অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

গিলকা মাচাডো

গিলকা মাচাডো ( Gilka Machado; ১৮৯৩–১৯৮০ চন) আছিল এগৰাকী ব্ৰাজিলৰ কবি আৰু ৰাজনৈতিক কৰ্মী। ব্ৰাজিলৰ কামোদ্দীপক কবিতা লিখা প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম হিচাপে তেওঁ পৰিচিত হৈছিল; তেওঁৰ কামক সাধাৰণতে প্ৰতীকী হিচাপে শ্ৰেণীভুক্ত কৰা হয়।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ১২২ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

গিলকা মাচাডো ( Gilka Machado; ১৮৯৩–১৯৮০ চন) আছিল এগৰাকী ব্ৰাজিলৰ কবি আৰু ৰাজনৈতিক কৰ্মী। ব্ৰাজিলৰ কামোদ্দীপক কবিতা লিখা প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম হিচাপে তেওঁ পৰিচিত হৈছিল; তেওঁৰ কামক সাধাৰণতে প্ৰতীকী হিচাপে শ্ৰেণীভুক্ত কৰা হয়।১ ১৯১০ চনত মাচাডো পাৰ্টিডো ৰিপাব্লিকান ফেমিনিনো (মহিলা ৰিপাব্লিকান পাৰ্টি)ৰ অন্যতম প্ৰতিষ্ঠাপক আছিল, যিয়ে মহিলাৰ ভোটাধিকাৰৰ পোষকতা কৰিছিল।১

জীৱন

১৮৯৩ চনত ৰিঅ’ ডি জেনেইৰ’ত জন্মগ্ৰহণ কৰিছিল মাচাডোৱে। সৰুৰ পৰাই তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। ১৪ বছৰ বয়সত তেওঁ এ ইম্প্ৰেন্সা কাকতত অনুষ্ঠিত হোৱা সাহিত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু তেওঁৰ নাম আৰু ছদ্মনামৰ কবিতাৰে তিনিটা মূল পুৰস্কাৰ লাভ কৰে।১ সমালোচকসকলে তেওঁৰ কবিতাৰ বাবে কটু সমালোচনা কৰিছিল, তেওঁক "অনৈতিক মেট্ৰন" বুলি অভিহিত কৰিছিল।১

১৯১৫ চনত তেওঁৰ প্ৰথম কবিতা গ্ৰন্থ Cristais partidos প্ৰকাশ পায়। কিতাপখনৰ প্ৰস্তাৱনা আছিল অলাভো বিলাকে।.২ তাৰ পিছৰ বছৰবোৰত তেওঁ ১৯২২ চনত প্ৰকাশ কৰে: এ ৰিভেলেচ' ডছ পাৰফিউমছ (১৯১৬), ইষ্টাডো দে আলমা (১৯১৭), প'ইচিয়াছ (১৯১৫-১৯১৭)- (১৯১৮) আৰু মুলহেৰ নুয়া।

১৯৩৩ চনত তেওঁ অ' মালহো আলোচনীৰ প্ৰতিযোগিতাত ২০ শতিকাৰ ব্ৰাজিলৰ সৰ্বশ্ৰেষ্ঠ মহিলা কবি হিচাপে জয়ী হয়।৩

ব্যক্তিগত জীৱন

১৯১০ চনত গিলকা মাচাডোৱে কবি ৰডলফো ডি মেলো মাচাডো (১৮৮৫-১৯২৩)ৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁৰপৰা হেলিঅ’ছ আৰু হিৰোছ নামৰ দুটা সন্তান জন্ম হয়। পিছলৈ হিৰোছ নৃত্যশিল্পী ইৰ’ছ ভলুচিয়া নামেৰে পৰিচিত হয়।৩

প্ৰাপ্তবয়স্ক হোৱা পিছত জীৱিকাৰ উপায় হিচাপে তেওঁ ৰিঅ’ ৰেলৱে কোম্পানীত কাম কৰি পৰিয়াল পোহপাল দিছিল।৪

তথ্যসূত্ৰ

  1. ↑ (2017-02-27). Pioneira da poesia erótica, Gilka Machado tem obra relançada por jovem. O Globo
  2. ↑ Casarin, Rodrigo. (2017-03-03). Chamada de "matrona imoral" e alvo de racismo, Gilka Machado foi pioneira do erotismo no Brasil. UOL
  3. ↑ (2017-04-26). resgate de memória: quem foi gilka machado?. OBVIOUS
  4. ↑ 'Machado, Gilka (1893-1980)', in Claire Buck, ed., Bloomsbury Guide to Women's Literature, 1992, p. 769

সম্পৰ্কিত শ্ৰেণী

ব্ৰাজিলৰ ব্যক্তিকবিতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গিলকা মাচাডো” প্ৰবন্ধৰ সংশোধন ৫৯৮৩২১ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।