ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
লুহু ভাষা
লুহু ভাষা পূৱ ইণ্ডোনেছিয়াৰ চেৰাম দ্বীপৰ পশ্চিম অংশত প্ৰচলিত এক বিলুপ্ত অষ্ট্ৰনেছিয়ান ভাষা। চেৰামৰ পশ্চিম মূৰৰ হোয়ামোয়াল উপদ্বীপৰ লুহু গাঁৱত আৰু চেৰাম দ্বীপৰ পশ্চিম প্ৰান্তৰ ব'আনো আৰু কেলাং দ্বীপত এই কথা কোৱা হৈছিল।
-
শাৰদা লিপি
অষ্টম শতিকাত আৱিষ্কাৰ কৰা শাৰদা লিপি (शारदा ) ব্ৰাহ্মী লিপি পৰিয়ালৰ অন্তৰ্গত আবুগিদা লিখন ব্যৱস্থা। এই লিপিৰ সহায়ত কাশ্মীৰ অঞ্চলত সংস্কৃত ভাষা আৰু কাশ্মীৰী ভাষা লিখা হৈছিল। গুৰমুখী লিপি শাৰদা লিপিৰ পৰা উদ্ভৱ হৈছে।
-
শীতৰ বতাহ আৰু বৰষুণ
শীতৰ বতাহ আৰু বৰষুণ (Xeetor Botah Aru Boroxun) হৈছে অসমীয়া গল্পকাৰ-সাহিত্যিক আৰু চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাৰ দ্বাৰা লিখিত এখন গল্পৰ সংকলন। গ্ৰন্থখন পোনপ্ৰথমবাৰৰ বাবে ২০২১ চনৰ অক্টোবৰ মাহত প্ৰকাশিত হৈছিল। অসমীয়া প্ৰকাশন গোষ্ঠী বান্ধৱে গ্ৰন্থখন প্ৰকাশ কৰে।
-
শুমশ্তী ভাষা
শুমশ্তী বা শুমশ্ত এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি আফগানিস্তানৰ পূব অঞ্চলত ব্যৱহাৰ কৰা হয়। এই ভাষা কুনাৰ প্ৰান্তৰ কোনো কোনো অঞ্চলত কোৱা হয়: কুনাৰ উপত্যকাৰ পশ্চিম অংশত, জলালাবাদ আৰু পেচ উপত্যকাৰ মাজৰ অংশত। এই ভাষা কোৱা লোকৰ সংখ্যা ১৯৯৪ চনত ১০০০ আছিল।
-
শৰাইঘাট অভিধান
শৰাইঘাট অভিধান (ইংৰাজী:Saraighat Abhidhan) ড॰ দীনেশ চন্দ্ৰ গোস্বামীৰ মুখ্য সম্পাদনাত প্ৰণিত অসমীয়া অভিধান। ২০০০ চনৰ জানুৱাৰী মাহত ড॰ বিশ্বনাৰায়ণ শাস্ত্ৰীক মুখ্য সম্পাদক আৰু ভবেন কুমাৰ বৰা আৰু ড॰ শ্যামা প্ৰসাদ শৰ্মাক সহযোগী সম্পাদক হিচাপে লৈ শৰাইঘাট প্ৰকাশনৰ যোগেশ শৰ্মাই আৰম্ভ কৰা অভিধান প্ৰকল্পটো…
-
সমালোচনা কলা আৰু সাধনা
সমালোচনা কলা আৰু সাধনা (ইংৰাজী: Samalochana Kala Aru Sadhana, ২੦২৪) সমালোচক আৰু অনুবাদক আনন্দ বৰমুদৈক অভিনন্দন জনোৱাৰ উদ্দেশ্যে প্ৰকাশ পোৱা এখন সংকলন গ্ৰন্থ৷ গ্ৰন্থখনৰ সম্পাদক হ’ল কল্যাণ ভূঞা আৰু প্ৰকল্প ৰঞ্জন ভাগৱতী৷
-
সানন্দা
সানন্দা (বাংলা: সানন্দা, ওড়িয়া: ସାନନ୍ଦା) হৈছে ভাৰতৰ কলকাতাৰ পৰা এবিপি গ্ৰুপৰ দ্বাৰা প্ৰকাশিত বাংলা পষেকীয়া মহিলা আলোচনী৷ আলোচনীখন সাধাৰণতে প্ৰতি মাহৰ ১৫ আৰু ৩০ তাৰিখে প্ৰকাশ পায়। ১৯৮৬ চনৰ পৰা বাংলা ভাষাত প্ৰকাশিত হোৱা এই আলোচনীখনৰ ওড়িয়া সংস্কৰণ আৰম্ভ হয় ২০০৫ চনৰ পৰা।
-
সুৰগুজীয়া ভাষা
সুৰগুজীয়া হৈছে ইন্দো-আৰ্য ভাষা-গোষ্ঠীৰ অন্তৰ্গত উপভাষা বা ভাষিক প্ৰকাৰ, যি ছত্তীছগঢ়ী ভাষাৰ এটা ৰূপ। এই ভাষাটো মুখ্যত ছত্তীছগঢ়ৰ সুৰগুজা অঞ্চলত কোৱা হয়। কেতিয়াবা ইয়াক পূৰ্বীয় হিন্দী ভাষাগোষ্ঠীৰ অন্তৰ্ভুক্ত বুলিও গণ্য কৰা হয়।
-
সূত্ৰধাৰ (আলোচনী)
সূত্ৰধাৰ (Sutradhar) হৈছে এখন অসমীয়া ভাষাৰ আলোচনী। অসম চৰকাৰৰ প্ৰাক্তন উচ্চ পদস্থ বিষয়া, সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।অসমত পঢ়ুৱৈ সমাজ সৃষ্টি কৰাৰ ক্ষেত্ৰত, সাংবাদিকতাৰ বিৰল দৃষ্টান্ত গঢ়ি তোলা আলোচনী ৰূপে সূত্ৰধাৰৰ স্থান উল্লেখযোগ্য।
-
সৌৰাষ্ট্ৰ লিপি
সৌৰাষ্ট্ৰ লিপি হৈছে তামিলনাডুৰ সৌৰাষ্ট্ৰীয়সকলে সৌৰাষ্ট্ৰ ভাষা লিখিবলৈ ব্যৱহাৰ কৰা একপ্ৰকাৰৰ আবুগিদা লিপি ৷ এই লিপি ব্ৰাহ্মীয় মূলৰ যদিও ইয়াৰ সঠিক ব্যুৎপত্তিৰ বিষয়ে জনা নাযায়, যিটো পিছলৈ টিএমআৰম ৰায়ে সংস্কাৰ আৰু প্ৰামাণিককৰণ কৰে।
-
হলবী ভাষা
হলবী, বস্তৰী, হলব, হলৱস বা হলৱী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা, যি ওড়িয়া আৰু মাৰাঠীৰ মাজৰ ৰূপান্তৰণৰ ভাষা। মধ্য ভাৰতত কমেও ৭৬৬২৯৭জন লোকে এই ভাষা ব্যৱহাৰ কৰে। মহৰী উপভাষা অন্য উপভাষাসমূহতকৈ কিছু পৃথক আৰু কষ্টেৰেহে বুজিব পৰা যায়। এই ভাষাৰ আনুমানিক ২০০০০০ দ্বিতীয়-ভাষা কথোঁতাও আছে (২০০১ চনত)।
-
হাড়ৌতী ভাষা
হাড়ৌটী বা হাড়োটী এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। এই ভাষা ভাৰতৰ ৰাজস্থান ৰাজ্যৰ হাড়োটী অঞ্চলত ঘাইকৈ ব্যৱহাৰ কৰা হয়। এই ভাষা ভাষী লোক ঘাইকৈ কোটা, বৰণ, বুণ্ডী আৰু ঝলাৱৰ জিলাত থাকে। তদুপৰী চুবুৰীয়া মধ্য প্ৰদেশৰ কোনো কোনো অঞ্চলতো এই ভাষা কোৱা হয়।
-
হানগুল লিপি
হানগুল বা হাংগুল (한글) হ'ল কোৰিয়ান ভাষাৰ লিপি। পঞ্চদশ শতিকাত কোৰিয়াৰ ৰজা চেজঙে সাধাৰণ মানুহক মনত ৰাখি হাংগুল নামৰ এক অতি সহজ বৰ্ণমালা উদ্ভাৱন কৰিছিল। এই বৰ্ণমালাক ২০ শতিকাত আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হৈছিল। অসংখ্য ভাষাবিদৰ মতে হাংগুল বৰ্ণমালা হৈছে বিশ্বৰ আটাইতকৈ নিখুঁত অথচ সহজ বৰ্ণমালা।
-
হৰিজন (আলোচনী)
হৰিজন (অৰ্থ: ঈশ্বৰৰ সন্তান; দলিত বা অস্পৃশ্যসকলক বুজাবলৈ গান্ধীয়ে উদ্ভাৱন কৰা এটা শব্দ) আলোচনীখন ১৯৩৩ চনৰ পৰা ১৯৫৫ চনলৈকে প্ৰকাশ পাইছিল; মাজত মাত্ৰ ১৯৪০-ৰ দশকৰ ভাৰত ত্যাগ আন্দোলন চলি থকা সময়চোৱাত ইয়াৰ প্ৰকাশনা বন্ধ আছিল।
-
ৰেলী ভাষা
ৰেলী বা ৰেল্লী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ পূব ভাৰত আৰু দক্ষিণ ভাৰতত ঘাইকৈ বাস কৰা ৰেলী লোকে ব্যৱহাৰ কৰে। এই ভাষা ওড়িয়া উপগোটৰ অন্তৰ্গত, অৰ্থাৎ অসমীয়া বা বাংলা ভাষাতকৈ এই ভাষা ওড়িয়া ভাষাৰ নিকটৱৰ্তী, যদিও ই তিনিওটাৰেই ভগ্নী ভাষা।
-
ৱমেন'ছ এৰা
ৱমেন'ছ এৰা (Woman's Era) হৈছে ইংৰাজী ভাষাত প্ৰকাশিত এখন ভাৰতীয় মহিলা পষেকীয়া আলোচনী। ১৯৭৩ চনত বিশ্বনাথে তেওঁৰ প্ৰকাশন সংস্থা দিল্লী প্ৰেছৰ পৰা ইয়াৰ প্ৰকাশ আৰম্ভ কৰিছিল। আলোচনীখন দিল্লী প্ৰেছৰ মালিকানাধীন।
-
অন্তৰীপ (উপন্যাস)
অন্তৰীপ ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস। ১৯৭৯ চনত লিখিবলৈ আৰম্ভ কৰা উপন্যাসখন ৰামধেনু নামৰ আলোচনীত তিনিটা সংখ্যাত তিনিছোৱা প্ৰকাশ পোৱাৰ পাছত লিখাৰ কাম বন্ধ হয়। প্ৰান্তিক নামৰ আলোচনীত ১৯৮২ চনৰ ১৬ এপ্ৰিলৰ সংখ্যাৰ পৰা সেই তিনিছোৱা আকৌ প্ৰকাশ হয়। তাৰপাছত লিখা কাম আৰম্ভ হয়।
-
অন্য যুগ অন্য পুৰুষ
অন্য যুগ অন্য পুৰুষ (Onyo Jug Onyo Purux) হৈছে অসমীয়া ঔপন্যাসিক, সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ দ্বাৰা লিখিত এখন উপন্যাস। ১৯৭০ চনত প্ৰকাশিত হোৱা গ্ৰন্থখন তেখেতৰ সাহিত্যিক জীৱনৰ প্ৰথমখন উপন্যাস বুলি গণ্য কৰা হয়।
-
অল দ'জ ইয়েৰনিংছ্
অল দ'জ ইয়েৰিঙছ্(All Those Yearnings) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন চুটিগল্পৰ অনুবাদ সংকলন। বিশিষ্ট সাহিত্যিক দিলীপ বৰাৰ বাৰটা চুটিগল্প অসমীয়াৰ পৰা ইংৰাজীলৈ ময়ূৰ বৰাই অনুবাদ কৰি এইখন সংকলন প্ৰস্তুত কৰিছে।
-
অশান্ত ইলেকট্ৰন
অশান্ত ইলেকট্ৰন হৈছে সৌৰভ কুমাৰ চলিহাৰ এখন জনপ্ৰিয় গল্পপুথি। ১৯৬২ চনত প্ৰথম প্ৰকাশ পোৱা গল্প সংকলখন চলিহাই তেখেতৰ ভাগিন, গণিতজ্ঞ জ্যোতিপ্ৰসাদ মেধিলৈ উৎসৰ্গা কৰিছে।
-
অসম বাৰ্তা
অসম বাৰ্তা (Asom Barta) এখন অসমীয়া ভাষাৰ বাতৰি কাকত আৰু ডিজিটেল নিউজ মেডিয়া। 'অসম বাৰ্তা' প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত কাকতখন প্ৰতি সোমবাৰে মাজুলীৰ পৰা প্ৰকাশ পাই আহিছে। ২০২০ চনৰ ২০ এপ্ৰিল তাৰিখে প্ৰথম সংখ্যা প্ৰকাশ পাইছিল।
-
অসম শিশু সাহিত্য কোষ
অসম শিশু সাহিত্য কোষ হৈছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত ৪১টা খণ্ডৰ শিশু সাহিত্য সম্পৰ্কীয় কোষ। মুখ্য সম্পাদক হিতেশ ডেকা আৰু সহকাৰী সম্পাদক দিগন্ত ওজা। সমগ্ৰ শিশু সাহিত্যৰ কোষৰ প্ৰকল্প তত্ত্বাবধায়ক প্ৰণৱ শইকীয়া আৰু প্ৰকল্প কাৰ্যবাহী জ্যোতি খাটনিয়াৰ।
-
অসমী (শিশু আলোচনী)
অসমী অসমীয়া ভাষাৰ তিনিমহীয়া এখন শিশু আলোচনী৷ ১৯৮০ চনত শিৱসাগৰৰ চেপনৰ পৰা প্ৰকাশ পাইছিল৷ আলোচনীখনৰ সম্পাদক আছিল মৃদুল কুমাৰ বৰা৷ অসমী নামৰ আন এখন সাহিত্য-সংস্কৃতিমূলক অসমীয়া ভাষাৰ মাহেকীয়া আলোচনী ১৯৬৯ চনত গুৱাহাটীৰ পৰা প্ৰকাশ পায়৷ সম্পাদক আছিল, ৰিজু হাজৰিকা৷ পত্ৰিকাখন দেৱকুমাৰ ভূঞা, অৰুণ কুমাৰ,…
-
অসমীয়া ভাষা (গ্ৰন্থ)
অসমীয়া ভাষা (Axamiya Bhaxa) হৈছে লেখক, অধ্যাপক ড॰ ভীমকান্ত বৰুৱাৰ অসমীয়া ভাষা সম্পৰ্কে লিখা গ্ৰন্থ। গ্ৰন্থখন প্ৰথমে ১৯৯৭ চনত বনলতা প্ৰকাশনে প্ৰকাশ কৰে। ২০০৬ চনত লেখকে দ্বিতীয় সংস্কৰণত চাৰিটা নতুন লেখা সংযোগ কৰে।
-
অসমীয়া ভাষা-চিন্তন
অসমীয়া ভাষা-চিন্তন হৈছে অৰ্পণা কোঁৱৰৰ দ্বাৰা ৰচিত অসমীয়া ভাষা বিষয়ক এখন গ্ৰন্থ। গ্ৰন্থখন ২০১৬ চনত বনলতা প্ৰকাশনে প্ৰথম প্ৰকাশ কৰে। গ্ৰন্থখনত সৰ্বমুঠ ৯টা অধ্যায় আছে।
-
অৰুণ (শিশু আলোচনী)
অৰুণ অসমীয়া ভাষাত প্ৰকাশিত এখনি শিশু আলোচনী৷ ১৯২৬ চনত কলকাতাৰ ৮ সুবল চন্দ্ৰ লেনৰ পৰা প্ৰকাশিত আলোচনীখনৰ সম্পাদক আছিল মহাদেৱ শৰ্মা৷ শিশু উপযোগী প্ৰবন্ধ, গল্প, কবিতাৰে ভৰপুৰ আলোচনীৰখনত পুথি সমালোচনা শিতান এটাও আছিল৷ আলোচনীখনৰ লেখকসকল আছিল, তৰুণৰাম ফুকন, ডিম্বেশ্বৰ নেওগ, ৰোহিণীকান্ত বৰুৱা, বিৰিঞ্চি…
-
আগান
আগান হৈছে ১৯৯৪ চনৰ পৰা প্ৰকাশ পোৱা অসমীয়া ভাষাৰ এখন দহদিনীয়া বাৰ্তালোচনী। এই আলোচনীখন সম্পাদনা তথা প্ৰকাশ কৰিছিল পৰাগ কুমাৰ দাসে। এই বাৰ্তালোচনীখন গুৱাহাটীৰ পৰা প্ৰকাশ পাইছিল। প্ৰতিটো মাহৰ এক, এঘাৰ আৰু একৈশ তাৰিখে বাৰ্তালোচনীখনৰ একোটা সংখ্যা প্ৰকাশ পাইছিল।
-
আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস (গ্ৰন্থ)
আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস (২੦২৩, ইংৰাজী: Adhunik Asamiya Sahityar Itihas) হ’ল ১৮৪৬ চনৰপৰা গ্ৰন্থখন প্ৰকাশৰ সময়লৈকে আধুনিক অসমীয়া সাহিত্যৰ বিস্তৃত ইতিহাস সম্বলিত এখন গ্ৰন্থ৷ গ্ৰন্থখনৰ লেখক হ’ল সমালোচক আৰু অনুবাদক আনন্দ বৰমুদৈ৷
-
আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰ
আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰ (Anandaram Dhekiyal Phukanor Jiwon Soritro) হৈছে অসমৰ সাহিত্যিক, প্ৰবন্ধকাৰ, নাট্যকাৰ, বুৰঞ্জীবিদ গুণাভিৰাম বৰুৱাৰ দ্বাৰা লিখিত এখনি বিশেষ গ্ৰন্থ। এই গ্ৰন্থখনত অসমৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন লিপিবদ্ধ হৈছে।
-
আমাৰ সময়
আমাৰ সময় এখন অসমীয়া ভাষাৰ সাপ্তাহিক বাতৰি কাকত। ‘সূৰ্যোদয় গোষ্ঠী’ৰ দ্বাৰা প্ৰকাশিত এই কাকতখন বৰ্তমান মাজুলীৰ পৰা প্ৰতি দেওবাৰে প্ৰকাশ পাই আহিছে। কাকতখন প্ৰথম প্ৰকাশ পাইছিল ২০২০ চনৰ ৫ জানুৱাৰী তাৰিখে।