অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বোমকাই শাৰী

বোমকাই শাৰী ( Bomkai Saree) ভাৰতৰ ওড়িশাৰ এবিধ হস্ততাঁত শাৰী। গঞ্জাম জিলাৰ পৰা বোমকাই গাঁৱত উৎপত্তি যদিও পিছলৈ ইয়াক প্ৰধানকৈ সুবৰ্ণপুৰ জিলাৰ ভুলীয়া সম্প্ৰদায়ে উৎপাদন কৰিবলৈ লয়। বোমকাই ভাৰতৰ অন্যতম ভৌগোলিক সূচক লাভ কৰা এবিধ সামগ্ৰী। এই শাৰী বিভিন্ন ফেশ্বন শ্ব'ত প্ৰদৰ্শিত জনপ্ৰিয় পৰিচ্ছদ।

হালনাগাদ: ২৪ আগষ্ট ২০২৬ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ
বোমকাই শাৰী
বোমকাই শাৰীছবি: Nayansatya · CC BY 3.0

বোমকাই শাৰী ( Bomkai Saree) ভাৰতৰ ওড়িশাৰ এবিধ হস্ততাঁত শাৰী। গঞ্জাম জিলাৰ পৰা বোমকাই গাঁৱত উৎপত্তি যদিও পিছলৈ ইয়াক প্ৰধানকৈ সুবৰ্ণপুৰ জিলাৰ ভুলীয়া সম্প্ৰদায়ে উৎপাদন কৰিবলৈ লয়।১ বোমকাই ভাৰতৰ অন্যতম ভৌগোলিক সূচক লাভ কৰা এবিধ সামগ্ৰী।২ এই শাৰী বিভিন্ন ফেশ্বন শ্ব'ত প্ৰদৰ্শিত জনপ্ৰিয় পৰিচ্ছদ।৩

বিৱৰণ

বোমকাই হ’ল পৰম্পৰাগত ৰঙৰ৪ সৈতে আধুনিক ডিজাইনৰ সংমিশ্ৰণ। কপাহী সুতাৰ এই শাৰীবোৰ সাধাৰণতে দৈনন্দিন জীৱনত আৰু ৰেচমী শাৰীবোৰ আনন্দ অনুষ্ঠান বা পবিত্ৰ অনুষ্ঠান আদিত পিন্ধা হয়। শাৰী পৰিহিতা মহিলাক এক আকৰ্ষণীয় ৰূপ দিবলৈ শাৰীবোৰ মনোমুগ্ধকৰ ৰঙত তৈয়াৰ কৰা হয়। প্ৰাচীন বিশ্বাস মতে এই শাৰীৰ পাৰিবোৰ বেছিভাগ ক্ষেত্ৰত মাছৰ নক্সা দেখা যায়; কাৰণ ই সাফল্য আৰু সমৃদ্ধিৰ লক্ষণ।

ইতিহাস

বোমকাই শাৰীৰ উৎপত্তি ওড়িশাৰ গঞ্জাম জিলাৰ বোমকাই গাঁৱত হৈছিল।৫ তেতিয়াৰ পাটনাৰ শাসক ৰামাই দেৱৰ সময়ত সোণপুৰত ইয়াৰ প্ৰচলন হয়।

তথ্যসূত্ৰ

  1. ↑ Sarees of Orissa
  2. ↑ State Wise Registration Details of G.I Applications. Ipindia.nic.in
  3. ↑ Hunt for handloom brand ambassador
  4. ↑ Odisha, Handloom. Bomkai - Modern in Design with Traditional Tinge. orisahandloom.com
  5. ↑ Aditi Ranjan; M. P. Ranjan. (2009). Handmade in India: A Geographic Encyclopedia of Indian Handicrafts. Abbeville Press. ISBN 978-0-7892-1047-0

সম্পৰ্কিত শ্ৰেণী

ওড়িশাৰ সংস্কৃতিবস্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বোমকাই শাৰী” প্ৰবন্ধৰ সংশোধন ৬৩০৫৮৬ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।