পানীতোলা সবাহ ( Panitola xabah) উজনি অসমৰ গাঁও বিশেষত পালন কৰি অহা এক লোকাচাৰ। খেতিৰ বাবে পৰ্যাপ্ত বৰষুণ কামনা কৰি প্ৰতিবছৰে জেঠ-আহাৰ মাহত পানীতোলা সবাহৰ আয়োজন কৰা হয়। তিনিদিনীয়াকৈ গাঁৱৰ নামঘৰত সমূহীয়াভাৱে পালন কৰা এই সবাহত অংগ খুঁত নথকা, পিতৃ-মাতৃ জীৱিত থকা তিনিজনী অপুষ্পিতা ছোৱালীয়ে গাঁৱৰ ৰাইজ, গায়ন-বায়নসহ শোভাযাত্ৰা কৰি গৈ নদীৰ তিনিটা ঘাটৰ পৰা তিনিটা এঁৱা কলহত পানী তুলি আনে। পানী তুলি আনি নামঘৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰে। তৃতীয় দিনা পুৱাৰ পৰা মূল সবাহ আৰম্ভ হয়। সেইদিনা পানী তোলাৰ অন্তত নামঘৰত নাম-কীৰ্তন, নেগেৰা নাম, থিয় নাম, দিহা নাম আদি পৰিৱেশন কৰাৰ উপৰি ৰাতিলৈ ভাওনাৰ আয়োজন কৰা হয়।১ জনগোষ্ঠী ভেদে পানীতোলা সবাহ পালনৰ নিয়ম কিছু ভিন্ন হোৱা দেখা যায়। উদাহৰণ স্বৰূপে ঠেঙাল কছাৰী সকলে পানীতোলা সবাহ পতাৰ দিনা কলপটুৱাৰ ভূৰ সাজি চাকি শলিতা জ্বলাই মাহ-প্ৰসাদ আগবঢ়াই ভূৰখন নৈত উটুৱাই দিয়ে। পানীতোলা সবাহ পালন কৰিলে বৰষুণ হয়, পথাৰ শস্যেৰে ভৰি পৰে আৰু গাঁৱত মাৰি-মৰক নহয় বুলি জনবিশ্বাস প্ৰচলিত হৈ আছে।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পানীতোলা সবাহ” প্ৰবন্ধৰ সংশোধন ৬১৫০৩৭ (৩০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।