অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

দস্যুৰাণী বিজুলী

দস্যুৰাণী বিজুলী অসমীয়া ৰহস্য সাহিত্যৰ কিছু থ্ৰিলাৰ উপন্যাসৰ সমষ্টি। এই ছিৰিজৰ লেখক হ'ল 'ঋতুৰাজ'। ঋতুৰাজ আছিল বসন্ত দাসৰ ছদ্মনাম। এই নামেৰে লিখা ছিৰিজটো প্ৰকাশ কৰিছিল 'পাহি প্ৰকাশে'।

হালনাগাদ: ২৪ জুলাই ২০২১ ১৪৬ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

দস্যুৰাণী বিজুলী অসমীয়া ৰহস্য সাহিত্যৰ কিছু থ্ৰিলাৰ উপন্যাসৰ সমষ্টি। এই ছিৰিজৰ লেখক হ'ল 'ঋতুৰাজ'। ঋতুৰাজ আছিল বসন্ত দাসৰ ছদ্মনাম। এই নামেৰে লিখা ছিৰিজটো প্ৰকাশ কৰিছিল 'পাহি প্ৰকাশে'। আইনৰ চকুত অপৰাধী কিন্তু আইনে ঢুকি নোপোৱা আৰু আইনী সুৰুঙাৰে সাৰি যোৱা সমাজবিৰোধী লোকক শাস্তি দিয়া দস্যুৰাণী বিজুলীও এক 'ৰবিন হুড'ধৰ্মী চৰিত্ৰ। দস্যুৰাণী বিজুলীৰ ঘোৰ শত্ৰু আছিল পুলিচৰ চোৰাংচোৱা বিষয়া পীতাম্বৰ সাউদ, যি নিজৰ কৰ্তব্যৰ প্ৰতি সদা সচেতন কিন্তু সুযোগ পায়ো দস্যুৰাণী বিজুলীৰ মূৰত গুলী নমৰাকৈ এৰি দিয়া মানুহ।১

দস্যুৰাণী বিজুলীৰ উপন্যাসসমূহ

  • দস্যুৰাণী বিজুলী
  • মুক্তিপণ
  • স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে
  • সাতভনী
  • বিয়াৰ নিশা
  • সমুদ্ৰ গৰ্ভত
  • তিহাৰ জেল
  • বন সংৰক্ষণ
  • পঞ্জাবত
  • সৃষ্টিৰ সেনানী
  • বিজয় নিচান
  • ঘৰ-সংসাৰ
  • শ্ৰমিক বিপ্লৱ
  • ড্ৰাগ্‌চ চক্ৰ
  • সীমান্ত প্ৰহৰী
  • আটলাণ্টিক এক্সপ্ৰেছ
  • দুৰন্ত ধুমুহা
  • মডেল গাৰ্ল
  • নাইট ক্লাব
  • জাফ্‌না চহৰ
  • অভিশপ্ত কণ্ঠহাৰ
  • অশান্ত এলেকা
  • বেংক ডকাইতি
  • মিছ ফ'ৰ টুৱেণ্টি
  • কিচ্‌মিচ্‌ বেগম
  • এয়াৰ হ'ষ্টেচ
  • সন্ত্ৰাস
  • অৰণ্য কুহেলী
  • নৰ্তকী
  • দস্যু কন্যা
  • জালী নোট
  • মিছ ইণ্ডিয়া
  • কালাপাহাৰ
  • কয়েদী
  • সংঘৰ্ষ
  • ব্লেক মেইল
  • জলদস্যু
  • ভয়াল ৰাতি
  • কলগাৰ্ল
  • বিষাক্ত বেদনা

তথ্যসূত্ৰ

  1. ↑ আমাৰ অসম আৰু আজিৰ দৈনিক বাতৰি সংবাদ-পত্ৰ, গুৱাহাটী, ৮ মাৰ্চ ২০১২

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থগ্ৰন্থ শৃংখলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দস্যুৰাণী বিজুলী” প্ৰবন্ধৰ সংশোধন ২৮৭৭০০ (২৪ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।