অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আজিও আহিছিল অৰণ্যখন

আজিও আহিছিল অৰণ্যখন (ইংৰাজী: Ajio Ahisil Aranyakhan) অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ এখন সংকলন৷ সংকলনখনৰ কবি সত্যজিৎ গগৈ৷

হালনাগাদ: ২১ ছেপ্তেম্বৰ ২০২৫ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

আজিও আহিছিল অৰণ্যখন (ইংৰাজী: Ajio Ahisil Aranyakhan) অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ এখন সংকলন৷ সংকলনখনৰ কবি সত্যজিৎ গগৈ৷১

বিষয়বস্তু

সংকলনটিত মুঠ পইত্ৰিছটা পাৰিপাৰ্শ্বিক কবিতা অন্তৰ্ভুক্ত হৈছে৷ কবিতাসমূহত জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি, বনাঞ্চল ধ্বংস আদি বিভিন্ন পাৰিপাৰ্শ্বিক সমস্যাই স্থান পাইছে৷২১ কবি প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে সংকলনটিৰ কবিতাখিনিৰ আলোচনা প্ৰসংগত কৈছে, “এগৰাকী পৰিৱেশ সুৰক্ষা কৰ্মীৰ দৰেই তেওঁ নিজৰ চৌপাশৰ জগতখনক চায় আৰু চকুত পৰা বিসংগতিবোৰৰ বিষয়ে পাঠকক সচেতন কৰিব বিচাৰে৷”৩

কবিৰ পৰিচয়

সত্যজিৎ গগৈ এগৰাকী অসমীয়া কবি আৰু তথ্যচিত্ৰ নিৰ্মাতা৷ তেওঁৰ কবিতা গৰীয়সী, প্ৰান্তিক, মিউজ ইণ্ডিয়া, পয়েট্ৰী উইডাউট ফীয়াৰ আদি আলোচনীত প্ৰকাশ পাইছে৷ এইখন তেওঁৰ তৃতীয় কবিতা-সংকলন৷৪১

প্ৰকাশন ইতিহাস

চল্লিছ পৃষ্ঠাৰ কবিতা-সংকলনটি ২੦২৪ চনত প্ৰকাশ পায়৷ প্ৰকাশক পি ডব্লিউ এফ৷১

মূল্যায়ন

সংকলনটিৰ ব্লাৰ্বত ক্ৰমে সমালোচক আনন্দ বৰমুদৈ আৰু কবি নীলিম কুমাৰৰ মন্তব্য সন্নিৱিষ্ট হৈছে৷ বৰমুদৈয়ে তেওঁৰ মন্তব্যত গগৈৰ কবিতা চিত্ৰকল্পবাদী বুলি কৈছে৷১ নীলিম কুমাৰে তেওঁৰ মন্তব্যত প্ৰকৃতিৰ সংকট আৰু মানুহৰ অকল্পনীয় নিৰ্দয়তাৰ বিপৰীতে গগৈৰ কবিতাক সৎ কাব্য ভাবনাৰ নিদৰ্শন বুলি কৈছে৷১ চেনীৰাম গগৈয়ে সত্যজিৎ গগৈৰ কবিতাবোৰ “সহজ, থলুৱা আৰু পোনপটীয়া” বুলি কৈছে৷২

তথ্যসূত্ৰ

  1. ↑ আজিও আহিছিল অৰণ্যখন, সত্যজিৎ গগৈ, ২੦২৪, পি ডব্লিউ এফ, ISBN 978-81-975772-2-2
  2. ↑ poetrywithoutfear.com/book-review-pariparshik-bi
  3. ↑ ‘সাম্প্ৰতিক অসীমায় কবিতাত পাৰিপাৰ্শ্বিক চেতনা’, প্ৰকল্প ৰঞ্জন ভাগৱতী, অসমীয়া খবৰ, পৃষ্ঠা ৫, ৭ মাৰ্চ, ২੦২৫, গুৱাহাটী৷
  4. ↑ museindia.com/Museindia/ViewAuthorsProfile

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থকবিতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজিও আহিছিল অৰণ্যখন” প্ৰবন্ধৰ সংশোধন ৫৩৯৫৮৪ (২১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।