আধুনিক যুগৰ জন্ম কাহিনী (Aadhunik Jugor Jonmo-Kahini) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন গদ্য ৰচনা। গ্ৰন্থখন প্ৰথম ১৯৮৯ চনৰ জানুৱাৰী মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়। গ্ৰন্থখন লেখক বৰগোহাঞিয়ে তেখেতৰ দুই পুত্ৰ অনিন্দ্য আৰু প্ৰদীপ্তলৈ আগবঢ়াইছে।১
বিৱৰণ
কিতাপখনত এক, দুইকৈ মুঠ চৈধ্যটা অধ্যায়ত লেখকে আধুনিক যুগৰ আৰম্ভণিৰ বিষয়ে বৰ্ণনা কৰি গৈছে।১ এইখন গ্ৰন্থত লেখকে ইউৰোপীয় নৱজাগৰণৰ ইতিহাস থুলমূলকৈ কিন্তু মনোগ্ৰাহী ভাষাত আলোচনা কৰিছে। ইউৰোপীয় নৱজাগৰণৰ বৈশিষ্ট্য ব্যাখ্যা কৰোঁতে তেখেতে লিখিছিল যে এই নৱজাগৰণৰ এক অন্যতম লক্ষ্য আছিল মানুহৰ বহুমুখী প্ৰতিভাৰ বিকাশ ঘটাই মানুহক পূৰ্ণ মানৱত পৰিণত কৰা-যি ধৰণৰ পূৰ্ণ মানুহ আছিল লিঅ'নাৰ্ডো ডা ভিন্সি।২
অন্যান্য
এই কিতাপখন ১৯৮৯-৯০ চনত অসমৰ মাধ্যমিক শিক্ষা পৰিষদৰ অন্তৰ্গত অসমীয়া মাধ্যমৰ হাইস্কুলত সমূহত অসমীয়া বিষয়ৰ দ্ৰুতপাঠ হিচাপে অনুমোদন কৰা হৈছিল।২
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি
অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।৩ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৪
লগতে চাওক
- আত্ম দীপো ভৱ
- কিতাপ পঢ়াৰ আনন্দ
- অন্তহীন প্ৰেৰণা
- উচ্চাকাংক্ষা
- মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ
- অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ
তথ্যসূত্ৰ
- ↑ হোমেন বৰগোহাঞি. (ছেপ্তেম্বৰ,২০১৪). আধুনিক যুগৰ জন্ম কাহিনী. শ্ৰী অজয় কুমাৰ দত্ত
- ↑ ডঃ চুলতান আলী আহমেদ. (১৮ মে',২০২১). অসমৰ সমাজ জীৱনলৈ হোমেন বৰগোহাঞিৰ বহুমুখী অৱদান. নিয়মীয়া বাৰ্তা. পৃ. ৭
- ↑ Sahitya Akademi Official website
- ↑ Desk, Digital. (12 May 2021). Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam. News Live TV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আধুনিক যুগৰ জন্ম কাহিনী” প্ৰবন্ধৰ সংশোধন ৩৮৪৭৫৬ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।