অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

কুলাংগাৰ (গ্ৰন্থ)

কুলাংগাৰ (Kulangar) হৈছে পংকজ জ্যোতি মহন্ত ৰচিত এখন উপন্যাস। এইখন লেখকৰ প্ৰথমখন উপন্যাস। ২০২৩ চনৰ ডিচেম্বৰ মাহত গ্ৰন্থখন প্ৰথম প্ৰকাশ কৰে সঞ্জীৱন প্ৰকাশনে। গ্ৰন্থখনৰ প্ৰচ্ছদ GPT-4 এ আই সঁজুলিৰ সহায়ত ফটো লৈ লেখকৰ সম্পাদনাত প্ৰস্তুত কৰা হৈছে।

হালনাগাদ: ২৭ ছেপ্তেম্বৰ ২০২৫ ১০০ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

কুলাংগাৰ (Kulangar) হৈছে পংকজ জ্যোতি মহন্ত ৰচিত এখন উপন্যাস।১ এইখন লেখকৰ প্ৰথমখন উপন্যাস। ২০২৩ চনৰ ডিচেম্বৰ মাহত গ্ৰন্থখন প্ৰথম প্ৰকাশ কৰে সঞ্জীৱন প্ৰকাশনে। গ্ৰন্থখনৰ প্ৰচ্ছদ GPT-4 এ আই সঁজুলিৰ সহায়ত ফটো লৈ লেখকৰ সম্পাদনাত প্ৰস্তুত কৰা হৈছে।১২৩৪৫

বিৱৰণ

কুলাংগাৰ শীৰ্ষক উপন্যাসখনত মুঠতে ২৫ টা অধ্যায় আৰু শেহত এখন পৰিশিষ্ট আছে। অধ্যায়সমূহ হ'ল১

  1. এটি শিশুৰ আনন্দ
  2. এখন চোকা দাৰ সৌন্দৰ্য
  3. জিলিকি-থকা-বালিবোৰ-এশ-বছৰৰ-পাছত-সোণ-হয়
  4. এটা পায়খানা তিনিটা নিয়ম
  5. চকুলো দৰ্শন
  6. পিতা-পুত্ৰ
  7. ডাৱৰ চুবলৈ এস্কিম' জাতিৰ সান্নিধ্য বিচাৰি
  8. বিপ্লৱৰ সীৰলুত উদ্ভূত বীজাণু
  9. তেজীমলাৰ মাকৰ সন্ধানত
  10. ককা-আইতা-নাতি
  11. পিছল বীজলুৱা দুভৰি
  12. কায়ুম
  13. অভিজাত-উচ্চ-গণিত
  14. ঘাই-পথৰ দাঁতিত সভ্যতাৰ অসুখ
  15. মুক্তিৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা
  16. আত্মহত্যা
  17. ৰাইজক-চেণ্ডেল-লগাই-দিম
  18. স্বপ্নহীনতা
  19. নাক
  20. ঘুলিত জাহাজ
  21. ডেইজী
  22. অতীতহীনতা
  23. ফাঁচী বজাৰত নিউয়ৰ্ক চহৰ
  24. কুকুৰ
  25. ভূস্বৰ্গত আপোন বাসিন্দা

বিভিন্ন মন্তব্য

কুলাংগাৰ সম্পৰ্কে ডঃ হীৰেন গোহাঁই-এ লিখিছে,

"নায়ক অলিন্দৰ নিৰ্লিপ্ত, নিৰপেক্ষ দৃষ্টিত নানা পৰম্পৰাগত বৈষম্য, নিষ্ঠুৰ প্ৰথা, অৱদমন আৰু কপটালিক সজীৱ চিত্ৰায়নেৰে পাঠকৰ মন-মগজু আকৰ্ষণ কৰা এখন বৃহদাকাৰ গ্ৰন্থ। আকাৰটো কিছু কমাব পাৰিলেহেঁতেন। কিন্তু পৰম্পৰাৰ জয়গান চলি থকা অৱস্থাত তেনে মূল্যবোধৰ অৱক্ষয় তথা অসাৰতা আৰু সি ঘটোৱা মানৱতাৰ অৱমাননা লেখকে যথেষ্ট কুশলতাৰে দাঙি ধৰিছে।"৬

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: পংকজ জ্যোতি মহন্ত

লেখক পংকজ জ্যোতি মহন্ত গণিত আৰু বিজ্ঞান বিষয়ৰ দ্বিভাষিক ই-আলোচনী গণিত চ’ৰাৰ সহঃপ্ৰতিষ্ঠাপক আৰু এগৰাকী সম্পাদক। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা গণিতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। গণিত-বিজ্ঞানৰ উপৰি বিভিন্ন সামাজিক আৰু সাম্প্ৰতিক সময়ৰ প্ৰসংগক লৈ তেওঁ কাকত, ই-আলোচনী আৰু ব্লগৰ জৰিয়তে নিয়মীয়াকৈ লেখা-মেলা কৰি আহিছে।৭

তথ্যসূত্ৰ

  1. ↑ পংকজ জ্যোতি মহন্ত. (২০২৩). কুলাংগাৰ. পৃ. ৭১২. ISBN 978-81-958909-9-6
  2. ↑ (৩১ ডিচেম্বৰ,২০২৩). 'তাঁতশালৰ সপোন' আৰু 'কুলাংগাৰ' উন্মোচন. দৈনিক জনমভূমি. পৃ. ১,৬
  3. ↑ (২ জানুৱাৰী,২০২৪). সামাজিক মাধ্যমত এশজনৰ একেলগে উন্মোচন উপন্যাস 'কুলাংগাৰ'. নিয়মীয়া বাৰ্তা
  4. ↑ (৩১ ডিচেম্বৰ, ২০২৩). পংকজজ্যোতি মহন্তৰ উপন্যাস 'কুলাংগাৰ' উন্মোচন. অসমীয়া প্ৰতিদিন
  5. ↑ (৩১ ডিচেম্বৰ). এশজন ব্যক্তিয়ে উন্মোচন কৰিলে 'কুলাংগাৰ'. দৈনিক অসম
  6. ↑ ডঃ হীৰেন গোহাঁই. (৯ জানুৱাৰী, ২০২৪). গ্ৰন্থ বাতৰি. অসমীয়া প্ৰতিদিন. পৃ. ১০
  7. ↑ ALIPTA JENA. (Wednesday, November 23, 2011). Numbers spell fun on website - Gonitsora transforms maths. The Telegraph

সম্পৰ্কিত শ্ৰেণী

অসমীয়া উপন্যাসঅসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুলাংগাৰ (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৫৪০৩২৫ (২৭ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।