আধুনিক অসমীয়া কবিতা-মঞ্জৰী হৈছে লেখক, অধ্যাপক ড॰ নগেন শইকীয়াই সম্পাদনা কৰা অসমীয়া কবিতাৰ সংকলন বিষয়ক এখন গ্ৰন্থ। গ্ৰন্থখন প্ৰথমে ১৯৯৬ চনত বনলতা প্ৰকাশনে প্ৰকাশ কৰে। গ্ৰন্থখনৰ আগকথাৰ শিৰোনাম- আধুনিকতাবাদ আৰু আধুনিক অসমীয়া কবিতা। গ্ৰন্থখনত সন্নিৱিষ্ট কবিসকলৰ নাম হৈছে ক্ৰমে- নৱকান্ত বৰুৱা, মহিম বৰা, কেশৱ মহন্ত, অজিৎ বৰুৱা, মহেন্দ্ৰ বৰা, হীৰেন ভট্টাচাৰ্য, নিৰ্মলপ্ৰভা বৰদলৈ, ৰাম গগৈ, নীলমণি ফুকন, ভৱেন বৰুৱা, হৰেকৃষ্ণ ডেকা।১
তথ্যসূত্ৰ
- ↑ নগেন শইকীয়া. আধুনিক অসমীয়া কবিতা-মঞ্জৰী. বনলতা. পৃ. আগকথা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আধুনিক অসমীয়া কবিতা-মঞ্জৰী (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ২৬৪৮৪২ (২৫ ফেব্ৰুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।