অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

চিৰ চেনেহী মোৰ ভাষা জননী

চিৰ চেনেহী মোৰ ভাষা জননী হৈছে অসম সাহিত্য সভাৰ আদৰণি গীত। ইয়াৰ ৰচক হ'ল সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া সাহিত্যিক সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত। যোৰহাটৰ প্ৰয়াত দৰ্পনাথ শৰ্মাই এই গীতৰ সুৰ তথা স্বৰলিপি ৰচনা কৰিছিল। অসম সাহিত্য সভাৰ অধিবেশনৰ সকলো অনুষ্ঠানৰ আৰম্ভণিতে এই গীত পৰিবেশন কৰা হয়।

হালনাগাদ: ৮ জুলাই ২০২৬ ১২৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

চিৰ চেনেহী মোৰ ভাষা জননী হৈছে অসম সাহিত্য সভাৰ আদৰণি গীত।১ ইয়াৰ ৰচক হ'ল সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) সাহিত্যিক সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত। যোৰহাটৰ প্ৰয়াত দৰ্পনাথ শৰ্মাই এই গীতৰ সুৰ তথা স্বৰলিপি ৰচনা কৰিছিল। অসম সাহিত্য সভাৰ অধিবেশনৰ সকলো অনুষ্ঠানৰ আৰম্ভণিতে এই গীত পৰিবেশন কৰা হয়। সভাৰ বাহিৰে আন অনুষ্ঠানত এই গীত পৰিবেশন কৰাৰ অনুমতি নাই।১২

গীতটোৰ সম্পূৰ্ণ পাঠ

চিৰ চেনেহী মোৰ ভাষা জননী।

ধন্যে পুণ্যে হৃত-পাৱনী, আই॥

প্ৰকৃতি পৰশ-ৰসে অমল কমল

চঞ্চল হৃদি জলে ঢালে পৰিমল

কোমল চম্পাৰ কলি

ঢৌৱে ঢৌৱে ঢৌৱে তুলি

ৰিণিকি ৰিণিকি কোনে তোলে ৰাগিণী॥

সংসাৰ গুৰুভাৰে অৱশ পৰাণ

হিয়াত বিলীন হয় হিয়াভৰা গান

কাৰ নিচুকনি সনা

শুনি বাণী ব্যথা পমা

চকুতে চকুৰ নীৰে লয় জিৰণি॥

জীৱনে মৰণে ৰণে লহৰী সুধাৰ

বসনা শিতানে বহি সিঁচা শতধাৰ

হে' মোৰ মধুৰাননা মাগিছোঁ মাধুৰী কণা,

দিয়া দিয়া দিয়া আই, মধু-ভাষিণী॥

তথ্যসূত্ৰ

  1. ↑ Anthem of Asam Sahitya Sabha. Asamsahityasabha.com
  2. ↑ Information About Asom Sahitya Sobha song - Assam. Assamspider.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গীতঅসম সাহিত্য সভা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিৰ চেনেহী মোৰ ভাষা জননী” প্ৰবন্ধৰ সংশোধন ৬১৬১৬৪ (৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।