৰ সাহিত্যিক, কবি, সমালোচক হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত কেইটিমান কবিতাৰ সংকলন। ১৯৮৭ চনত এই কাব্য গ্ৰন্থখনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।১

কবিৰ চমু পৰিচয়

মূল প্ৰবন্ধ: হৰেকৃষ্ণ ডেকা

হৰেকৃষ্ণ ডেকা (১৯৪৩-) এগৰাকী কবি, চুটি গল্প লেখক আৰু কবিতাৰ সমালোচক। ভাৰতীয় পুলিচ সেৱাৰ বিষয়া হৰেকৃষ্ণ ডেকাই অসম আৰক্ষীৰ মহাপ্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। সাহিত্য বিষয়ক আলোচনী গৰীয়সী আৰু ইংৰাজী দৈনিক কাকত দ্য ছেণ্টিনেলৰ সম্পাদকৰ দায়িত্বও বহন কৰিছিল। আন এজন কাব্য গ্ৰন্থ ১৯৮৬ চনত প্ৰকাশিত হৈছিল।

গ্ৰন্থৰ চমু পৰিচিতি

কবিতা সংকলনখনিত মুঠতে ২৯টা কবিতা সন্নিৱিষ্ট হৈছে। কবিতাত জীৱনৰ অভিজ্ঞতা আৰু উপলব্ধিৰ প্ৰভাৱ দৃশ্যমান হৈ আছে। তাৰেই কাব্যিক ৰূপায়ণ এই কাব্য সংকলন।১

বঁটা আৰু সন্মান

তথ্যসূত্ৰ

  1. ↑ বৰুৱা, শান্তনু কৌশিক. (২০২০). অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৫৯৬. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া কবিতাপুথিসাহিত্য অকাডেমি বঁটা প্ৰাপ্ত অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন এজন” প্ৰবন্ধৰ সংশোধন ২৫০৪০৪ (২৪ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।