কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
চীনা পৰম্পৰাগত সংগীত
পৰম্পৰাগত চীনা সংগীতত বিভিন্ন সংগীত ধাৰা অন্তৰ্ভুক্ত হৈছে যিবোৰ চীনে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছে। বিশেষকৈ, এই শব্দটোৱে চিং ৰাজবংশ বা তাৰ আগৰ সময়ছোৱাত সৃষ্টি হোৱা সংগীত ধাৰাসমূহক বুজায়।
-
চেতনা (১৯৭০ চলচ্চিত্ৰ)
চেতনা ( Chetna ) ১৯৭০ চনত নিৰ্মিত বলীউডৰ এখন নাট্যধৰ্মী ছবি, পৰিচালক আছিল বি.আৰ. ইছাৰা। অভিনয় কৰিছে শত্ৰুঘ্ন সিনহা, অনিল ধৱন আৰু ৰেহানা চুলতানে। ছবিখনৰ কাহিনী বেশ্যাৰ পুনৰ্বাসনৰ বিষয়টোক কেন্দ্ৰ কৰি ৰচনা কৰা হৈছে। অভিনেত্ৰী ৰেহানা চুলতানৰ সাহসিক দৃশ্যৰ বাবে চেতনা অধিক বিখ্যাত।
-
চেম্বাই সংগীত উৎসৱ
চেম্বাই সংগীত উৎসৱ (ইংৰাজী: Chembai Sangeetholsavam) হৈছে কৰ্ণাটকী শাস্ত্ৰীয় সংগীতজ্ঞ আৰু গুৰুভায়ুৰাপ্পানৰ এগৰাকী পৰম ভক্ত চেম্বাই বৈদ্যনাথ ভগৱতৰ স্মৃতিত গুৰুভায়ুৰ দেৱস্বমৰদ্বাৰা গুৰুভায়ুৰত অনুষ্ঠিত এক বাৰ্ষিক কৰ্ণাটকী সংগীত উৎসৱ (যিটো তিৰুভাইয়াকুৰ ত্যাগৰাজ আৰাধনাৰ সৈতে সাদৃশ্যপূৰ্ণ)।
-
ছংক্ৰান
ছংক্ৰান (Songkran) হৈছে থাইলেণ্ড, লাওচ, কম্বোডিয়া, ম্যানমাৰ, শ্ৰীলংকা, উত্তৰ-পূব ভাৰতৰ কিছু অংশ, ভিয়েটনামৰ কিছু অংশ আৰু চীনৰ জিচুয়াংবান্নাত উদযাপন কৰা পৰম্পৰাগত নৱবৰ্ষৰ উৎসৱ। ছংক্ৰান শব্দটোৰ মূল হৈছে সংস্কৃত ভাষাৰ সংক্ৰান্তি।
-
ছবিয়াল
ছবিয়াল ২০২০ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এখন থ্ৰিলাৰ নাট্য চলচ্চিত্ৰ। মানস বসুৰ দ্বাৰা পৰিচালিত আৰু মিলন দত্তৰ দ্বাৰা প্ৰযোজিত ছবিখন পৰমহংস চিত্ৰমৰ বেনাৰত নিৰ্মিত হৈছে। ২০২০ চনৰ ১১ ডিচেম্বৰ তাৰিখে ছবিখনে ছবিগৃহত মুক্তি লাভ কৰিছিল।
-
ছিয়ান গুৱয়ে
ছিয়ান গুৱয়ে (চীনা: 西安鼓乐), যাক শানক্সি গুৱয়ে (陕西鼓乐) বুলিও জনা যায়, হৈছে এক আঞ্চলিক চীনা ৰীতি-নীতি সম্পৰ্কীয় সংগীত ধাৰা। ইয়াৰ উৎপত্তিস্থল শানক্সি প্ৰদেশৰ ছিয়ান চহৰৰ নামেৰে নামাকৰণ কৰা এক বিশেষ প্ৰকাৰৰ বতাহত বাজি উঠা আৰু তাড়ন বাদ্যৰ সমিলমিল ইয়াত দেখা যায়।
-
ছুজেন ডি'মেলো
ছুজেন ডি'মেলো বলীউড আৰু অন্যান্য আঞ্চলিক ছবিৰ এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী, যি পূৰ্বতে ছুজি কিউ নামেৰে পৰিচিত আছিল। তেওঁ টেলিভিছনৰ বিজ্ঞাপনৰ বাবেও জিংগল গাইছে। যোৱা কিছু বছৰৰ পৰা ছুজেনে এ.আৰ.
-
জমাৎ-উল-বিদা
জমাৎ-উল-বিদা (جمعة الوداع বিদায়ৰ শুক্ৰবাৰ, বা al-Jumu'ah al-Yateemah الجمعة اليتيمة বা the orphaned Friday উৰ্দু: বা অল-বিদা জুম্মা) হৈছে ঈদুল ফিতৰ পূৰ্বে ৰমজান (পঞ্জিকা মাহ) মাহৰ শেষ শুক্ৰবাৰ।
-
জিলা সংগ্ৰহালয়, তেজপুৰ
তেজপুৰ জিলা সংগ্ৰহালয় হৈছে তেজপুৰ চহৰৰ কেন্দ্ৰস্থলত অৱস্থিত অসমৰ ১২টা সংগ্ৰহালয়ৰ এটা। ১৯৮৬ চনৰ ১৬ মাৰ্চ মাহত এই সংগ্ৰহালয়টো অসমৰ গুৱাহাটীস্থিত সংগ্ৰহালয় পৰিৱেশকৰ অধীনত স্থাপন কৰা হৈছিল।
-
জীৱন চিলা নৈ উৎসৱ
জীৱন চিলা নৈ উৎসৱ বা জীৱন চিলা উৎসৱ (Jeevan Kite River Festival) হৈছে অসমৰ গুৱাহাটীত অনুষ্ঠিত এক বাৰ্ষিক উৎসৱ। চমুকৈ চিলা নৈ নামেৰেও পৰিচিত এই উৎসৱ ব্ৰহ্মপুত্ৰৰ পাৰত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। সুৰেশ ৰঞ্জন গডুকাৰ ব্যক্তিগত প্ৰচেষ্টাত ২০১২ চনত চিলা নৈৰ আৰম্ভণি কৰা হয়।
-
জোনবিল মেলা
অসমৰ এটা অতি আকৰ্ষণীয় উৎসৱ হ'ল জোনবিল মেলা। মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চলৰ জাগীৰোডৰ পৰা উত্তৰে তিনি কিলোমিটাৰ দূৰত্বত (গুৱাহাটী ৰ পৰা ৩২ কিমি) অৱস্থিত এখন বিলৰ নাম হৈছে জোনবিল। এই বিলৰ পাৰত অনুষ্ঠিত হোৱা মেলাৰ নামেই জোনবিল মেলা।
-
ঝুলন যাত্ৰা
ঝুলন যাত্ৰা বা ঝুলন পূৰ্ণিমা ভাৰতৰ বৈষ্ণৱ সম্প্ৰদায় সকলে শ্ৰাৱনী পূৰ্ণিমা তিথিত পালন কৰা উৎসৱ। হোলী আৰু জন্মাষ্টমীৰ পিছতেই কৃষ্ণপন্থী বৈষ্ণৱ সকলৰ ই অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ। হিন্দু দিনপঞ্জী মতে ঝুলন যাত্ৰা শ্ৰাৱণ মাহৰ শুক্লা দশমী তিথিত আৰম্ভ হৈ শ্ৰাৱনী পূৰ্ণিমাত শেষ হয়।
-
টামলা ডু
টামলা ডু অৰুণাচল প্ৰদেশৰ মিচিমি জনজাতিয়ে উদযাপন কৰা এটি উৎসৱ। শান্তি, একতা তথা মঙ্গল কামনাৰে উদ্যাপিত এই উৎসৱটি লোহিত জিলাৰ বসতি প্ৰধান মিচিমি জনজাতিয়ে উলহ-মালহেৰে উদযাপন কৰে।
-
টিং টিং চাওৰো
টিং টিং চাওৰো (ꯇꯤꯡ ꯇꯤꯡ ꯆꯥꯎꯔꯣ) হৈছে এটি পৰম্পৰাগত মেইতেই ভাষাৰ গান। সাধাৰণতে, এইটো মাকসকলে নিজৰ সন্তানক স্নান কৰোৱাৰ সময়ত গায়। লগতে, মেইতেই পৰম্পৰাগত মাইবীসকলে এইটো লাই হৰাওবা উৎসৱত গায়।
-
টু ব্ৰোক গাৰ্লচ্
টু ব্ৰোক গাৰ্লচ্ (ইংৰাজী:2 Broke Girls) হৈছে এখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইংৰাজী ভাষাৰ চিটুৱেচন কমেডি ধাৰাবাহিক।
-
টেস্কেট্ৰা
TechXetra হৈছে ভাৰতৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাৰ্ষিক প্ৰযুক্তি-সাংস্কৃতিক উৎসৱ। TechXetra দুটা শব্দৰ সংমিশ্ৰণ- Tech আৰু Xetra। ‘টেক’ মানে টেকন’লজি আৰু ‘জেট্ৰা’ অৰ্থাৎ ভূখণ্ড। জ্ঞান আৰু বুদ্ধিমত্তা প্ৰদৰ্শনৰ বাবে উত্তৰ-পূব ভাৰতৰ অন্যতম সাধাৰণ মঞ্চ আছিল।
-
টেৰা নোভা
টেৰা নোভা (ইংৰাজী:Tera Nova) হৈছে এখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইংৰাজী ভাষাৰ কল্পবিজ্ঞান ধৰ্মী ধাৰাবাহিক।
-
ঠগা
ঠগা অসমীয়া হস্ত শিল্পৰ উৎকৃষ্ট নিদৰ্শন। চন্দ্ৰকান্ত অভিধান মতে ঠগা হ’ল (সংস্কৃতত স্থগী)পুথি থোৱা এঠেঙীয়া কাঠৰ আধাৰ। পুথি থোৱা আন এক প্ৰকাৰৰ আধাৰ পোৱা যায়। ৩০ৰ পৰা ৪৫ ছেমিঃ দীঘল তক্তা এখনৰ মাজভাগত বিশেষ প্ৰক্ৰিয়াৰে কাটি মাজেদি ফালি দুভাগ কৰা হয়।
-
ড'ৰেমন লেণ্ড
ড'ৰেমন লেণ্ড জাপানী এনিমেশ্যন অনুষ্ঠান ড'ৰেমনৰ ওপৰত আধাৰিত এটি স্পেনীয় খেলৰ অনুষ্ঠান। এই অনুষ্ঠান ছিক্সটি ডেচিবেল, লুক ইণ্টাৰনেচনেল, আৰু টাৰ্ণেকৰ দ্বাৰা নিৰ্মিত।
-
ডিভোৰ্চ (২০২৩ চলচ্চিত্ৰ)
ডিভোৰ্চ (Divorce) ২০২৩ চনত মিনি আই জিৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ভাৰতীয় মালয়ালম ভাষাৰ এখন ছবি, য’ত সামাজিক, মানসিক আৰু অৰ্থনৈতিক দিশৰ জৰিয়তে পৰিয়ালৰ গতিশীলতাক স্তব্ধ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াত চন্দুনাথ, সন্তোষ কিজাট্টুৰ, পি শ্ৰীকুমাৰ, শিবলা ফাৰাই অভিনয় কৰিছে।
-
ডেঞ্জাৰাছ (২০২২ চনৰ চলচ্চিত্ৰ)
ডেঞ্জাৰাছ ২০২২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ চলচ্চিত্ৰ, যি ৰাম গোপাল বৰ্মাই পৰিচালনা কৰিছে আৰু নট্টি কুমাৰে প্ৰযোজনা কৰিছে। চলচ্চিত্ৰখনত নয়না গাংগুলী, অপ্সৰা ৰাণী, আৰু ৰাজপাল য়াদৱ মুখ্য ভূমিকাত আছে।
-
ড্ৰুক ছেন্ধেন
ড্ৰুক ছেন্ধেন (গাজনি ড্ৰেগনৰ দেশ) ভূটানৰ ৰাষ্ট্ৰীয় সংগীত। গ্যাল্ডুন ঠিনলে'ই লিখা আৰু আকু টংমিয়ে সুৰ কৰা এই গীতক ১৯৫৩ চনত স্বীকৃতি দিয়া হৈছিল। ভাৰতত শিক্ষিত টংমিক ভাৰতীয় প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভ্ৰমণৰ পূৰ্বেই সামৰিক ব্ৰাছ বেণ্ডৰ নেতা নিযুক্ত কৰা হ'ল।
-
তাবেতা টেইলচ
তা-বে-তা টেইলচ (ফাৰ্চী: قصههای تابهتا) যিটো জিজিগুলু নামেৰেও পৰিচিত, হৈছে মৰ্জিয়ে বৰুমাণ্ড পৰিচালিত এখন ইৰানী ধাৰাবাহিক। এই ধাৰাবাহিকখনৰ মূল ভাষা হৈছে ফাৰ্চী। এই ধাৰাবাহিকখন ১৯৯৪ চনৰ আৰম্ভণিতে আৰম্ভ হৈছিল আৰু ১৯৯৫ চনৰ বসন্তকাললৈকে ইৰানী দূৰদৰ্শনত সম্প্ৰচাৰিত হৈছিল।
-
তালাক (১৯৩৮ চলচ্চিত্ৰ)
তালাক (Talaq; অনু: বিবাহবিচ্ছেদ) ১৯৩৮ চনত মুক্তি পোৱা এখন ভাৰতীয় সামাজিক মেল’ড্ৰামা চলচ্চিত্ৰ। ছবিখন মিনাৰ্ভ ম’ভীটোনৰ ছোহৰাব মোডীয়ে পৰিচালনা কৰিছিল। আনন্দ কুমাৰ আৰু গজানন জাগীৰদাৰে ৰচনা কৰা কাহিনীটোৰ সংলাপ আৰু গীতৰ কথা আনন্দ কুমাৰৰ। সংগীতৰ ৰচনা কৰিছিল মিৰ চাহেবে।
-
তিলনি
অসমীয়া হিন্দু সমাজত মানুহ মৰাৰ তিনি দিনৰ দিনা পালন কৰা লোকাচাৰেই হ'ল তিলনি। অসমীয়া সমাজত দেহত্যাগ কৰিলে ঘৰৰ লোক আৰু ঘৰখনক অশুচি বুলি জ্ঞান কৰা হয়। গতিকে,মানুহ মৰাৰ তিনিদিনৰ দিনা কাপোৰ কানি ভালদৰে ধুই- পখালি,চাফ-চিকুণ কৰা হয়।
-
তিৰুভিলাইয়াদাল আৰামবম
তিৰুভিলাইয়াদাল আৰামবম (The Divine Sport Starts) এখন তামিল চলচ্চিত্ৰ।
-
তুম্হাৰী ছুলু
তুম্হাৰী ছুলু (Tumhari Sulu) ২০১৭ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ কমেডী-নাট্যধৰ্মী ছবি, যাৰ ৰচনা আৰু পৰিচালনা সুৰেশ ত্ৰিবেণীৰ। ছবিখন টি-ছিৰিজ আৰু এলিপছিছ এণ্টাৰটেইনমেণ্টৰ বেনাৰত ভূষণ কুমাৰ, তনুজ গাৰ্গ, কৃষণ কুমাৰ, অতুল কছবেকৰ আৰু শান্তি শিৱৰাম মাইনীয়ে প্ৰযোজনা কৰিছে।[5] তুমহাৰী ছুলুৰ শিৰোনাম চৰিত্ৰত…
-
তেজছ (চলচ্চিত্ৰ)
তেজছ্ ( Tejas ) ২০২৩ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ একচন থ্ৰিলাৰ ছবি; ২০২৩ চনৰ ২৭ অক্টোবৰত ছবিখন মুক্তি পায় আৰু সমালোচকৰ পৰা বেছিভাগেই নেতিবাচক বিশ্লেষণ লাভ কৰে। মুক্তিৰ প্ৰথম দুদিনতে হিন্দী চলচ্চিত্ৰৰ অন্যতম বৃহৎ বক্স অফিচ দুৰ্যোগ হিচাপে তেজছে আত্মপ্ৰকাশ কৰে।
-
থিৰুভাঞ্চেৰী কাভু
থিৰুভাঞ্চেৰী কাভু কেৰেলাৰ কান্নুৰ জিলাৰ কুথুপাৰম্বাৰ ওচৰত অৱস্থিত৷ প্ৰাচীন পূজাৰ স্থান য'ত শাকতেয় ৰীতি-নীতি কৰা হয়। শাক্ত আৰু শৈৱ পৰম্পৰাৰ সমন্বয়ৰ বাবে এই মন্দিৰটো উল্লেখযোগ্য।
-
দামুল
দামুল ( Damul ) ১৯৮৫ চনত মুক্তি পোৱা, প্ৰকাশ ঝা পৰিচালিত এখন হি্ন্দী চলচ্চিত্ৰ। বিহাৰৰ গয়া জিলাৰ বাসিন্দা শৈৱাল ৰচিত কালসূত্ৰ শীৰ্ষক গল্পৰ আধাৰত ছবিৰ কাহিনীভাগ ৰচনা কৰা হৈছিল। ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অনু কাপুৰ, শ্ৰীলা মজুমদাৰ, মনোহৰ সিংহ, দীপ্তি নাভাল, ৰঞ্জন কামাথ আৰু প্যাৰে মোহনে।