তুৰিয়া চান্দ বাস্কে (Turia Chand Baskey) এগৰাকী চাঁওতালি লেখক আৰু সম্পাদক। ২০২৩ চনত তেওঁ চাঁওতালি সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।১২
কেৰিয়াৰ
বাস্কেৰ ঘৰ ঝাৰগ্ৰামৰ লালগড়ৰ পাপুৰীয়া গাঁৱত। তেওঁৰ প্ৰকৃত নাম তাৰেচিন বাস্কি।৩৪ শিলদাৰ চন্দ্ৰশেখৰ কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰি ১৯৯০ চনত ভাৰতীয় ৰেলৱেৰ অধীনত চাকৰিত যোগদান কৰে।৫ পাছলৈ হালদিয়াৰ ওচৰৰ সূতাহাটাৰ বাবুপুৰ এগ্ৰিকালচাৰাল হাইস্কুলত শিক্ষক হিচাপে যোগদান কৰে।৬ ১৯৯৩ চনত তেওঁৰ প্ৰথম কবিতা পুথি জালা প্ৰকাশ পায়।৭ বাস্কিয়ে তিৰাণ্ডাজ সাহিত্য আলোচনী সম্পাদনা কৰিছিল আৰু অল চিকি ভাষাত ৩১খন গ্ৰন্থ ৰচনা কৰিছে।৮ ২০১৫ চনত তেওঁ পশ্চিম বংগৰ চাঁওতালি একাডেমীৰদ্বাৰা প্ৰদান কৰা সাৰদা প্ৰসাদ কিস্কু স্মৃতি বঁটা লাভ কৰে। পশ্চিম বংগ চৰকাৰে তেওঁৰ সাহিত্যিক অৱদানৰ বাবে ২০২৩ চনত শিক্ষাৰত্ন বঁটা প্ৰদান কৰে।৯ ২০২৩ চনত বাস্কিয়ে তেওঁৰ চুটিগল্প সংকলন জাবা বাহাৰ বাবে সাহিত্য অকাডেমিৰ সন্মান লাভ কৰে।১০
পুৰস্কাৰ
- সাৰদাপ্ৰসাদ কিস্কু স্মৃতিপুৰস্কাৰ (২০১৫)১১
- সাধু ৰামচন্দ মুৰ্মু স্মৃতিপুৰস্কাৰ (২০১৯)৮
- শিক্ষাৰত্ন (২০২৩)১২
- সাহিত্য অকাডেমি (২০২৩)
তথ্যসূত্ৰ
- ↑ PTI. English author Neelum Saran Gaur, Hindi writer Sanjeev among recipients of Sahitya Akademi Awards. Deccan Herald
- ↑ Annexure A. Sahitya Akademy Award 2023
- ↑ Saha, Arnaba. (2023-12-21). Sahitya Akademi Award Winners List PDF Download. adda247
- ↑ Sahitya Akademi announces winners of the Sahitya Akademi Awards 2023 in 24 languages · DD News. ddnews.gov.in
- ↑ Chanchal Pradhan. উজ্জ্বল টুৰিয়াচাঁদ
- ↑ (2023-12-21). সাঁওতালি ভাষাৰ সাহিত্যিক হিসেবে সাহিত্য আকাদেমি পুৰস্কাৰ পেয়েছেন টুৰিয়াচাঁদ বাস্কে!. বিপ্লবী সংবাদ দৰ্পণ
- ↑ Bartaman Patrika. bartamanpatrika.com
- ↑ সংবাদদাতা, নিজা. পুৰস্কৃত টুৰিয়াচাঁদ. www.anandabazar.com
- ↑ সাহিত্য অকাদেমিতে আৰও এক বঙ্গ সন্তান! পুৰস্কাৰ পাচ্ছেন হলদিয়াৰ টুৰিয়াচাঁদ. Eisamay
- ↑ (2023-12-21). Sahitya Akademi Awards '23: Neelam Saran Gour's historic novel 'Requiem In Raga Janaki' wins in English; a look at all recipients. The Economic Times
- ↑ প্ৰতিৱেদন, নিজা. অকাদেমি পেলেন স্বপ্নময়, টুৰিয়াচাঁদ. www.anandabazar.com
- ↑ (2023-09-04). শিক্ষাৰত্ন পাচ্ছেন আদিবাসী শিক্ষক টুৰিয়া চাঁদ. News18 বাংলা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুৰিয়া চান্দ বাস্কে” প্ৰবন্ধৰ সংশোধন ৬১৮২১৭ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।