ভাৰতীয় দৰ্শনত উপস্কাৰ ভাৰতীয় দাৰ্শনিক কণাদৰ বৈশেষিক সূত্ৰৰ এক ধাৰাবাহিক।১ ইয়াক সংস্কৃত ভাষাত ৰচনা কৰিছিল মিথিলাৰ ভাৰতীয় দাৰ্শনিক শংকৰ মিশ্ৰই।২৩৪
পটভূমি
শংকৰ মিশ্ৰই তেওঁৰ পিতৃ ভৱনাথ মিশ্ৰৰ পৰা, যাক আয়াছী মিশ্ৰ নামেৰেও জনা যায়, মৌখিকভাৱে বৈশেষিক সূত্ৰ শিকিছিল। তাৰ পিছত তেওঁ প্ৰাচীন বৈদিক ঋষি কণাদৰ বৈশেষিক সূত্ৰৰ ওপৰত সংস্কৃত টীকা গ্ৰন্থ ৰচনা কৰে। এই ধাৰাবাহিক গ্ৰন্থখনক উপস্কাৰ বুলি জনা যায়।৪
বিৱৰণ
সংস্কৃত টীকা গ্ৰন্থ উপস্কাৰ খ্ৰীষ্টীয় ১৫ শতিকাত ৰচনা কৰা হৈছিল। কোৱা হয় যে, উপস্কাৰ গ্ৰন্থখন হয়তো ১৪৬২ খ্ৰীষ্টাব্দৰ আগতে ভাৰতীয় দাৰ্শনিক শংকৰ মিশ্ৰই ৰচনা কৰিছিল। নব্য ন্যায় পণ্ডিতসকলৰ প্ৰকাশভংগীৰ বৈশিষ্ট্য উপস্কাৰ ধাৰাবাহিকত পোৱা গৈছিল, গতিকে ইয়াত কোৱা হৈছিল যে, নব্য ন্যায় শাস্ত্ৰৰ পৰ্যাপ্ত জ্ঞান অবিহনে উপস্কাৰ গ্ৰন্থখন বুজি পোৱাটো অতি কঠিন।৫৬
তথ্যসূত্ৰ
- ↑ The Vaisesika Sutras Of Kanada. Cosmo Publications. ISBN 978-81-307-0518-7
- ↑ (1915). Indian Thought. The Editor
- ↑ Sinha, Jadunath. (1949). Introduction to Indian Philosophy. Lakshmi Narain Agarwal
- ↑ Mishra, Umesha. (1966). History of Indian Philosophy. Tirabhukti Publications
- ↑ www.wisdomlib.org. (2024-08-20). 3. Authors of Vaisheshika (g): Sankara Misra (1462 A.D.). www.wisdomlib.org
- ↑ Goel, Aruna. (1984). Indian Philosophy: Nyāya-Vaiśeṣika and Modern Science. Sterling. পৃ. 31. ISBN 978-0-86590-279-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উপস্কাৰ” প্ৰবন্ধৰ সংশোধন ৫৩৯৮৯৮ (২৩ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।