প্ৰিয়ংকা বাৰ্ৱে এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু অভিনেত্ৰী। বাৰ্ৱে মাৰাঠী, হিন্দী আৰু আন কিছুমান ভাৰতীয় ভাষাত গীত গাইছে, অৱশ্যে মাৰাঠী চলচ্চিত্ৰ উদ্যোগত তেওঁ আটাইতকৈ সক্ৰিয়। ফিৰোজ খানৰ “মোগল ই আজম”ৰ বহল অভিযোজনত আনাৰকলীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বাৰ্ৱে পৰিচিত।১২ ৫৬তম মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাত তেওঁ ফিল্ম বন্দীশালৰ "কালোখাচ্যা ৱাটেবৰ্তী" গীতটোৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে। . প্ৰিয়ংকা ভাৰতৰ পুনেৰ। প্ৰিয়ংকা সংগীত পৰিয়ালৰ পৰা আহিছে।৩ তেওঁ প্ৰবীণ কণ্ঠশিল্পী পদ্মাকৰ আৰু মালতী পাণ্ডে বাৰ্ভেৰ নাতিনীয়েক। আইতাকে তেওঁক শাস্ত্ৰীয় গায়নত মাৰ্গ দৰ্শন কৰিছিল।৪
১৭ বছৰৰ পৰা প্ৰিয়ংকাই পেছাদাৰীভাৱে গান গাই আহিছে।৩ বাৰ্ৱে মাৰাঠী ছবিৰ এগৰাকী নেপথ্য কণ্ঠশিল্পী। তেওঁ বহু মাৰাঠী ছবি, যেনে ডাবল ছিট, মুম্বাই-পুনে-মুম্বাই ২, অজিন্থা, অনলাইন বিনলাইন, ৰামা মাধৱ,৫ বন্দাশাল আৰু লষ্ট এণ্ড ফাউণ্ডত গীত গাইছে।
তথ্যসূত্ৰ
- ↑ Meet Priyanka Barve, Firoze khan's real life Anarkali - Free Press Journal. freepressjournal.in
- ↑ (21 October 2016). Why the Broadway interpretation of 'Mughal-E-Azam' should be on your watch list. Vogue
- ↑ (15 January 2017). BACKSTAGE WITH SALIM AND ANARKALI. Pune Mirror
- ↑ Blessed with sweet voice · Sakal Times. www.sakaaltimes.com
- ↑ Bhanage, Mihir. (16 January 2017). Music review: Lost and Found. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়ংকা বাৰ্ৱে” প্ৰবন্ধৰ সংশোধন ৫০৮১২৭ (১২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।