ৰেণ্ডম ৰিফ্লেকশ্যনছ্(Random Reflections) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন ইংৰাজী প্ৰবন্ধৰ সংকলন। আঁক-বাক প্ৰকাশনৰ পৰা ২০১৬ চনৰ নৱেম্বৰত প্ৰথম প্ৰকাশ পোৱা গ্ৰন্থখনৰ মূল্য দুশ টকা। পিতৃ-মাতৃলৈ কিতাপখন উছৰ্গা কৰি লেখকে এনেদৰে লিখিছে,"for my parents who are no more...Banalata Bora and Bharat Chandra Bora।" ১
বিৱৰণ
কিতাপখনত মুঠ ২৪টা প্ৰবন্ধ আছে।১ প্ৰবন্ধসমূহ হৈছে-
- How periphery can enrich mainland
- Attitude and development
- Counter narrative as metaphor
- Whither our literary world
- Slutwalk: Will it transcend symbolism?
- Agriculture in Assam: Perennially wait-listed?
- Facebook and Sankaradeva
- Asom Sahitya Sabha: A few questions
- when unremitting emotional outpouring ebb...
- Obituary of indifference
- Inclusive development as the master narrative
- Bezbaroa on Sankaradeva
- When rhetoric reigns supreme...
- Bonhomie at border
- Appropriating Ambedkar, denigrating Dalit
- When perception collides with reality
- Tragic trend among teenagers
- Enchanting Egypt
- That night in Cairo
- A river through time
- Monsoon idyll
- Scintillating Singapore
- What an encounter!
- The sound of Silence
লেখকৰ পৰিচয়
মূল প্ৰবন্ধ: ময়ূৰ বৰা
ময়ূৰ বৰা হৈছে এজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) লেখক আৰু সমালোচক। একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰাৰ। ২তেখেতে ২০১৮ চনলৈকে ১৪খন গ্ৰন্থ ৰচনা কৰে।৩ ইয়াৰে দুখন গ্ৰন্থ ইংৰাজী ভাষাত ৰচনা কৰা। তেওঁ ইংৰাজীলৈ এখন গল্প সংকলনো অনুবাদ কৰিছে। ধৰ্মীয় আৰু সামাজিক দিশত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিবাদ প্ৰথা, আৰু সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতি আদি তেওঁৰ লেখাৰ মূল বিষয়বস্তু। প্ৰথাগত চিন্তা আৰু ধাৰণাৰ বিৰুদ্ধে যুক্তিনিষ্ঠ প্ৰশ্ন উত্থাপন, জাতিৰ ঐতিহ্যৰ প্ৰতি দায়বদ্ধতা৪ আৰু ঐতিহাসিক সমলৰ সন্ধান আদি বৈশিষ্ট্যবোৰো ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি।২বৰ্তমানলৈকে তেওঁ সৰ্বমুঠ ১৬খন গ্ৰন্থৰ লেখক।৫
লগতে চাওক
তথ্যসূত্ৰ
- ↑ ময়ূৰ বৰা. (নৱেম্বৰ,২০১৬). Random Reflections. আঁক-বাক. ISBN 978-93-85934-18-6
- ↑ সম্পাদনা-ডিম্পল চমুৱা. (2015-16). নৰ্থ লখিমপুৰ কলেজ আলোচনী. পৃ. 95
- ↑ Meet Mayur Bora- the acclaimed writer with 14 books to his credit. Guwahati Plus
- ↑ (10 dec, 2017). বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ উন্মোচন. North east now
- ↑ বৰা, ময়ূৰ. (২০২০). কিছু ইতিবাচক চিন্তাৰে ময়ূৰ বৰা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেণ্ডম ৰিফ্লেকশ্যনছ্” প্ৰবন্ধৰ সংশোধন ২৯৯৫১৪ (২২ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।