গজৰাজ প্ৰেম আৰু বন্দীত্ব হৈছে পূৰবী বৰমুদৈৰ দ্বাৰা ৰচিত এখন উপন্যাস। উপন্যাসখন প্ৰথম প্ৰকাশ পাইছিল ১৯৯৯ চনৰ অক্টোবৰ মাহত।১ এই উপন্যাসখনৰ বাবে লেখিকাই ২০০০ চনত বাসন্তী বৰদলৈ সাহিত্য বঁটা লাভ কৰে।২
লেখক পৰিচিতি
মূল প্ৰবন্ধ: পূৰবী বৰমুদৈ'পূৰবী বৰমুদৈ' (জন্ম: ৮ মে' ১৯৫০ - মৃত্যু: ১৫ জুলাই, ২০১৯) অসমৰ এগৰাকী লেখক সাহিত্যিক। তেওঁ মূলতঃ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ ৰূপে সুপ্ৰতিষ্ঠিত। তেওঁ সাহিত্য অকাডেমি বঁটা৩ আৰু অসম উপত্যকা সাহিত্য বঁটাৰ দ্বাৰা সন্মানিত।৪
বিষয়বস্তু
এখন সম্ভ্ৰান্ত মৌজাদাৰৰ ঘৰ, মৌজাখনৰ অন্তৰ্গত গাঁৱৰ মানুহবোৰৰ জীৱন প্ৰণালী, হাতী চিকাৰ আৰু প্ৰতিপালনৰ কথাৰ লগতে মানুহৰ মনৰ অন্তৰ্দন্দ্বই উপন্যাসখনৰ মূল বিষয়বস্তু।৫
চৰিত্ৰ
- ভগীৰথ (মৌজাদাৰ)
- মৌজাদাৰণী
- প্ৰেমধৰ (হাতী মাউত)
- কানাই (হাতী মাউত)
- নন্দ (হাতী মাউত)
- ফজৰত (ফান্দী)
- কলীয়া (ফান্দী)
- ৰহিমলা (হাতী)
- ৰামধন (হাতী)
- গনেশ (হাতী)
- লখীমাই (হাতী)
- বৰ সোণ (মৌজাদাৰৰ পুতেক)
- বন্দনা (মৌজাদাৰৰ বোৱাৰী)
- সৰু সোণ (মৌজাদাৰৰ পুতেক)
- ৰাজেশ্বৰ (ৰজা)
- ৰজাৰ মাক
- ৰেৱতী
- চেনীৰাম
- সোণাধৰ
- প্ৰেমধৰ
- বতাহী
- আইধান বুঢ়ী
- পদুমী
- গোৱৰ্দ্ধন
আদি১
তথ্যসূত্ৰ
- ↑ গজৰাজ প্ৰেম আৰু বন্দীত্ব - পূৰবী বৰমূদৈ, প্ৰকাশক - অশোক পাব্লিকেশ্বন, প্ৰকাশ - ২০২৪
- ↑ শ্ৰদ্ধাৰ্ঘ্যঃ পূৰৱী বৰমুদৈলৈ…. অসমীয়া প্ৰতিদিন
- ↑ সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য. সাহিত্য অকাডেমি
- ↑ অৰিন্দম বৰকটকী. (২০১৯). গৰীয়সী. পৃ. ১৬
- ↑ এশ বছৰৰ অসমীয়া উপন্যাস, সম্পাদনা - ড° নগেন ঠাকুৰ, প্ৰকাশক - জ্যোতি প্ৰকাশন, পুনৰ মুদ্ৰণ - নৱেম্বৰ ২০১২, পৃষ্ঠা - ১৫
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গজৰাজ প্ৰেম আৰু বন্দীত্ব” প্ৰবন্ধৰ সংশোধন ৫৯৮৭৬০ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।