ফাক ফৰ ফৰেষ্ট (Fuck for Forest (film)) হৈছে ২০১২ চনৰ মিচাল মাৰ্চ্জাকৰ পৰিচালনাত নিৰ্মিত এখন তথ্যচিত্ৰ। ২০১২ চনৰ ১৩ অক্টোবৰত পোলেণ্ডত ৱাৰ্ছ চলচ্চিত্ৰ মহোৎসৱত এই তথ্যচিত্ৰখনৰ প্ৰিমিয়াৰ হয় আৰু তাত ই শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰে।১২ ২০১৩ চনৰ ৮ মাৰ্চত আমেৰিকাত চাউথ বাই চাউথৱেষ্ট চলচ্চিত্ৰ মহোৎসৱত ইয়াৰ প্ৰিমিয়াৰ হয়।৩ ২০১৩ চনত ই শ্বেফিল্ড ডক/ফেষ্টৰ অংশ হিচাপে শ্বেফিল্ড গ্ৰীণ বঁটাৰ বাবে মনোনীত হয় আৰু বিশেষ উল্লেখ লাভ কৰে।৪
প্লট
এই তথ্যচিত্ৰখনে ২০০৪ চনত নৰৱেত লিওনা জোহানছন আৰু টমী হোল এলিংচেনে প্ৰতিষ্ঠা কৰা ফাক ফৰ ফৰেষ্ট বা এফএফএফ নামৰ এটা অলাভজনক পৰিৱেশ সংস্থাৰ অনুসৰণ কৰি নিৰ্মিত, যিয়ে পৰ্ণগ্ৰাফিক সামগ্ৰী প্ৰস্তুত কৰি বা ৰাজহুৱা স্থানত যৌন সম্পৰ্ক স্থাপন কৰি বিশ্বৰ বৰ্ষাৰণ্য উদ্ধাৰৰ বাবে ধন সংগ্ৰহ কৰে।৩
অভ্যৰ্থনা
সমালোচনা
ৰিভিউ এগ্ৰিগেটৰ ৱেবছাইট ৰটেন টমেটোছত ১৬ জন সমালোচকৰ পৰ্যালোচনাৰ ভিতৰত ৬৩% ইতিবাচক, গড় ৰেটিং ৬.১/১০।৫
বিতৰ্ক
২০১৩ চনৰ মাৰ্চ মাহত এফ এফ এফৰ ৱেবছাইটত মিচাল মাৰ্চ্জাকক সমালোচনা কৰা হৈছিল কাৰণ তেওঁ এফ এফ এফ দলক ব্ৰাজিলত "এন জি অ' সভা" স্থাপন কৰাৰ ভুৱা তথ্য দিছিল।৬
তথ্যসূত্ৰ
- ↑ Warsaw Film Festival. Wff.pl
- ↑ Fuck for Forest (2012) - Release dates
- ↑ Sykes, Tom. (2013-03-13). Meet the Germans Having Sex to Save the World. The Daily Beast
- ↑ Sheffield Doc/Fest: The Sheffield Green Award
- ↑ Fuck for Forest. Rotten Tomatoes. Fandango
- ↑ ~ Fuck for forest. ~ Fuck for forest
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাক ফৰ ফৰেষ্ট (তথ্যচিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬২০৮৭৫ (২৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।