কুঁচিয়ানামা হৈছে ২০২৩ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত অসমীয়া সাহিত্যিক সুপ্ৰকাশ ভূঞাৰ এখন চুটিগল্প সংকলন।১ গ্ৰন্থখন পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰা এইখন লেখকৰ দ্বিতীয়খন গল্প সংকলন।২ এই গ্ৰন্থখনৰ বাবে তেওঁ ২০২৫ চনৰ সাহিত্য অকাডেমিৰ যুৱ সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হয়।৩
লেখকৰ চমু পৰিচয়
গল্পকাৰ সুপ্ৰকাশ ভূঞাৰ জন্ম ১৯৯০ চনত শিৱসাগৰ জিলাৰ দিখৌমুখৰ গুৱালগাঁৱত হৈছিল।১ তেওঁ পেচাত দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী ভাষা সাহিত্যৰ বিষয় শিক্ষক (সহকাৰী শিক্ষক)।৪১ তেওঁ ২০১০ চনৰপৰা গৰীয়সী, প্ৰান্তিক, সাতসৰী (আলোচনী) আৰু প্ৰকাশ (আলোচনী) আদি অসমৰ আগশাৰীৰ সাহিত্য আলোচনীত নিয়মিতভাৱে সাহিত্য চৰ্চা কৰি আহিছে।১ সাহিত্য অকাডেমিৰ নৱোদয় প্ৰকল্পৰ অধীনত প্ৰকাশিত ছিছিফাছৰ পৃথিৱী হৈছে তেওঁৰ প্ৰথম গল্প সংকলন।১
পটভূমি আৰু বিষয়-বস্তু
কুঁচিয়ানামা সংকলনখনত মুঠ চৈধ্যটা গল্প সন্নিৱিষ্ট হৈছে।৫ গ্ৰন্থখনৰ গল্পসমূহত মূলতঃ অসমৰ প্ৰান্তীয় আৰু সাধাৰণ শ্ৰেণীৰ মানুহৰ জীৱন-সংগ্ৰাম প্ৰতিফলিত হৈছে। সমাজৰ চকুৰ আঁৰত থকা নিম্নশ্ৰেণীৰ মানুহবোৰৰ সুখ-দুখ, অস্তিত্ব আৰু সংগ্ৰামক স্বীকৃতি দিয়াৰ লগতে আঞ্চলিক লোকজীৱনৰ অকৃত্ৰিম ভাব-অনুভূতিক গল্পসমূহৰ জৰিয়তে তুলি ধৰা হৈছে। স্বকীয় কথনশৈলী আৰু গল্পভাষাৰে তেখেতে সমাজ-জীৱনৰ অনেক উপেক্ষিত দিশ, সামাজিক-ৰাজনৈতিক সমস্যা আৰু মানুহৰ অন্তৰ্জীৱনৰ সংঘাতক গল্পৰ উপজীৱ্য কৰি লৈছে।২ এই গল্পসংকলনখনত জাঁজৰি, বীৰা, ক'লাজোন, থাউনি, মন্ত্ৰণা কক্ষত আদিকে ধৰি মুঠ ১৪টা গল্প সন্নিৱিষ্ট আছে।৫
আৰু চাওক
তথ্যসূত্ৰ
- ↑ (18 June 2025). state/sahitya-akademi-yuva-puraskar-2025-for-assamese-language-to-suprakash-bhuyan-of-sivasagar-assam-news-ass25061804881 সুপ্ৰকাশ ভূঞালৈ সাহিত্য অকাডেমি যুৱ বঁটা. ETV Bharat Assamese
- ↑ Kuchiyanama – Suprakash Bhuyan. Scientia Books
- ↑ (18 June 2025). অসমীয়া সাহিত্যৰ দুই লেখকলৈ সাহিত্য একাডেমীৰ পুৰস্কাৰ... Asomiya Pratidin
- ↑ (18 June 2025). ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমীৰ যুৱ আৰু শিশু সাহিত্য বঁটা ঘোষণা. Assam TV9
- ↑ কিশোৰ দাস কোঁৱৰ. (July 2024). 'কুঁচিয়ানামা': কিছু নতুন, কিছু ব্যতিক্ৰম আৰু কিছু কৌতূহল. অন্যযুগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুঁচিয়ানামা” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৬১ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।