অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

দ্য ডেথ এণ্ড আফটাৰ লাইফ অৱ মহাত্মা গান্ধী

দ্য ডেথ এণ্ড আফটাৰ লাইফ অৱ মহাত্মা গান্ধী (The Death and Afterlife of Mahatma Gandhi) হ'ল ভাৰতীয় লেখক মকৰণ্ড পাৰাঞ্জপেই লিখা আৰু পেঙ্গুইন ৰেণ্ডম হাউচে প্ৰকাশ কৰা এখন বাস্তৱভিত্তিক কিতাপ। গান্ধীৰ হত্যাকাণ্ডক লৈ হোৱা বিশ্লেষণ আৰু হত্যাকাণ্ডৰ পিছৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি কিতাপখন লিখা হৈছে।

হালনাগাদ: ৩ অক্টোবৰ ২০২০ ৯৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

দ্য ডেথ এণ্ড আফটাৰ লাইফ অৱ মহাত্মা গান্ধী (The Death and Afterlife of Mahatma Gandhi) হ'ল ভাৰতীয় লেখক মকৰণ্ড পাৰাঞ্জপেই লিখা আৰু পেঙ্গুইন ৰেণ্ডম হাউচে প্ৰকাশ কৰা এখন বাস্তৱভিত্তিক কিতাপ।১২৩ গান্ধীৰ হত্যাকাণ্ডক লৈ হোৱা বিশ্লেষণ আৰু হত্যাকাণ্ডৰ পিছৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি কিতাপখন লিখা হৈছে।৪

প্ৰকাশন

কিতাপখন লিখক তথা অধ্যাপক মকৰণ্ড পাৰাঞ্জপেই লিখিছে আৰু এইখন প্ৰকাশ কৰিছে পেঙ্গুইন ৰেণ্ডম হাউচ, ভাৰতে। কিতাপখনত ৩৩১টা পৃষ্ঠা আছে।১

পৰ্যালোচনা

গান্ধীবাদী পণ্ডিত ত্ৰিদিপ চুৰুদে ইণ্ডিয়া টুডে আলোচনীত কিতাপখনৰ প্ৰশংসা কৰিছে।৫ চুৰুদৰ মতে, মহাত্মাৰ নিধনৰ লগত জড়িত সকলো স্মৃতি আৰু মহাত্মাৰ হৈ আমাৰ প্ৰতিনিধিত্ব পাৰাঞ্জপেই তন্নতন্নকৈ পৰীক্ষা কৰাৰ ইচ্ছা ৰাখিছে।৫

সুকুমাৰ মুৰুলীধৰণ নামৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এডভাঞ্চ ষ্টাডিজৰ এগৰাকী ফেল'ই বিজনেচ লাইনত কিতাপখনৰ পৰ্যালোচনা লিখিছে।৪

শিৰশ্ৰী বসুৱে টেলিগ্ৰাফ ইণ্ডিয়াত লিখিছে যে পাৰাঞ্জপেই এই অধ্যয়ন দুঃসাহসিক।৬

ফ্ৰী প্ৰেছ জাৰ্নালৰ সাংবাদিকে লিখিছে, নিধনক পুনৰ নিৰ্মাণ কৰিবলৈ লিখকে আগতে নেদেখা ঐতিহাসিক তথ্যৰ ব্যৱহাৰ কৰিছে।৭

তথ্যসূত্ৰ

  1. ↑ (2016-05-06). Book review: Mahatma Gandhi’s killing was an act of Love Jihad. The Indian Express
  2. ↑ (2019-10-01). 8 Books on Mahatma Gandhi every Indian should read. The Times of India
  3. ↑ (2015-04-04). In the Name of the Father. The Indian Express
  4. ↑ Muralidharan, Sukumar. Mahatma lives on. @businessline
  5. ↑ February 13, Tridip Suhrud; February 23, 2015 ISSUE DATE:; February 13, 2015UPDATED:. Makarand Paranjape makes an inquiry into why we have turned Gandhi's assassination into martyrdo. India Today
  6. ↑ The ghost who still walks. www.telegraphindia.com
  7. ↑ The Death and Afterlife of Mahatma Gandhi. Free Press Journal

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য ডেথ এণ্ড আফটাৰ লাইফ অৱ মহাত্মা গান্ধী” প্ৰবন্ধৰ সংশোধন ২৪৭৮৫৬ (৩ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।