অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আসাম বুৰঞ্জী

আসাম বুৰঞ্জী (Assam Buranji) হৈছে অসমৰ সাহিত্যিক, প্ৰবন্ধকাৰ, নাট্যকাৰ, বুৰঞ্জীবিদ গুণাভিৰাম বৰুৱায়ে যুগুতোৱা এখনি বুৰঞ্জী। গ্ৰন্থখনত প্ৰাচীন কালৰ অসমৰ পৰা আৰম্ভ কৰি ইংৰাজৰ শাসন পৰ্যন্ত ঘটনাৱলী বৰ্ণিত হৈছে। গ্ৰন্থখন ১৮৮৪ চনত প্ৰকাশিত হৈছিল।

হালনাগাদ: ২৪ অক্টোবৰ ২০২০ ৯৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

আসাম বুৰঞ্জী (Assam Buranji) হৈছে অসমৰ সাহিত্যিক, প্ৰবন্ধকাৰ, নাট্যকাৰ, বুৰঞ্জীবিদ গুণাভিৰাম বৰুৱায়ে যুগুতোৱা এখনি বুৰঞ্জী। গ্ৰন্থখনত প্ৰাচীন কালৰ অসমৰ পৰা আৰম্ভ কৰি ইংৰাজৰ শাসন পৰ্যন্ত ঘটনাৱলী বৰ্ণিত হৈছে। গ্ৰন্থখন ১৮৮৪ চনত প্ৰকাশিত হৈছিল।১

জীৱনীকাৰৰ চমু পৰিচয়

মূল প্ৰবন্ধ: গুণাভিৰাম বৰুৱা

গুণাভিৰাম বৰুৱা (১৮৩৭-১৮৯৪) এগৰাকী অসমীয়া সাহিত্যিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ আৰু সমাজ সংস্কাৰক। তেখেতক ঊনবিংশ শতিকাৰ আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী পথ-প্ৰদৰ্শক ৰূপে গণ্য কৰা হয়। অসমীয়া নাটকৰ আধুনিক ধাৰা প্ৰকৃততে তেখেতৰ "ৰাম-নৱমী" (১৮৫৭)ৰ পৰাই আৰম্ভ হয়।

গ্ৰন্থৰ চমু পৰিচিতি

গুণাভিৰাম বৰুৱাৰ এই গ্ৰন্থখনত প্ৰণালীবদ্ধভাৱে অসম বুৰঞ্জীৰ ঘটনাক্ৰম সন্নিৱিষ্ট হৈছে। গ্ৰন্থখনত প্ৰাচীন কালৰ অসমৰ পৰা ইংৰাজৰ শাসনলৈকে ঘটনাৱলীৰ বিৱৰণ আছে। গ্ৰন্থখনৰ ৰচনাৰীতি সৰল আৰু গাম্ভীৰ্যপূৰ্ণ।১

তথ্যসূত্ৰ

  1. ↑ বৰুৱা, শান্তনু কৌশিক. (২০২০). অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৫৯৬. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আসাম বুৰঞ্জী” প্ৰবন্ধৰ সংশোধন ২৫০৪০৬ (২৪ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।