ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
আসাম বুৰঞ্জী
আসাম বুৰঞ্জী (Assam Buranji) হৈছে অসমৰ সাহিত্যিক, প্ৰবন্ধকাৰ, নাট্যকাৰ, বুৰঞ্জীবিদ গুণাভিৰাম বৰুৱায়ে যুগুতোৱা এখনি বুৰঞ্জী। গ্ৰন্থখনত প্ৰাচীন কালৰ অসমৰ পৰা আৰম্ভ কৰি ইংৰাজৰ শাসন পৰ্যন্ত ঘটনাৱলী বৰ্ণিত হৈছে। গ্ৰন্থখন ১৮৮৪ চনত প্ৰকাশিত হৈছিল।
-
উপভাষা বিজ্ঞান
উপভাষা-বিজ্ঞান অসমীয়া আধুনিক ভাষাবিদ ড॰ দীপঙ্কৰ মৰলৰ এখন উপভাষা বিষয়ক গ্ৰন্থ। ১৯৯১ চনত প্ৰকাশিত অসমীয়া ভাষাত লিখা উপভাষা বিষয়ক এইখন প্ৰথম গ্ৰন্থ। এই গ্ৰন্থখন ১৯৯১ চনত ষ্টুডেণ্টচ্ ষ্ট’ৰচে প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত এই গ্ৰন্থখনৰ তৃতীয় পৰিৱৰ্ধিত সংস্কৰণটি বনলতা প্ৰকাশনে ২০০৭ চনত প্ৰকাশ কৰে।
-
উপস্কাৰ
ভাৰতীয় দৰ্শনত উপস্কাৰ ভাৰতীয় দাৰ্শনিক কণাদৰ বৈশেষিক সূত্ৰৰ এক ধাৰাবাহিক। ইয়াক সংস্কৃত ভাষাত ৰচনা কৰিছিল মিথিলাৰ ভাৰতীয় দাৰ্শনিক শংকৰ মিশ্ৰই।
-
উশ্ব'জি ভাষা
উশ্ব'জি (এই ভাষা কোৱা লোকে নিজৰ ভাষাক উশ্ব'জ বোলে) এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি পাকিস্তানৰ খাইবৰ-পখটুনখোৱা প্ৰান্তৰ কোহিস্তান আৰু স্বাট জিলাত মুখ্যতঃ ব্যৱহাৰ কৰা হয়।
-
এক ধীমানৰ আত্মজীৱনী
এক ধীমানৰ আত্মজীৱনী (Diary of A Genius) চালভাড' ডালিৰ আত্মজীৱনী। গ্ৰন্থখনৰ অসমীয়া অনুবাদ কৰিছে মৌচুমী কন্দলীয়ে। ২০০২ চনৰপৰা ২০০৪ চনলৈকে এই গ্ৰন্থখনৰ লেখাখিনি ধাৰাবাহিকভাৱে আজিৰ অসম কাকতত প্ৰকাশ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত ২০০৯ চনত গ্ৰন্থাকাৰে প্ৰকাশ কৰা হয়।
-
এৰি অহা দিনবোৰ
এৰি অহা দিনবোৰ (Eri Aha Dinbor) হৈছে অসমীয়া সাহিত্যিক আৰু কবি নলিনীবালা দেৱীৰ আত্মজীৱনী। ১৯৭৬ চনত তেখেতৰ এই আত্মজীৱনীখন প্ৰকাশিত হৈছিল। আত্মজীৱনীখনত তেখেতে শৈশৱ-কৈশোৰৰ সময়ৰ পৰা আৰম্ভ কৰি জীৱনৰ বিয়লি বেলালৈকে অৰ্জন কৰা অনেক অভিজ্ঞতা-উপলব্ধিৰ বৰ্ণনা কৰিছে।
-
কথা-ভাগৱত
কথা-ভাগৱত হৈছে ভট্টদেৱে অসমীয়া গদ্যত ভাঙনি কৰা ভাগৱত পুৰাণৰ অনুবাদ। খ্ৰীষ্টীয় ষোড়শ শতিকাত, অকল অসমেই নহয় সকলো প্ৰাদেশিক ভাষাতেই ধৰ্মশাস্ত্ৰ ভাঙনি পদবন্ধত হৈছিল, তেনে সময়তে বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্যক দামোদৰদেৱে স্ত্ৰী-শূদ্ৰ সকলোৰে সুবিধাৰ্থে গীতা, ভাগৱত আদি শাস্ত্ৰবোৰক গদ্যত ভাঙনি কৰিবলৈ…
-
কলকোটি ভাষা
কলকোটি বা গ'এডিজা এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি পাকিস্তানৰ উজনি ডিৰ জিলাৰ কলকোট অঞ্চলত মুখ্যতঃ ব্যৱহাৰ কৰা হয়।
-
কাকউইন ভৰতযোদ্ধা
কাকউইন ভৰতযোদ্ধা বা কাকৱিন ভৰতযোদ্ধা(Kakawin Bhāratayuddha) হৈছে এখন জাভানিজ কাব্য গ্ৰন্থ। মু ছেদাহ আৰু তেওঁৰ ভাতৃ মু পেনুলুহে মহাভাৰতৰ কিছুমান পৰ্বক জাভা কাব্যিক উপস্থাপনেৰে এই গ্ৰন্থখন ৰচনা কৰিছিল।
-
কাকলি (শিশু আলোচনী)
কাকলি অসমীয়া ভাষাত প্ৰকাশিত এখন শিশু আলোচনী। এই আলোচনীখন গুৱাহাটীৰ মালিগাঁৱৰ মালিগাওঁ বুক ষ্টলৰ পৰা ১৯৭৩ চনত প্ৰকাশিত হৈছিল। সম্পাদক আছিল ৰুচিনাথ শৰ্মা আৰু অশ্বিনীকুমাৰ শৰ্মা। কাকলি দুমহীয়া আলোচনী আছিল।
-
কুঁচিয়ানামা
কুঁচিয়ানামা হৈছে ২০২৩ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত অসমীয়া সাহিত্যিক সুপ্ৰকাশ ভূঞাৰ এখন চুটিগল্প সংকলন। গ্ৰন্থখন পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰা এইখন লেখকৰ দ্বিতীয়খন গল্প সংকলন। এই গ্ৰন্থখনৰ বাবে তেওঁ ২০২৫ চনৰ সাহিত্য অকাডেমিৰ যুৱ সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হয়।
-
কুমালী ভাষা
কুমালী, কুম্হালী বা কুম্বালে এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি নেপালৰ কুমাল লোকৰ দ্বাৰা ঘাইকৈ ব্যৱহৃত। এই গোষ্ঠীৰ জনসংখ্যা প্ৰায় ১২১০০০ যাৰ ১২০০০ লোকে কুমালী ভাষা কয়।
-
কুলাংগাৰ (গ্ৰন্থ)
কুলাংগাৰ (Kulangar) হৈছে পংকজ জ্যোতি মহন্ত ৰচিত এখন উপন্যাস। এইখন লেখকৰ প্ৰথমখন উপন্যাস। ২০২৩ চনৰ ডিচেম্বৰ মাহত গ্ৰন্থখন প্ৰথম প্ৰকাশ কৰে সঞ্জীৱন প্ৰকাশনে। গ্ৰন্থখনৰ প্ৰচ্ছদ GPT-4 এ আই সঁজুলিৰ সহায়ত ফটো লৈ লেখকৰ সম্পাদনাত প্ৰস্তুত কৰা হৈছে।
-
কৰতল কমল কমল দল নয়ন
কৰতল কমল কমল দল নয়ন হৈছে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত এটি ভক্তি বিষয়ক কবিতা। বিদ্যা শিক্ষা আৰম্ভ কৰিয়েই শঙ্কৰে অ-আ ক-খ শিকিয়েই এই কবিতাটো ৰচনা কৰি সকলোকে অভিভূত কৰে। তেওঁ ১২ বছৰ বয়সতে এই কবিতাটো লিখি উলিয়াইছিল।
-
কৰ্মকাৰ ভাষা
কৰ্মকাৰ বা কুৰ্মুকাৰ এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা। এই ভাষা অসমীয়া-বাঙালী উপগোটৰ অন্তৰ্গত, আৰু তাৰ ভিতৰতো ই অসমীয়াতকৈ বাংলা ভাষাৰহে অধিক নিকটৱৰ্তী। এই ভাষা ব্যৱহাৰ কৰা লোকে মুখ্যতঃ অসমৰ বৰপেটা, গোৱালপাৰা আৰু ধুবুৰী জিলা, পশ্চিমবংগ, ত্ৰিপুৰা আৰু মধ্য প্ৰদেশৰ কিছু কিছু অঞ্চলত বাস কৰে।
-
গজৰাজ প্ৰেম আৰু বন্দীত্ব
গজৰাজ প্ৰেম আৰু বন্দীত্ব হৈছে পূৰবী বৰমুদৈৰ দ্বাৰা ৰচিত এখন উপন্যাস। উপন্যাসখন প্ৰথম প্ৰকাশ পাইছিল ১৯৯৯ চনৰ অক্টোবৰ মাহত। এই উপন্যাসখনৰ বাবে লেখিকাই ২০০০ চনত বাসন্তী বৰদলৈ সাহিত্য বঁটা লাভ কৰে।
-
গিলকা মাচাডো
গিলকা মাচাডো ( Gilka Machado; ১৮৯৩–১৯৮০ চন) আছিল এগৰাকী ব্ৰাজিলৰ কবি আৰু ৰাজনৈতিক কৰ্মী। ব্ৰাজিলৰ কামোদ্দীপক কবিতা লিখা প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম হিচাপে তেওঁ পৰিচিত হৈছিল; তেওঁৰ কামক সাধাৰণতে প্ৰতীকী হিচাপে শ্ৰেণীভুক্ত কৰা হয়।
-
গৃহলক্ষ্মী (আলোচনী)
গৃহলক্ষ্মী হ'ল মাতৃভূমি গ্ৰুপৰ দ্বাৰা প্ৰকাশিত এখন পষেকীয়া ভাৰতীয় আলোচনী। ২০১৩ চনৰ ডিচেম্বৰ মাহলৈকে আই আৰ এছ জৰীপ ২০১৩ অনুসৰি প্ৰচলনৰ ভিত্তিত ই ভাৰতৰ পঞ্চম বৃহত্তম আঞ্চলিক আলোচনী, ইয়াৰ গড় যোগ্যতাসম্পন্ন বিক্ৰী ৮২৬,০০০ কপি।
-
গ্ল'বেল টাইমছ
গ্ল'বেল টাইমছ (simplified Chinese: 环球时报; traditional Chinese: 環球時報; pinyin: Huánqiú Shíbào) এক দৈনিক বাতৰি কাকত, পিপলছ ডেইলিৰ সৈতে সম্পৰ্কিত। ই সাম্যবাদী চীনা দৃষ্টিকোণেৰে আন্তঃৰ্জাতিক বাতৰি প্ৰকাশ কৰে৷
-
গ্ৰন্থচিহ্ন
গ্ৰন্থচিহ্ন বা বুকমাৰ্ক (Bookmark) হৈছে গ্ৰন্থ এখনৰ পৃষ্ঠা চিহ্নিত কৰিবলৈ ব্যৱহাৰ কৰা চামৰা, কাৰ্ড বা আন সামগ্ৰীৰ পটি। পঢ়ুৱৈৰ পঢ়ন-প্ৰগতিৰ হিচাপ ৰাখিবৰ বাবে আৰু এৰি থৈ যোৱা পৃষ্ঠাটো কম সময়ৰ ভিতৰতে বিচাৰি চাবৰ বাবে গ্ৰন্থচিহ্ন ব্যৱহৃত হয়।
-
গ্ৰন্থমেলা
গ্ৰন্থমেলাৰ সংজ্ঞা: গ্ৰন্থমেলা হ'ল এটা বাণিজ্যিক অনুষ্ঠান য'ত প্ৰকাশকে কিতাপ প্ৰদৰ্শন আৰু ব্যৱসায় কৰে। গ্ৰন্থ হ’ল আধুনিক যুগৰ আটাইতকৈ মহত্তম উপাদান। ছপাখানাৰ আৱিষ্কাৰৰ লগে লগে গ্ৰন্থৰ প্ৰচাৰ বাঢ়িবলৈ আৰম্ভ কৰে আৰু ইয়াৰ ফলত জ্ঞান-বিজ্ঞানৰ সীমা বিস্তৃত হ’বলৈ ধৰিলে।
-
চিৰ চেনেহী মোৰ ভাষা জননী
চিৰ চেনেহী মোৰ ভাষা জননী হৈছে অসম সাহিত্য সভাৰ আদৰণি গীত। ইয়াৰ ৰচক হ'ল সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া সাহিত্যিক সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত। যোৰহাটৰ প্ৰয়াত দৰ্পনাথ শৰ্মাই এই গীতৰ সুৰ তথা স্বৰলিপি ৰচনা কৰিছিল। অসম সাহিত্য সভাৰ অধিবেশনৰ সকলো অনুষ্ঠানৰ আৰম্ভণিতে এই গীত পৰিবেশন কৰা হয়।
-
ডাৱৰ আৰু নাই
ডাৱৰ আৰু নাই (Daawor aru Nai) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক যোগেশ দাসৰ দ্বাৰা লিখিত এখনি উপন্যাস। উপন্যাসখনৰ পটভূমি হৈছে দ্বিতীয় মহাযুদ্ধ। ১৯৫৫ চনত প্ৰকাশিত হোৱা গ্ৰন্থখন যোগেশ দাসৰ দ্বিতীয়খন উপন্যাস।
-
তুৰিয়া চান্দ বাস্কে
তুৰিয়া চান্দ বাস্কে (Turia Chand Baskey) এগৰাকী চাঁওতালি লেখক আৰু সম্পাদক। ২০২৩ চনত তেওঁ চাঁওতালি সাহিত্যৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে।
-
দস্যুৰাণী বিজুলী
দস্যুৰাণী বিজুলী অসমীয়া ৰহস্য সাহিত্যৰ কিছু থ্ৰিলাৰ উপন্যাসৰ সমষ্টি। এই ছিৰিজৰ লেখক হ'ল 'ঋতুৰাজ'। ঋতুৰাজ আছিল বসন্ত দাসৰ ছদ্মনাম। এই নামেৰে লিখা ছিৰিজটো প্ৰকাশ কৰিছিল 'পাহি প্ৰকাশে'।
-
দিলীপ ফুকন
দিলীপ ফুকন (ইংৰাজী: Dilip Phookan) (জন্ম: ১ আগষ্ট ১৯৫৫) অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট কবি, ঔপন্যাসিক আৰু সাহিত্য সমালোচক। তেখেতৰ জন্ম হয় বোকাখাতৰ কুৰুৱাবাহীত। বৰ্তমান তেখেত তেজপুৰৰ বাসিন্দা।
-
দ্য চাইনপ'ষ্ট
দ্য চাইনপ'ষ্ট (পূৰ্বতে দ্য ৱিকিপিডিয়া চাইনপ'ষ্ট) ইংৰাজী ৱিকিপিডিয়াৰ বাতৰি কাকত। ৱিকিপিডিয়া সমাজৰ দ্বাৰা চালিত এই অনলাইন সাপ্তাহিক বাতৰিকাকতখন ৱিকিপিডিয়াৰ সদস্যসকলৰ সহায়ত প্ৰকাশ কৰা হয়।
-
দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া (গ্ৰন্থ)
দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া (The Discovery of India) নামৰ গ্ৰন্থখন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে ১৯৪২-১৯৪৬ চনত আহমেদনগৰ দুৰ্গত তেওঁৰ কাৰাবাসৰ সময়ছোৱাত ৰচনা কৰিছিল আৰু তেওঁৰ পত্নী ৰুগ্ন কমলাকান্তৰ মৃত্যুৰ কাৰন দৰ্শাই।
-
দ্য ডেথ এণ্ড আফটাৰ লাইফ অৱ মহাত্মা গান্ধী
দ্য ডেথ এণ্ড আফটাৰ লাইফ অৱ মহাত্মা গান্ধী (The Death and Afterlife of Mahatma Gandhi) হ'ল ভাৰতীয় লেখক মকৰণ্ড পাৰাঞ্জপেই লিখা আৰু পেঙ্গুইন ৰেণ্ডম হাউচে প্ৰকাশ কৰা এখন বাস্তৱভিত্তিক কিতাপ। গান্ধীৰ হত্যাকাণ্ডক লৈ হোৱা বিশ্লেষণ আৰু হত্যাকাণ্ডৰ পিছৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি কিতাপখন লিখা হৈছে।
-
দ্য নৰ্থ ইষ্ট টাইমছ
দ্য নৰ্থ ইষ্ট টাইমছ (ইংৰাজী: The North East Times) হৈছে উত্তৰ-পূব ভাৰতত বিতৰণ কৰা এখন ইংৰাজী দৈনিক বাতৰি কাকত। ১৯৯০ চনৰ ২ অক্টোবৰত জি. এল. পাব্লিকেশ্যনছ লিমিটেডে এই কাকতখনি মুকলি কৰিছিল। এই বাতৰি কাকতখনৰ প্ৰচলন সংখ্যা প্ৰায় ১,১৩,০০০।