কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
দীনবন্ধু পুৰস্কাৰ
দিনবন্ধু পুৰস্কাৰ হ'ল পশ্চিম বংগৰ এক সন্মানীয় নাট্য বঁটা। ১৯৮৩ চনত পশ্চিম বংগ চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক বিভাগৰ নাট্য উপদেষ্টা ব’ৰ্ডে বাংলা নাট্য জগতলৈ আগ বঢে়াৱা সামগ্ৰিক অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদানৰ সিদ্ধান্ত লয়। ১৯৮৩ চনৰ পৰা ১৯৮৫ চনলৈকে নাট্য উপদেষ্টা ব’ৰ্ডে এই পুৰস্কাৰ প্ৰদান কৰে।
-
দুমৌৰ
দুমৌৰ বা দুমীৰ মিচিং জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা গামোচা৷ ইয়াক পুৰুষ মহিলা উভয়েই ব্যৱহাৰ কৰে৷ দুমৌৰ একৰ পৰা দুই মিটাৰ হয়৷ ইয়াৰ দুয়োটা মূৰত ফুল বছা হয় বা যিকোনো ৰঙৰ সূতাৰে পাৰি দি আঁচু বৈ দিয়া হয়৷ দুমৌৰ বিভিন্ন সময়ত বিভিন্ন ধৰণে পৰিধান কৰা হয়৷ কেতিয়াবা কঁকালত, কেতিয়াবা মূৰত বা গাত লোৱা হয়৷
-
দে দে হমে আজাদী
দে দে হমে আজাদী অথবা সবৰমতী কে শান্ত হৈছে কভী প্ৰদীপে ৰচনা কৰা এটা ভাৰতীয় গীত। মহাত্মা গান্ধী আৰু তেওঁৰ অহিংস প্ৰকৃতিলৈ উচৰ্গিত এইটো এটা দেশপ্ৰেমমূলক গীত। বলিউডৰ ছবি জাগৃতি (১৯৫৪)-ৰ এটা ছাউণ্ডট্ৰেক। গীতটোত কণ্ঠদান কৰিছিল আশা ভোছলে।
-
দেহাল পূজা
দেহাল পূজা বা দেওশাল পূজা কাৰ্বিসকলে পালন কৰা এটি লোক উৎসৱ। গাঁৱৰ উন্নতিৰ বাবে গাঁওবাসীয়ে এই পূজা আয়োজন কৰি দেৱ-দেৱীসকলক প্ৰাৰ্থনা কৰে।
-
দৈজিং উৎসৱ
দৈজিং উৎসৱ (Dwijing Festival) বা আই নদী উৎসৱ হৈছে চিৰাং জিলাৰ আই নদীৰ পাৰত হাগ্ৰামা দলঙৰ কাষত অনুষ্ঠিত এক বাৰ্ষিক নদী উৎসৱ। উৎসৱটো প্ৰতিবছৰে ১২ দিন ধৰি (২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈকে) উদ্যাপন কৰা হয়।
-
দ্য গৱৰ্ণমেণ্ট ছাৰ্ভেণ্ট (২০২৩ চলচ্চিত্ৰ)
দ্য গৱৰ্ণমেণ্ট ছাৰ্ভেণ্ট (The Government Servant) ২০২৩ চনত মুক্তিলাভ কৰা অসমীয়া ভাষাৰ এখন চলচ্চিত্ৰ। ইয়াৰ পৰিচালনা প্ৰদ্যুৎ কুমাৰ ডেকাৰ। জয়ন্ত মাধৱ বৰা আৰু প্ৰদ্যুৎ কুমাৰ ডেকাই যুটীয়াভাৱে ইয়াক ৰচনা কৰিছে। চলচ্চিত্ৰখনত নিকুমণি বৰুৱা, কপিল বৰা, হিৰণ্য ডেকা, উপকূল বৰদলৈ আদি শিল্পীয়ে অভিনয় কৰিছে।
-
দ্য ডাল্টনচ (২০১০ টিভি শৃংখলা)
ডাল্টনছ (ফৰাচী ভাষাত লেছ ডাল্টন নামেৰে জনাজাত) হৈছে শিল্পী মৰিছ আৰু লেখক ৰেনে গছচিনিৰ কামৰ ওপৰত আধাৰিত এখন ফৰাচী কমেডি এনিমেটেড টেলিভিছন শৃংখলা কিয়নো ই কমিক কিতাপ শৃংখলা লাকী লুকৰ চাৰিজন মুখ্য খলনায়কৰ ওপৰত গুৰুত্ব দিয়ে যিয়ে প্ৰতিবাৰেই লাকী লুকে তেওঁলোকক বন্দী কৰি ৰখা কাৰাগাৰৰ পৰা পলাই যাবলৈ…
-
দ্য শ্বোলে গাৰ্ল
দ্য শ্বোলে গাৰ্ল ( The Sholay Girl ) আদিত্য সৰ্পোতদাৰ পৰিচালিত আৰু শ্ৰাৱণী দেওধৰ, সাই দেওধৰ আৰু শক্তি আনন্দ প্ৰযোজিত ২০১৯ চনৰ হিন্দী ভাষাৰ এখন জীৱনীমূলক নাট্যধৰ্মী ছবি। ফৈজল আখতাৰ আৰু শ্ৰবাণী দেওধৰৰ দ্বাৰা ৰচিত এই ছবিখন ভাৰতৰ প্ৰথম ষ্টাণ্ট অ’মেন ৰেশমা পাঠানৰ জীৱনৰ ওপৰত আধাৰিত।
-
দ্য ষ্ট'ৰি অৱ পুপু
দ্য ষ্ট'ৰি অৱ পুপু (জাপানী: プープーの物語, পুপু নো মনোগাটাৰি) ১৯৯৮ চনৰ এটা জাপানী চলচ্চিত্ৰ যি কেন্সাকু ৱাটানাবে দ্বাৰা লিখিত আৰু পৰিচালিত। ছাকুৰা উয়েহাৰা আৰু ৰেইকো মাটছুও মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
দৰ পূজা
দৰ-পূজা হৈছে একপ্ৰকাৰৰ অস্ত্ৰ-শস্ত্ৰ পূজন। নাট্যসমল যুক্ত দৰ-পূজা, ‘শস্ত্ৰ -পূজন’ পৰম্পৰাৰ প্ৰত্যক্ষ ধাৰক আৰু বাহকৰূপে গণ্য কৰা হয়। পুৰণি কালত কোচ-ৰজাসকলে ৰণ-যাত্ৰাৰ প্ৰাক মুহূৰ্তত দৰ পূজা উদযাপন কৰিছিল। কিন্তু ইয়াৰ দৰে বৰ্তমান দৰঙী ৰজাৰ বংশধৰসকলে দৰ-পূজা নকৰে।
-
ধীৱৰা (সংগীত)
ধীৱৰা (Dhivara; One with Perseverance) হৈছে এছ এছ ৰাজামৌলীৰ দ্বাৰা পৰিচালিত ২০১৫ চনত মুক্তিপ্ৰাপ্ত তেলেগু চলচ্চিত্ৰ “বাহুবলী: দ্য বিগিনিং”-ৰ এটি গীত। গীতটিত ৰম্য বেহাৰা আৰু দীপুয়ে কণ্ঠদান কৰিছে৷ ৰামযোগায়া শাস্ত্ৰীয়ে লিখা এই গীতটিৰ সুৰ আৰোপ কৰিছে এম এম কীৰাবাণীয়ে৷ গীতটিৰ অধিকাংশ কথা সংস্কৃতত…
-
ধুৰা নাট
অংকীয়া নাটকৰ আদৰ্শত নৱবৈষ্ণৱ যুগৰ পৰৱৰ্তী কালত উজনি অসমত এশ্ৰেণীৰ নাটক আৰু অভিনয় কলাৰ সৃষ্টি হৈছিল- যাক 'ধুৰা নাট'বা 'ভাওনা' নাট আখ্যা দিব পাৰি। এইবিধ নাট আৰু অভিনয়-কলা অংকীয়া নাট আৰু ভাওনাৰ লোক ৰূপ (folk form)মাথোঁন।
-
ধ্বনি ভানুশালী
ধ্বনি ভানুশালী (জন্ম: ২২ মাৰ্চ ১৯৯৮) এগৰাকী ভাৰতীয় পপ গায়িকা আৰু অভিনেত্ৰী। মুম্বাইত জন্মগ্ৰহণ কৰা ভানুশালীয়ে ২০১৯ চনত তেওঁৰ একক ‘বাস্তে’ৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰে, যিয়ে ইউটিউবত ১.৭ বিলিয়ন ভিউ অতিক্ৰম কৰি ইউটিউবত ১ বিলিয়ন ভিউ লাভ কৰা আটাইতকৈ কম বয়সীয়া আৰু দ্ৰুততম ভাৰতীয় পপ তাৰকা হিচাপে…
-
ধৰম বীৰ
ধৰম বীৰ (Dharam-Veer ) ১৯৭৭ চনৰ, মনমোহন দেশাই পৰিচালিত হিন্দী ভাষাৰ এখন পিৰিয়দ একচন-ড্ৰামা ছবি। আৰ.কে. ষ্টুডিঅ’ৰ বেনাৰত মেহবুব ষ্টুডিঅ’ৰ অধীনত সুভাষ দেশায়ে ছবিখন প্ৰযোজনা কৰিছিল। অভিনয় কৰিছিল ধৰ্মেন্দ্ৰ, জীতেন্দ্ৰ, জীনত আমন, নীতু সিং আৰু প্ৰাণে। সংগীত ৰচনা লক্ষ্মীকান্ত–প্যাৰেলালৰ।
-
নজৰুল জয়ন্তী
নজৰুল জয়ন্তী (নজৰুল জয়ন্তী) হৈছে কাজী নজৰুল ইসলামৰ জন্মদিন, যাক বাংলাদেশৰ ৰাষ্ট্ৰীয় কবি হিচাপে সন্মানিত কৰা হয়। এই দিনটো প্ৰতিবছৰে ২৫ মে’ তাৰিখে উদ্যাপন কৰা হয়। এই দিনটো বাংলাদেশ আৰু ভাৰতৰ পশ্চিমবংগৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত বিশেষ কাৰ্যসূচীসহ উদ্যাপন কৰা হয়।
-
নটুৱা নাচ
সত্ৰীয়া নৃত্যধাৰাৰ এপদ আকৰ্ষণীয় নাচ হ'ল- নটুৱা নাচ। গুৰু দুজনা আৱিৰ্ভাৱৰ পূৰ্বৰেপৰা উজনি-নামনিৰ সত্ৰবোৰত দেৱদাসী নৃত্যৰ পয়োভৰ আছিল। এই নাচৰ বিভিন্ন ৰূপাংগৰ আধাৰত সত্ৰসমূহত নটুৱা নাচে এঙামুৰি দিয়ে। কোনো কোনো লোকৰ মতে এই নাচৰ সৃষ্টিত মহাপুৰুষ মাধৱদেৱৰ অৱদান ভালেখিনি।
-
নতুন পাতা
নতুন পাতা (Natun Pata) দীনেন গুপ্ত পৰিচালিত ১৯৬৯ চনৰ বঙালী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী ছবি। ছবিখনৰ মূল চৰিত্ৰত আৰতি গংগোপাধ্যায়, কাজল গুপ্ত, শম্ভু মিত্ৰ আৰু সমিত ভঞ্জই অভিনয় কৰে। এইখন ১৯৬৯ চনৰ ২৮ ফেব্ৰুৱাৰীত মুক্তি পায়।
-
নাকা বিহাৰ
নাকা বিহাৰ এটা বৌদ্ধ স্তুপ। ই অনুৰাধাপুৰ যুগৰ শেষৰফালে খ্ৰীষ্টপূৰ্ব সপ্তম আৰু দশম শতিকাৰ মাজত নিৰ্মিত আৰু ই শ্ৰীলংকাৰ অনুৰাধাপুৰত অৱস্থিত। ইটাৰে নিৰ্মিত ডাগোবাটোৰ আকৃতি বৰ্গক্ষেত্ৰাকাৰ।
-
নাটালি ডি লুচিঅ’
নাটালি ডি লুচিঅ’ (Natalie Di Luccio; জন্ম: ২৯ জুন ১৯৮৯) অন্টাৰিঅ'ৰ টৰন্টোৰ এগৰাকী ইটালীয়-কানাডিয়ান শাস্ত্ৰীয়-ক্ৰছঅভাৰ গায়িকা। ভাৰতীয় শাস্ত্ৰীয় গীতৰ অনন্য পৰিবেশনৰ বাবে তেওঁক প্ৰায়ে "বলিউডৰ ছ'প্ৰানো" বুলি কোৱা হয়।
-
নাদু-ভংগী
নাদু-ভংগী হ'ল সত্ৰীয়া নৃত্যৰ এটা ভাগ। এই নাদু-ভংগী নাচত তিনিযোৰা নটুৱাই (গোপ-গোপী) নাচে। সত্ৰৰ নতুন শিকাৰু সকলে এই নাচ শিকে।
-
নাৰ্গিছ বাঘেৰী
নাৰ্গিছ বাঘেৰী এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী আৰু গায়িকা, যিয়ে বলীউড আৰু কলিউড ছবিত অভিনয় কৰিছিল আৰু বলীউডৰ এখন ছবিৰ বাবে গীত গাইছিল। তেওঁক বলীউডৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰীৰ দৰে একে নাৰ্গিছ নামেৰে জনা যায়। বাঘেৰীৰ ঘৰ পুনেত। ২০০৫ চনত মুক্তি পোৱা গৰম মছলা আছিল তেওঁৰ প্ৰথম ছবি।
-
নিউ গাৰ্ল
নিউ গাৰ্ল (ইংৰাজী:New Girl; অসমীয়া:নতুন ছোৱালী) হৈছে এখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইংৰাজী ভাষাৰ চিটুৱেচন কমেডি ধাৰাবাহিক।
-
নিৰঞ্জনাবেন মুকুলভাই কলাৰ্থী
নিৰঞ্জনাবেন মুকুলভাই কলাৰ্থী: Niranjanaben Mukulbhai Kalarthiএগৰাকী ভাৰতীয় লেখিকা আৰু শিক্ষাবিদ। ২০২২ চনত ২০২১ চনৰ নাৰী শক্তি পুৰস্কাৰ সন্মানেৰে সন্মানিত হৈছিল।
-
নিৰ্ভয়া (চলচ্চিত্ৰ)
নিৰ্ভয়া (Nirbhoya) সম্বিত মিডিয়া এণ্ড প্ৰডাকচনচৰ বেনাৰত মিলন ভৌমিক পৰিচালনা আৰু সঞ্জীৱ সমাদ্দাৰৰ প্ৰযোজিত ২০১৮ চনৰ এখন বাংলা ছবি। ছবিখন ২০১২ দিল্লীৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যা গোচৰৰ আধাৰত নিৰ্মিত। পশ্চিম বংগৰ উপৰিও উৰিষ্যা, অসম আৰু বিহাৰৰ দৰে আন ৰাজ্যতো ছবিখন মুক্তি পোৱাৰ কথা আছিল।
-
নীতু বনজাক্ষী
নীতু বনজাক্ষী (জন্ম: ২৫ ফেব্ৰুৱাৰী ১৯৯৩) হৈছে কৰ্ণাটকৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বিগ বচ কন্নড় – ছিজন ১০-ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল, আৰু সাত সপ্তাহৰ পিছত অনুষ্ঠানৰ পৰা বাদ পৰে।
-
নূৰ জাহান (চলচ্চিত্ৰ)
নূৰ জাহান ১৯৬৭ চনৰ শ্বেখ মুখতাৰৰ প্ৰযোজনা আৰু মহম্মদ ছাদিকৰ পৰিচালনাত নিৰ্মিত এখন বলীউড ছবি। ইয়াত মীনা কুমাৰী, প্ৰদীপ কুমাৰ, হেলেন আৰু ললিতা পাৱাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনত মোগল সম্ৰাট জাহাংগীৰৰ বিংশতম আৰু শেষ পত্নী নূৰজাহানৰ জীৱনৰ কাল্পনিক চিত্ৰণ।
-
পঞ্চম গ্ল'বেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটা
২০১৪ চনৰ ভাৰতৰ শ্ৰেষ্ঠ সংগীতসমূহক পুৰস্কৃত কৰিবলৈ ২০১৫ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে মুম্বাইৰ ফিল্ম চিটীত পঞ্চম গ্ল'বেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।
-
পঞ্চৈবাজা
পঞ্চৈবাজা হৈছে নেপালৰ পৰম্পৰাগত সংগীত যন্ত্ৰৰ সমষ্টি। সাধাৰণতে বিবাহ, পূজা-পাৰ্বণ, শোভাযাত্ৰা আদি ধৰ্মীয় অনুষ্ঠানত এই বাদ্যযন্ত্ৰসমূহ ব্যৱহাৰ কৰা হয়। নেপালী সমাজত এই বাদ্যযন্ত্ৰসমূহ মূলত দামাই আৰু গাইনে জাতিৰ সংগীতজ্ঞসকলে বজায়।
-
পদাতিক (১৯৭৩ চনৰ চিনেমা)
পদাতিক (পদাতিক (১৯৭৩-এর চলচ্চিত্র)) হ'ল মৃণাল সেন প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আৰু মৃণাল সেন পৰিচালিত ১৯৭৩ চনৰ এখন বাংলা ভাষাৰ বোলছবি। এই বোলছবিখনক মৃণাল সেনৰ কলিকতা ট্ৰাইলজীৰ তৃতীয়খন ছবি বুলি গণ্য কৰা হয়, বাকীকেইখন হৈছে ইণ্টাৰভিউ, আৰু কলিকতা ৭১।
-
পয় পি মাও
পয় পি মাও হৈছে অৰুণাচল প্ৰদেশ আৰু অসমত বসবাস কৰা টাই খামটিসকলে উদযাপন কৰা নৱবৰ্ষ উৎসৱ। টাই খামটি চন্দ্ৰ বৰ্ষপঞ্জী অনুসৰি নিৰ্ধাৰিত দিনত প্ৰতি বছৰে তিনিদিনীয়াকৈ এই উৎসৱ পালন কৰা হয়। গ্ৰেগৰিয়ান দিনপঞ্জী মতে এই উৎসৱৰ দিন নৱেম্বৰ আৰু/বা ডিচেম্বৰ মাহত পৰে।