আন্না কাৰেনিনা (Anna Karenina) ৰুচ লেখক লেৱ তলস্ত’য়ৰ প্ৰখ্যাত উপন্যাস। দ্য ৰাচিয়ান মেচেঞ্জাৰত ১৮৭৩ চনৰ পৰা ১৮৭৭ চনলৈ এইখন ধাৰাবাহিক ৰূপত প্ৰকাশ পাইছিল। গ্ৰন্থ আকাৰে প্ৰকাশ পায় ১৮৭৮ চনত। বহু লেখকে এই উপন্যাসখনক এতিয়ালৈকে লিখিত শ্ৰেষ্ঠ সাহিত্যকৰ্মবোৰৰ অন্যতম বুলি গণ্য কৰে আৰু টলষ্টয়ে নিজেও এইখনক তেওঁৰ প্ৰথম সঁচা উপন্যাস বুলি আখ্যায়িত কৰিছিল।১২
অনুবাদ আৰু প্ৰকাশৰ ওপৰত নিৰ্ভৰ কৰি আন্না কাৰেনিনা ৮০০ পৃষ্টাতকৈও অধিক বিস্তৃত এখন বৃহৎ উপন্যাস আৰু সাধাৰণতে দুটা খণ্ডত প্ৰকাশ পায়। এডজনতকৈও অধিক প্ৰধান চৰিত্ৰ থকা ই এখন জটিল উপন্যাস। ই বিশ্বাসঘাতকতা, আস্থা, পৰিয়াল, বিবাহ, ইম্পেৰিয়েল ৰাছিয়ান সমাজ, আকাংক্ষা আৰু গ্ৰাম্য বনাম চহৰজীৱন আদি বিষয়বস্তুৰ সৈতে সম্পৰ্কিত। আন্না আৰু তজবজীয়া, আকৰ্ষণীয় অশ্বাৰোহী বিষয়া কাউণ্ট এলেক্সি কিৰিলোভিচ ব্ৰ’নস্কিৰ মাজত বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ওপৰত উপন্যাসখনৰ কাহিনী কেন্দ্ৰীভূত হৈছে যি ছেইণ্ট পিটাৰ্ছবাৰ্গৰ সমাজখনক কলুষিত কৰে আৰু যুৱ প্ৰেমিকদ্বয়ে সুখৰ সন্ধানত ইটালীলৈ পলাই যাবলৈ বাধ্য হয়; কিন্তু তেওঁলোক ৰাছিয়ালৈ উভতি অহাৰ পিছত তেওঁলোকৰ জীৱনৰ পাকবোৰ উন্মোচিত হবলৈ ধৰে।
তথ্যসূত্ৰ
- ↑ McCrum, Robert. (4 March 2007). Can I make up my own mind?. TheGuardian.com
- ↑ Todd, William M. III (2003). “Anna on the Installment Plan: Teaching Anna Karenina through the History of Its Serial Publication,” Approaches to Teaching Tolstoy’s “Anna Karenina,” ed. Liza Knapp and Amy Mandeleker, New York: Modern Language Assoc. of America, p. 55
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্না কাৰেনিনা” প্ৰবন্ধৰ সংশোধন ৩১২৪৫১ (১ ফেব্ৰুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।