কাকলি অসমীয়া ভাষাত প্ৰকাশিত এখন শিশু আলোচনী। এই আলোচনীখন গুৱাহাটীৰ মালিগাঁৱৰ মালিগাওঁ বুক ষ্টলৰ পৰা ১৯৭৩ চনত প্ৰকাশিত হৈছিল। সম্পাদক আছিল ৰুচিনাথ শৰ্মা আৰু অশ্বিনীকুমাৰ শৰ্মা। কাকলি দুমহীয়া আলোচনী আছিল। গল্প, কবিতা, গীত, জীৱনী আদিৰ উপৰিও আলোচনীখনত “কাকলি কানন’’ নামে এটা বিশেষ শিতান আছিল, য’ত সাঁথৰ, খেলৰ বাতৰি, বোলছবিৰ বাতৰি আদি প্ৰকাশিত হৈছিল।১
তথ্যসূত্ৰ
- ↑ ফুকন, প্ৰসন্ন কুমাৰ. (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃ. ১২০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাকলি (শিশু আলোচনী)” প্ৰবন্ধৰ সংশোধন ৫২০০৬৬ (২২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।