কাকউইন ভৰতযোদ্ধা বা কাকৱিন ভৰতযোদ্ধা(Kakawin Bhāratayuddha) হৈছে এখন জাভানিজ কাব্য গ্ৰন্থ। মু ছেদাহ আৰু তেওঁৰ ভাতৃ মু পেনুলুহে মহাভাৰতৰ কিছুমান পৰ্বক জাভা কাব্যিক উপস্থাপনেৰে এই গ্ৰন্থখন ৰচনা কৰিছিল।১ এই কামৰ আৰম্ভণি ঠিক ৬ নৱেম্বৰ ১১৫৭ ত ছেদাহৰ দ্বাৰা হৈছিল, আৰু পেনুলুহে এই গ্ৰন্থখনৰ কাম সমাপ্ত কৰিছিল।২ এটা বৰ্ষত সাংগ-কুড়া-সুধা-চন্দ্ৰমা এনেদৰে সময়পঞ্জী নিৰ্ধাৰিত কৰা হৈছে যত বৰ্ষটোৰ শক ১০৭৯। ভৰতযুদ্ধৰ অৰ্থ হৈছে "ভাৰতৰ যুদ্ধ।"১
কুৰু ক্ষেত্ৰত পাণ্ডৱ আৰু কৌৰৱসকলৰ মাজত হোৱা মহাযুদ্ধৰ বিষয়ে এই গ্ৰন্থত উল্লেখ কৰা হৈছে।৩
পাণ্ডুলিপি
বিভিন্ন দেশৰ ৰাজহুৱা পুথিভঁৰালৰ তালিকাত তালিকাভুক্ত কৰা প্ৰায় এশখন পাণ্ডুলিপিৰ সৈতে, কাকউইন ভৰতযুদ্ধ এতিয়ালৈকে অধিকবাৰ প্ৰতিলিপি কৰা পৌৰাণিক জাভানিজ কাম।
অতিৰিক্ত পঠন
- J. G. H. Gunning, 1903, Bhârata-yuddha: Oudjavaansch Heldendicht. ‘s-Gravenhage:Martinus Nijhoff. (Text edition in Javanese characters).
- S. Supomo, 1993, Bhâratayuddha, নতুন দিল্লী:International Academy of Indian Culture.
- P. J. Zoetmulder, 1974, Kalangwan. A Survey of Old Javanese Literature, The Hague:Martinus Nijhoff. (Recension, pp. 256–262)
তথ্যসূত্ৰ
- ↑ Kakawin Bharatayuddha, warisan indah di masa Jayabhaya. Monitor
- ↑ Cœdès, George. (1968). The Indianized states of Southeast Asia. University of Hawaii Press. ISBN 9780824803681
- ↑ Ras, J. J. (2014). Masyarakat dan kesusastraan di Jawa. ISBN 978-9794618998
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাকউইন ভৰতযোদ্ধা” প্ৰবন্ধৰ সংশোধন ২৮৫০৩৮ (৫ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।