হিণ্ডূৰী (বা হণ্ডূৰী) এটি পশ্চিমীয়া পাহাড়ী ভাষা যি ভাৰতীয়-আৰ্য ভাষা পৰিয়ালৰ এটি উপ-গোট।১ এই ভাষা মুখ্যতঃ ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যত ব্যৱহাৰ কৰা হয়।
লিপি

স্থিতি
এই ভাষাক প্ৰায় পাহাড়ী বা হিমাচলী বুলিও অভিহিত কৰা হয়। কোনো কোনোৱে ইয়াক পঞ্জাবী ভাষা বা ডোগৰী ভাষাৰ উপ-ভাষাও গণ্য কৰে। ইউনেস্ক'ৰ মতে, এই ভাষা বিষমভাৱে লুপ্তপ্ৰায় শাখাৰ অন্তৰ্ভুক্ত, যাৰ অৰ্থ হ'ল এই ভাষা কোৱা আতাইতকৈ কম বয়সীয়া লোক বৰ্তমাতে ককাক-বা আইতাক আৰু তেওঁলোকেও কেতিয়াবা কেতিয়াবাহে বা আংশিকভাৱেহে এই ভাষা কয়।২
২০১০ চনত হিমাচল প্ৰদেশৰ বিধান সভাত এই দাবী তুলি ধৰা হৈছিল যে ভাৰতৰ সংবিধানৰ অষ্ট অনুসূচীত 'পাহাড়ী (হিমাচলী)' অন্তৰ্ভুক্ত কৰা উচিত, যি কেইবাটাও হিমাচলী পাহাড়ী ভাষাক একেলগে প্ৰতিনিধিত্ব কৰিব।৩ তাৰ পাছত এই দিশত কোনো কথা আগবঢ়া দেখা যোৱা নাই, যদিও অনেক সৰু সৰু সংগঠনে এই ভাষাক বচোৱাৰ চেষ্টা চলাই আহিছে।৪ ৰাজনৈতিক কাৰণত এই ভাষাক বৰ্তমানে হিন্দী ভাষাৰ উপ-ভাষা বুলি নথিভুক্ত কৰা হয়, যদিও হিন্দীভাষী আৰু হিণ্ডূৰীভাষী লোকে সহজে ইজনে সিজনৰ কথা বুজিব নোৱাৰে।৫
তথ্যসূত্ৰ
- ↑ Linguistic Survey Of India (Volume 9, Part 4). পৃ. 586-592
- ↑ (15 April 2011). Endangered Language
- ↑ https://zeenews.india.com/news/himachal-pradesh/hp-for-inclusion-of-pahari-language-in-eighth-schedule_615857.html
- ↑ https://www.thestatesman.com/cities/demand-for-pahari-as-language-in-8th-schedule-of-constitution-1479046804.html
- ↑ Indian Language Census
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিণ্ডূৰী ভাষা” প্ৰবন্ধৰ সংশোধন ৩৯২৪৪৬ (১৮ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।