অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

এৰি অহা দিনবোৰ

এৰি অহা দিনবোৰ (Eri Aha Dinbor) হৈছে অসমীয়া সাহিত্যিক আৰু কবি নলিনীবালা দেৱীৰ আত্মজীৱনী। ১৯৭৬ চনত তেখেতৰ এই আত্মজীৱনীখন প্ৰকাশিত হৈছিল। আত্মজীৱনীখনত তেখেতে শৈশৱ-কৈশোৰৰ সময়ৰ পৰা আৰম্ভ কৰি জীৱনৰ বিয়লি বেলালৈকে অৰ্জন কৰা অনেক অভিজ্ঞতা-উপলব্ধিৰ বৰ্ণনা কৰিছে।

হালনাগাদ: ১২ অক্টোবৰ ২০২৪ ১০৩ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

এৰি অহা দিনবোৰ (Eri Aha Dinbor) হৈছে অসমীয়া সাহিত্যিক আৰু কবি নলিনীবালা দেৱীৰ আত্মজীৱনী। ১৯৭৬ চনত তেখেতৰ এই আত্মজীৱনীখন প্ৰকাশিত হৈছিল। আত্মজীৱনীখনত তেখেতে শৈশৱ-কৈশোৰৰ সময়ৰ পৰা আৰম্ভ কৰি জীৱনৰ বিয়লি বেলালৈকে অৰ্জন কৰা অনেক অভিজ্ঞতা-উপলব্ধিৰ বৰ্ণনা কৰিছে।১

লেখিকাৰ সংক্ষিপ্ত জীৱনী

নলিনীবালা দেৱীৰ জন্ম হৈছিল ১৮৯৮ চনৰ ২৩ মাৰ্চত অসমৰ বৰপেটাত। পিতৃ আছিল কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ আৰু মাতৃ আছিল হেমন্ত কুমাৰী। তেখেতে ঘৰতেই সংস্কৃত ভাষা, সাহিত্য, গীত, ছবি অঁকা আদি সকলো শিক্ষা লাভ কৰিছিল। ১৯০৯ চনত মাত্ৰ ১১ বছৰ বয়সতে শিৱসাগৰৰ জীৱেশ্বৰ চাংকাকতিৰ লগত তেওঁৰ বিবাহ হৈছিল। কিন্তু মাত্ৰ ১৯ বছৰ বয়সতে (১৯১৭ চনত) তেওঁ অকালতে স্বামীৰ মৃত্যু ঘটে।২১৯৭৭ চনৰ ২৪ ডিচেম্বৰত তেখেতৰ দেহাৱসান ঘটে।২

নলিনীবালা দেৱী অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি আছিল। অসমীয়া কাব্য সাহিত্যত তেখেতক ৰহস্যবাদী কবি বা অতিন্দ্ৰীয়বাদী কবি হিচাপে জনা যায়। সাহিত্য অকাডেমি বঁটা (অলকানন্দ গ্ৰন্থৰ বাবে) লাভ কৰা তেখেত আছিল প্ৰথমগৰাকী অসমীয়া মহিলা। ১৯৫৮ চনত তেখেতে ভাৰত চৰকাৰৰ পৰা সন্মানীয় পদ্মশ্ৰী লাভ কৰে। অসমীয়া সাহিত্যৰ ভঁৰাললৈ তেখেতে গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই গৈছে।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ দেৱী, নলিনীবালা. (২০১২). এৰি অহা দিনবোৰ. লয়াৰ্ছ বুক ষ্টল. পৃ. ২-৬. ISBN 81-7331-263-095-5
  2. ↑ কাব্যভাৰতী নলীনিবালা দেৱী
  3. ↑ নলিনীবালা দেৱী

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থআত্মজীৱনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এৰি অহা দিনবোৰ” প্ৰবন্ধৰ সংশোধন ৪৩৭০১৬ (১২ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।