অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ডাৱৰ আৰু নাই

ডাৱৰ আৰু নাই (Daawor aru Nai) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক যোগেশ দাসৰ দ্বাৰা লিখিত এখনি উপন্যাস। উপন্যাসখনৰ পটভূমি হৈছে দ্বিতীয় মহাযুদ্ধ। ১৯৫৫ চনত প্ৰকাশিত হোৱা গ্ৰন্থখন যোগেশ দাসৰ দ্বিতীয়খন উপন্যাস।

হালনাগাদ: ২৪ অক্টোবৰ ২০২০ ৯৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ডাৱৰ আৰু নাই (Daawor aru Nai) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক যোগেশ দাসৰ দ্বাৰা লিখিত এখনি উপন্যাস। উপন্যাসখনৰ পটভূমি হৈছে দ্বিতীয় মহাযুদ্ধ। ১৯৫৫ চনত প্ৰকাশিত হোৱা গ্ৰন্থখন যোগেশ দাসৰ দ্বিতীয়খন উপন্যাস।১

গ্ৰন্থকাৰৰ চমু পৰিচয়

মূল প্ৰবন্ধ: যোগেশ দাস

যোগেশ দাস (১৯২৭-১৯৯৯) হৈছে অসমৰ এজন চুটিগল্প আৰু ঔপন্যাসিক। তেখেতে ১৯৮০ চনত পৃথিৱীৰ অসুখ শীৰ্ষক গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১৯৮৫ চনত তেখেত অসম সাহিত্য সভাৰ বিহপুৰীয়া অধিবেশনৰ সভাপতি নিৰ্বাচিত হোৱাৰ উপৰিও আন আন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিল।

গ্ৰন্থৰ চমু পৰিচিতি

দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচিত উপন্যাসখনত অসমৰ চাহ বাগিচাৰ ঘটনা-প্ৰৱাহে বিশেষ গুৰুত্ব লাভ কৰিছে। যুদ্ধ-বিষয়ক মৌলিক উপন্যাস হিচাপে উপন্যাসখনৰ বিশেষ মৰ্যাদা আছে।

তথ্যসূত্ৰ

  1. ↑ বৰুৱা, শান্তনু কৌশিক. (২০২০). অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৬০৪. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডাৱৰ আৰু নাই” প্ৰবন্ধৰ সংশোধন ২৫০৩৯১ (২৪ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।