ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ব্ৰজবুলি
ব্ৰজবুলি এক কৃত্ৰিম সাহিত্যিক ভাষা, যাক মৈথিলী কবি বিদ্যাপতিয়ে তেওঁৰ ৰচনাৰ দ্বাৰা জনপ্ৰিয় কৰি তুলিছিল। ৰাধা আৰু কৃষ্ণৰ প্ৰেমৰ বিষয়ে লিখা তেওঁৰ ব্ৰজাবুলি গীতৰ কথাবোৰ তেওঁৰ শ্ৰেষ্ঠ ৰচনা বুলি গণ্য কৰা হয়। আন কবিসকলেও তেওঁৰ লেখাক অনুকৰণ কৰে আৰু ১৬ শতিকাত এই ভাষা প্ৰতিষ্ঠা লাভ কৰে।
-
ব্ৰামৰাচোখ
ব্ৰামৰাচোখ ( (ব্ৰামচোখ বা ৰাচোক নামেৰেও জনাজাত )কাশ্মীৰী কিংবদন্তিৰ এক কাল্পনিক চৰিত্ৰ। ই জনশূন্য অঞ্চলত থাকি পোহৰ দেখোৱাই ভ্ৰমণকাৰীসকলক বিভ্ৰান্ত কৰে। তেওঁ মূৰত এটা জুইৰ পাত্ৰ লৈ থাকে। তেওঁৰ কপালত এটা উজ্জ্বল চকু আছে।
-
ব্ৰাহ্মীষ্ঠ
ব্ৰাহ্মীষ্ঠ শব্দটো শ্ৰেষ্ঠতম বৈদিক পণ্ডিতক বুজাবলৈ ব্যৱহাৰ কৰা সংস্কৃত শব্দ। ব্ৰাহ্মীষ্ঠ শব্দটো বৈদিক সাহিত্যত পোৱা যায়। বেদৰ সৰ্বোচ্চ জ্ঞান লাভ কৰা ব্ৰাহ্মণক ব্ৰাহ্মীষ্ঠ বুলি কোৱা হয়। ব্ৰাহ্মীষ্ঠ শব্দটোক "ব্ৰহ্মৰ শ্ৰেষ্ঠ জ্ঞানী" বুলিও সংজ্ঞায়িত কৰা হৈছে।
-
ভক্তি প্ৰদীপ
ভক্তি-প্ৰদীপ গ্ৰন্থখনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভক্তিতত্ত্ব প্ৰকাশক ৰচনাৰ অন্যতম পুথি। এই শাস্ত্ৰখনি গুৰুজনাই গৰুড় পুৰাণৰ আধাৰত বিৰচন কৰিছিল আৰু গ্ৰন্থখনত মুঠ আঠটা অধ্যায় আছে।
-
ভক্তিবিবেক
ভক্তিবিবেক হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্য বা চমুকৈ ভট্টদেৱে সংস্কৃত ভাষাত লিখা এখনি ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ। গ্ৰন্থখনৰ ৰচনাকাল ১৫৪৩ শক। ভক্তিবিবেকত মুঠ পোন্ধৰটা পৰিচ্ছেদ আছে আৰু তাৰ শ্লোকবোৰ ভট্টদেৱে ভাগৱত পুৰাণ, মহাভাৰত আৰু আন আন গ্ৰন্থৰ পৰা সংগ্ৰহ কৰি সন্নিবিষ্ট কৰিছে, গ্ৰন্থখনত তেওঁ নিজৰ…
-
ভাংলাইনি
ভাংলাইনি মিজোৰামৰ পৰা প্ৰকাশিত এখন মিজো ভাষাৰ দৈনিক বাতৰি কাকত৷ ভাৰতৰ বাতৰি কাকত পঞ্জীয়কৰ ওচৰত পঞ্জীকৃত কাকতখনকে ছাপডাংগাৰ দ্বাৰা সম্পাদিত, মুদ্ৰিত আৰু তেওঁ কাকতখনৰ স্বত্বাধিকাৰিও৷ এই কাকতখন মিজোৰামত সৰ্বাধিক প্ৰচলিত কাকত৷
-
ভানুভক্ত ৰামায়ণ
ভানুভক্ত ৰামায়ণ (भानुभक्तको रामायण বা भानुभक्तीय रामायण) হ'ল নেপালী কবি ভানুভক্ত আচাৰ্যৰ দ্বাৰা অনূদিত নেপালী ৰামায়ণ, যি বাল্মীকি ৰচিত সংস্কৃত ৰামায়ণৰ নেপালী অনুবাদ। এই গ্ৰন্থখন ভানুভক্ত আচাৰ্যৰ মৃত্যুৰ পাছত ১৮৮৭ চনত সম্পূৰ্ণৰূপে প্ৰকাশিত হৈছিল। ইয়াক প্ৰথম নেপালী মহাকাব্য হিচাপে গণ্য কৰা হয়।
-
ভাষা-বিজ্ঞান (গ্ৰন্থ)
ভাষা-বিজ্ঞান (Bhasha Vijnan) হৈছে লেখক, অধ্যাপক, ভাষাবিদ, গৱেষক ড॰ উপেন্দ্ৰনাথ গোস্বামীৰ দ্বাৰা ৰচিত এখন উচ্চস্তৰৰ অসমীয়া ভাষাবিজ্ঞান বিষয়ক গ্ৰন্থ। ১৯৬৫ চনত প্ৰকাশিত এই গ্ৰন্থখনৰ প্ৰকাশক আছিল মাণি-মণিক প্ৰকাশন।
-
ভূটানৰ বাতৰি কাকতৰ তালিকা
তলত ভূটানত প্ৰকাশিত বাতৰি কাকতৰ তালিকা দিয়া হ'ল: * ভূটান অৱজাৰ্ভাৰ — ইংৰাজী আৰু জোংখা; আগতে দ্বি-সাপ্তাহিক, এতিয়া কেৱল অনলাইন। ভূটান টাইমছ — ইংৰাজী; সাপ্তাহিক। ভূটান টুডে — ইংৰাজী; দ্বি-সাপ্তাহিক। ভূটান য়থ — ইংৰাজী। দ্য ভূটানীজ — ইংৰাজী আৰু জোংখা; সাপ্তাহিক।
-
মংগল প্ৰভাত
মংগল প্ৰভাত মহাত্মা গান্ধীয়ে লিখা এখন গ্ৰন্থ। দত্তাত্ৰেয় বালকৃষ্ণ কলেলকাৰৰ দ্বাৰা লিখা প্ৰস্তাৱনাৰে ১৯৫৮ চনত ই মৰণোত্তৰভাৱে প্ৰকাশ পায়।
-
মই ডেচডিম’না হ’ব খোজোঁ
মই ডেচডিম’না হ’ব খোজোঁ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ পটভূমিত মণিকুন্তলা ভট্টাচাৰ্য ৰচিত এখন উপন্যাস। লেখিকাই এই উপন্যাসৰ বাবে ২০০৭-২০০৯ বৰ্ষৰ অসম সাহিত্য সভাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰে। উপন্যাসখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় ২০০৭ চনৰ ডিচেম্বৰত।
-
মইনা (শিশু আলোচনী)
মইনা অসমীয়া ভাষাৰ শিশু আলোচনী৷ একে নামৰ একাধিক শিশু আলোচনী ভিন ভিন সম্পাদকৰ সম্পাদনাত ভিন ভিন সময়ত প্ৰকাশ পায়৷
-
মছনবী
মছনবী ( Masnavi; পাৰ্চী: مثنوی معنوی) হৈছে ৰুমিয়ে লিখা এখন বিস্তৃত পাৰ্চী মছনৱী (এটা কাব্য সংকলন) আৰু চুফীবাদৰ ইতিহাসত এখন অন্যতম প্ৰভাৱশালী গ্ৰন্থ। ই ছখন কবিতাৰ এটি গ্ৰন্থ শৃংখলা যি একেলগে প্ৰায় ২৫,০০০ পদ বা ৫০,০০০ শাৰীৰে গঠিত।
-
মহীচন্দ্ৰ বৰা
অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট গল্পকাৰ মহীচন্দ্ৰ বৰা[১৮৯৪-১৩ জুন ১৯৬৫]৷ তদুপৰি গল্পৰ লগতে তেখেতে কবিতাও ৰচনা কৰিছিল৷ সাহিত্যৰ উপৰিও তেখেত ৰাজনীতিৰ দিশতো সক্ৰিয় আছিল৷ তেখেত আৱাহন যুগৰ এগৰাকী উল্লেখযোগ্য গল্পকাৰ৷ হলিৰাম ডেকা আৰু ত্ৰৈলোক্যনাথ গোস্বামীৰ পিছতে মহীচন্দ্ৰ বৰাই গল্প ৰচনা কৰি আধুনিক…
-
মহৎ ঐতিহ্য
মহৎ ঐতিহ্য (ইংৰাজী: Mahat Oitijya) এখন সাহিত্য সমালোচনামূলক প্ৰবন্ধৰ সংকলন। গ্ৰন্থখনৰ লেখক হ’ল কবি, সমালোচক নলিনীধৰ ভট্টাচাৰ্য। গ্ৰন্থখনে ২০০২ চনত সমালোচনা শিতানত সাহিত্য অকাদেমি বঁটা লাভ কৰে।
-
মা (ৰুছ উপন্যাস)
মা বা মাডাৰ (The Mother) হ'ল ৰুছ ভাষাত ৰচিত এখন উপন্যাস। এই উপন্যাস মেক্সিম গৰ্কীৰ দ্বাৰা ৰচিত। মা উপন্যাসৰ বিষয় মূলতঃ আন্দোলনকাৰী কলঘৰ কৰ্মীৰ বিষয়ে। এই উপন্যাস পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে, আৰু কিছু চলচ্চিত্ৰও এই উপন্যাসৰ দ্বাৰা প্ৰভাৱিত।
-
মানবজমিন (উপন্যাস)
মানবজমিন হ'ল ভাৰতীয় বাঙালী লেখক শীৰ্ষেন্দু মুখোপাধ্যায়ৰদ্বাৰা ৰচিত আৰু ১৯৮৮ চনত প্ৰকাশিত এখন উপন্যাস। উপন্যাসখন গ্ৰন্থাকাৰে প্ৰকাশ হোৱাৰ পূৰ্বে দেশ আলোচনীত প্ৰকাশিত হৈছিল। পৰৱৰ্তী কালত ১৯৮৮ চনৰ আগষ্ট মাহত কলকাতাৰ আনন্দ পাব্লিচাৰ্ছে ইয়াক কিতাপ আকাৰে প্ৰকাশ কৰে।
-
মান্দালয় (গ্ৰন্থ)
মান্দালয় হৈছে লেখক-সাংবাদিক মৃণাল তালুকদাৰৰ এখন উল্লেখযোগ্য গ্ৰন্থ। অসমৰ গঁড়ৰ খড়্গৰ বজাৰ আৰু চোৰাংচিকাৰীৰ আতিগুৰি বিচাৰি লেখকে বিভিন্ন ঠাই ঘূৰিছে আৰু ভ্ৰমণৰ যোগেদি হোৱা অভিজ্ঞতাসমূহৰ পৰা বিষয়টোৰ ওপৰত এক বিশ্লেষণ কিতাপখনত দাঙি ধৰিছে।
-
মিলেনিয়ামৰ সপোন (গ্ৰন্থ)
মিলেনিয়ামৰ সপোন (Millennimar Sapon) হৈছে অসমীয়া সাহিত্যিক আৰু গল্পকাৰ অৰূপা পটংগীয়া কলিতাৰ এখনি গল্পপুথি৷ ২০০২ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত গ্ৰন্থখন ২০১৯ চনত কেঁচাবন্ধা ৰূপত দ্বিতীয়বাৰৰ বাবে প্ৰকাশিত হয়৷ গ্ৰন্থখনিত মুঠ বাৰটা গল্প সন্নিৱিষ্ট হৈছে৷ গ্ৰন্থখন তেখেতে পিতৃ শৈলেন্দ্ৰনাথ পটংগীয়ালৈ…
-
মুসাসা ভাষা
মুসাসা (উচ্চাৰিত মুচাচা) এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ নেপালত ব্যৱহৃত। ই পূৰ্বী ভাৰতীয়-আৰ্য গোটৰো বিহাৰী উপ-গোটৰ অংশ। এই ভাষা ঘাইকৈ জনকপুৰ, কোশী আৰু সাগৰমথা অঞ্চলত ব্যৱহাৰ কৰা হয়। মুসাহাৰ জাতৰ লোকে ঘাইকৈ এই ভাষা ব্যৱহাৰ কৰে।
-
মেইতেই লোককথা
মেইতেই লোককথা হৈছে ভাৰতৰ মণিপুৰৰ মেইটেই জনগোষ্ঠীৰ লোককথা আৰু পৌৰাণিক কাহিনী। এনে লোককথা পৰম্পৰাগতভাৱে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি থাকে। বৰ্তমান মণিপুৰ চৰকাৰে মেইটেই জনগোষ্ঠীৰ লোককথা সংৰক্ষণৰ পৰিকল্পনা কৰিছে, যিটো চৰকাৰী শিক্ষানুষ্ঠানত প্ৰাথমিক শিক্ষাৰ জৰিয়তে কাৰ্যকৰী হ’ব।
-
মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ
মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ (Mora hridaya ekhana yuddhakshetra) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন আত্মজীৱনী। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে। ২০০৬ চনত প্ৰকাশ হোৱা নতুন সংস্কৰণৰ পুনৰ্মুদ্ৰণ কৰা হয় ২০০৯ চনত।
-
যোগী ভাষা
যোগী ভাষা হ'ল ভাৰত আৰু পাকিস্তানৰ যোগী সম্প্ৰদায়ৰ কিছুসংখ্যক ব্যক্তিয়ে কোৱা ভাৰত-আৰ্য ভাষা৷ সাধাৰণতে এই ভাষাটোক মাৰোৱাৰীৰ উপভাষা বুলি গণ্য কৰা হয়, কিন্তু এই ভাষাৰ সৰ্বনামবোৰ মাৰোৱাৰী ভাষাতকৈ সুকীয়া হয়।
-
লম্বাড়ী ভাষা
লম্বাড়ী (লম্বানি, লামাণী অথবা বাঞ্জাৰী, ) হৈছে এটা পশ্চিমী ইন্দো-আৰ্য ভাষা, যাক বাঞ্জাৰা জনগোষ্ঠীয়ে ভাৰতৰ বিভিন্ন অংশত ব্যৱহাৰ কৰে। এই ভাষাটোৰ নিজা কোনো স্থানীয় লিপি নাই।
-
লাঙল
লাঙল (Langal) হ'ল কুৰি শতিকাৰ আৰম্ভণিতে কলকাতাৰপৰা প্ৰকাশিত বাঁওপন্থী সাহিত্য আলোচনী। ইয়াৰ সম্পাদনা কৰিছিল কাজী নজৰুল ইছলামে।
-
লাচিত বৰফুকন (গ্ৰন্থ)
লাচিত বৰফুকন (ইংৰাজী: Lachit Borphukan) হৈছে ড° সূৰ্যকুমাৰ ভূঞাই অসমীয়া ভাষাত লিখা লাচিত বৰফুকনৰ জীৱনী। কিতাপখন ১৯৭৯ চনত অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰি উলিয়াইছিল। ২০১০ চনলৈকে কিতাপখনৰ মুঠ ৭টা সংস্কৰণ প্ৰকাশ পাইছে।
-
লিংগুয়া ফ্ৰাংকা নোভা
লিংগুয়া ফ্ৰাংকা নোভা, মূলতঃ পেনচিলভেনিয়াৰ শ্বিপেন্সবাৰ্গ বিশ্ববিদ্যালয়ৰ চি জৰ্জ ব'ৰীয়ে নিৰ্মাণ কৰা আৰু ইয়াৰ বহু ব্যৱহাৰকাৰীয়ে বিকশিত কৰা এটা সহায়ক ভাষা। ইয়াৰ শব্দভাণ্ডাৰ ফৰাচী, ইটালীয়, পৰ্তুগীজ, স্পেনিছ, আৰু কাটালান আদি ৰোমান ভাষাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে।
-
শংখনিনাদ
শংখনিনাদ হৈছে মনালিছা শইকীয়া ৰ দ্বাৰা ৰচিত পঞ্চমখন উপন্যাস। অসম আন্দোলনৰ পটভূমিত ৰচিত শংখনিনাদ এখন উল্লেখযোগ্য গ্ৰন্থ। আশীৰ দশকত অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ ছবি আৰু নব্বৈৰ দশকত অসমৰ সমাজ জীৱনলৈ নামি অহা বিভিন্ন বিপৰ্যয় সাম্প্ৰতিক সময়ৰ এগৰাকী তৰুণীৰ দৃষ্টিৰে উপন্যাসখনত লেখিকাই দাঙি ধৰিছে।
-
শাৰদা (মালয়ালম ভাষাৰ মহিলা আলোচনী)
শাৰদা (Sharada (Malayalam women's magazine)) হ'ল কেৰালাৰ পৰা প্ৰকাশ পোৱা দ্বিতীয়খন মালয়ালম ভাষাৰ মহিলা আলোচনী ১৯০৪ চনৰ নৱেম্বৰ মাহত কোচিৰ থ্ৰিপুনিথুৰাৰ পৰা ইয়াৰ প্ৰকাশ আৰম্ভ হয়। শাৰদা সম্পাদনা কৰিছিল বি কল্যানী আম্মা, টি.চি. কল্যানী আম্মা আৰু টি আম্মুকুট্টী আম্মাই।
-
শিক্ষা (গ্ৰন্থ)
শিক্ষা (ইংৰাজী: Shiksha) (২০২২) দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মনীষ সিসোদিয়াৰ মূল ইংৰাজী গ্ৰন্থ শিক্ষা(Shiksha)ৰ প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে কৰা অসমীয়া অনুবাদ। গ্ৰন্থখনত লেখকে দিল্লীৰ শিক্ষামন্ৰী হিচাপে লাভ কৰা অভিজ্ঞতা বৰ্ণনা কৰিছে।