অনাদি পাতন পদবন্ধে ৰচিত শংকৰদেৱ সৃষ্ট এখনি সাহিত্য৷ এই পুথিখন ৰচোঁতাই শ্ৰীমদ্ভগৱতগীতাৰ তৃতীয় স্কন্ধৰ আলমত ৰচনা কৰিছে৷ পুথিখন ভাগৱতৰ কাহিনীৰ লগতে বামন পুৰাণৰ কথাৰো উল্লেখ আছে৷ লেখকে নিজেই “বামন পুৰাণৰ কিছু মিশ্ৰ দিলোঁ তাত’’ বুলি স্বীকাৰ কৰি গৈছে৷১ অনাদি পাতন' পুথিখন এখন বৃহৎ শাস্ত্ৰ আৰু ইয়াত প্ৰায় ৩০০-ৰো অধিক পদ আছে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনাদি পাতন” প্ৰবন্ধৰ সংশোধন ৬০১৫৫৫ (১৯ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।