সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা অসমৰ ভাষা, সাহিত্য, সংস্কৃতিলৈ অৱদান আগবঢ়োৱা ব্যক্তিলৈ সন্মান জনাই আগবঢ়োৱা এক বঁটা১৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি ২০১৪ চনৰ পৰা পণ্ডিত শশীচন্দ্ৰ বৰবৰুৰা ন্যাসে এই বঁটাৰ প্ৰৱৰ্ত্তন কৰে৷ এই বঁটাৰ সৈতে আছে নগদ ২ লাখ টকা, প্ৰশস্তি পত্ৰ, স্মাৰক আৰু কিতাপৰ টোপোলা৷১২
২০১৪ চনৰ এই বঁটা মৰোণোত্তৰভাৱে ৰাধাগোবিন্দ বৰুৱা আৰু আছাম ট্ৰিবিউন গোষ্ঠীক প্ৰদান কৰা হয়৷১২
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা বিজয়ী
| ক্ৰমিক নং | চন | ব্যক্তিৰ নাম |
| ১ | ২০১৪ | ৰাধাগোবিন্দ বৰুৱা আৰু আছাম ট্ৰিবিউন গোষ্ঠী |
তথ্যসূত্ৰ
- ↑ (২৭ মাৰ্চ, ২০১৪). দৈনিক অসম কাকতত প্ৰকাশিত বাতৰি
- ↑ (২৭ মাৰ্চ, ২০১৪). আমাৰ অসম কাকতত প্ৰকাশিত বাতৰি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা” প্ৰবন্ধৰ সংশোধন ৩৮৫৯৫৮ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।