অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

কথা-ভাগৱত

কথা-ভাগৱত হৈছে ভট্টদেৱে অসমীয়া গদ্যত ভাঙনি কৰা ভাগৱত পুৰাণৰ অনুবাদ। খ্ৰীষ্টীয় ষোড়শ শতিকাত, অকল অসমেই নহয় সকলো প্ৰাদেশিক ভাষাতেই ধৰ্মশাস্ত্ৰ ভাঙনি পদবন্ধত হৈছিল, তেনে সময়তে বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্যক দামোদৰদেৱে স্ত্ৰী-শূদ্ৰ সকলোৰে সুবিধাৰ্থে গীতা, ভাগৱত আদি শাস্ত্ৰবোৰক গদ্যত ভাঙনি কৰিবলৈ…

হালনাগাদ: ১৪ জানুৱাৰী ২০২১ ১১৬ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

কথা-ভাগৱত হৈছে ভট্টদেৱে অসমীয়া গদ্যত ভাঙনি কৰা পুৰাণৰ অনুবাদ। খ্ৰীষ্টীয় ষোড়শ শতিকাত, অকল অসমেই নহয় সকলো প্ৰাদেশিক ভাষাতেই ধৰ্মশাস্ত্ৰ ভাঙনি পদবন্ধত হৈছিল, তেনে সময়তে বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্যক দামোদৰদেৱে স্ত্ৰী-শূদ্ৰ সকলোৰে সুবিধাৰ্থে গীতা, ভাগৱত আদি শাস্ত্ৰবোৰক গদ্যত ভাঙনি কৰিবলৈ আদেশ দিছিল। সেই অনুযায়ী, তেওঁ প্ৰথমে কথা-গীতা আৰু তাৰ পিছত কথা-ৰত্নাৱলী, কথা-ভাগৱতৰ ৰচনা কৰে। এই সংক্ষিপ্ত ভাগৱত ৰচনা কৰোঁতে তেৰায়ে শ্ৰীধৰ স্বামীৰ ভাষ্যৰ সহায় লৈছিল। কথা-ভাগৱতৰ দশম স্কন্ধৰ শেষৰ অধ্যায়ত গ্ৰন্থকাৰে মহাপুৰুষ শংকৰদেৱকো প্ৰশংসা কৰিছে। গ্ৰন্থখনত প্ৰত্যক্ষ উক্তিৰ প্ৰাধ্যানতা অধিক, আনহাতে নাম-ধাতুৰ প্ৰয়োগো ইয়াৰ অন্য বৈশিষ্ট্য। শব্দ চয়ন আৰু বৈয়াকৰণ বৈশিষ্ট্যৰ ওপৰত সংস্কৃত ভাষাৰ যথেষ্ট প্ৰভাৱ আছে। পাটবাউসী নামৰ ঠাইত ভট্টদেৱে ১৫১৫ শকৰ পৰা ১৫১৯শকৰ ভিতৰত অসমীয়া গদ্যত কথা-ভাগৱত ৰচনা কৰিছিল বুলি ঠাৱৰ কৰা হৈছে।১

তথ্যসূত্ৰ

  1. ↑ (1987). কথা-ভাগৱত. ড কৈলাস শৰ্মা. পৃ. xiiv

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থহিন্দু ধৰ্ম গ্ৰন্থঅনূদিত গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কথা-ভাগৱত” প্ৰবন্ধৰ সংশোধন ২৫৯১৫১ (১৪ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।