অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিৰাজ বহু

বিৰাজ বহু ( Biraj Bahu ) ১৯৫৪ চনত মুক্তি পোৱা আৰু শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ বাংলা উপন্যাসৰ আধাৰত নিৰ্মিত এখন হিন্দী ছবি। ছবিৰ পৰিচালক বিমল ৰায় আৰু প্ৰযোজক হিতেন চৌধুৰী। কামিনী কৌশল, অভি ভট্টাচাৰ্য আৰু প্ৰাণ অভিনীত ছবিখনৰ সংগীত ৰচনা সলিল চৌধুৰীৰ।

হালনাগাদ: ১৫ ফেব্ৰুৱাৰী ২০২৫ ১৪৪ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

বিৰাজ বহু ( Biraj Bahu ) ১৯৫৪ চনত মুক্তি পোৱা আৰু শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ বাংলা উপন্যাসৰ আধাৰত নিৰ্মিত এখন হিন্দী ছবি। ছবিৰ পৰিচালক বিমল ৰায় আৰু প্ৰযোজক হিতেন চৌধুৰী।১ কামিনী কৌশল, অভি ভট্টাচাৰ্য আৰু প্ৰাণ অভিনীত ছবিখনৰ সংগীত ৰচনা সলিল চৌধুৰীৰ। এই ছবিখনে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ অল ইণ্ডিয়া চাৰ্টিফিকেট অৱ মেৰিট লাভ কৰে।

সেই সময়ৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী মধুবালা ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ আগ্ৰহী আছিল। এই উদ্দেশ্যে লৈ তেওঁ কেইবাবাৰো বিমল ৰায়ৰ অফিচলৈ গৈছিল। অৱশ্যে ছবিখন কৰাৰ বাবে তেওঁ বেছি পাৰিশ্ৰমিক বিচাৰিব বুলি ভাবি মধুবালাৰ সলনি কামিনী কৌশলক কাষ্টিং কৰা হয়। এই কথা জানিব পাৰি মধুবালাই কৈছিল যে বিৰাজ বহুত তেওঁ এটকাও নোলোৱাকৈ অভিনয় কৰিলেহেঁতেন।২

সন্মান

  • ১৯৫৪: ২য় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ অল ইণ্ডিয়া চাৰ্টিফিকেট অফ মেৰিট৩
  • ১৯৫৫: শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা- বিমল ৰায়
  • ১৯৫৫: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা- কামিনী কৌশল
  • ১৯৫৫: Palme d'Or – কেনচ চলচ্চিত্ৰ মহোৎসৱ (মনোনীত)৪৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Biraj Bahu The New York Times
  2. ↑ Madhubala 86th Birth Anniversary: Know what the golden girl of Indian screen regretted till her last breath. CatchNews.com
  3. ↑ 2nd National Film Awards. Directorate of Film Festivals
  4. ↑ Festival de Cannes: Biraj Bahu. festival-cannes.com
  5. ↑ Biraj Bahu awards ইণ্টাৰনেট মুভি ডাটাবেছ

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ১৯৫৪ বৰ্ষৰ চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিৰাজ বহু” প্ৰবন্ধৰ সংশোধন ৪৭৭৮৩১ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।