অমৃত মন্থন শংকৰদেৱ বিৰচিত এটি উপখ্যান৷ উপাখ্যানত দুৰ্বাসাৰ অভিশাপত শ্ৰীহীন ইন্দ্ৰকে আদি কৰি দেৱতাসকল দৈত্যৰাজ বলিৰ দ্বাৰা পৰাজিত হোৱা আৰু দৈত্যগণে অমৰত্ব পাবলৈ বিষ্ণুৰ পৰামৰ্শমতে ক্ষীৰ সমুদ্ৰ মন্থন কৰা, মন্দৰ পৰ্বত উভাৰি অনা আদিৰ সৰস বৰ্ণনাৰে সমৃদ্ধ। শিৱই দিব্যকন্যা লক্ষ্মীক দেখি কামনাত জৰ্জৰিত হৈ কাণ্ডজ্ঞান হেৰুৱা এক অৱস্থাৰ চিত্ৰণে উপাখ্যানটিত শৃংগাৰ ৰসৰ পতন ঘটাই হাস্যৰসৰো আমোদ দিছে৷১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমৃত মন্থন” প্ৰবন্ধৰ সংশোধন ৪৭৬১৩২ (১২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।