অসমৰ লোক-সাহিত্যৰ ৰূপৰেখা হৈছে অসমীয়া ভাষাত ৰচিত আৰু অসমীয়া সাহিত্যিক-বুৰঞ্জীবিদ ড॰ লীলা গগৈৰ দ্বাৰা লিখিত এখনি গ্ৰন্থ। ১৯৬৮ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা গ্ৰন্থখনত প্ৰধানকৈ অসমৰ লোক-সাহিত্যৰ লগত জড়িত নানানটা বৈচিত্ৰ্যময় উপাদানৰ বিস্তৃত বিৱৰণ সন্নিৱিষ্ট হৈছে।১
গ্ৰন্থকাৰৰ চমু পৰিচয়
মূল প্ৰবন্ধ: লীলা গগৈ
ড॰ লীলা গগৈ (১৯৩০-১৯৯৪) অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ। লীলা গগৈ অসম সাহিত্য সভাৰ সম্পাদক, উপ-সভাপতি, কাৰ্যনিৰ্বাহকৰ সদস্য, অসম প্ৰকাশন পৰিষদৰ সদস্য, সৰ্বভাৰতীয় পাঠ্যপুথি প্ৰণয়ন আৰু কাৰ্যকৰী সমিতিৰ সদস্য, সৰ্বভাৰতীয় পৰিভাষা প্ৰণয়ন সমিতিৰ সদস্য, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ সঞ্চালক আছিল। ১৯৯৪ চনত অসম সাহিত্য সভাৰ মৰিগাঁও বাৰ্ষিক অধিবেশনত সভাপতিত্ব কৰিছিল।
গ্ৰন্থৰ চমু বিৱৰণ
ড॰ লীলা গগৈয়ে এইখন গ্ৰন্থত মন্ত্ৰ সাহিত্য, সাঁথৰ, ডাকৰ বচন, ফকৰা যোজনা, পটন্তৰ, বিয়া নাম, দেহ বিচাৰৰ গীত, আইনাম, লখিমী সবাহৰ নাম, মালিতা-বেলাড, নাহৰৰ গীত, মণিৰাম দেৱানৰ গীত, জনা গাভৰুৰ গীতকে ধৰি অনেক লোক সাহিত্যৰ উপাদান সন্নিৱিষ্ট কৰিছে।১
তথ্যসূত্ৰ
- ↑ শান্তনু কৌশিক বৰুৱা. অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৫৯৫. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা” প্ৰবন্ধৰ সংশোধন ২৫০৩৫৩ (২৪ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।