পাটনা সংগ্ৰহালয় (Patna Museum) ভাৰতৰ বিহাৰ ৰাজ্যৰ এটা ৰাজ্যিক সংগ্ৰহালয়। ১৯১৭ চনৰ ৩ এপ্ৰিলত ব্ৰিটিছ ৰাজৰ সময়ত পাটনাৰ আশে-পাশে পোৱা ঐতিহাসিক সামগ্ৰীসমূহ ৰখাৰ বাবে এই সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা হৈছিল। ১ ২ ৩ সংগ্ৰহালয়টো মোগল আৰু ৰাজপুত স্থাপত্যৰ শৈলীত নিৰ্মাণ কৰা হৈছে আৰু স্থানীয়ভাৱে ইয়াক যাদুঘৰ বুলি জনা যায়। প্ৰাচীন ভাৰত যুগৰ পৰা ১৭৬৪ খ্ৰীষ্টাব্দৰ ভিতৰৰ শিল্পকৰ্মসমূহ বৰ্তমান বিহাৰ সংগ্ৰহালয়লৈ স্থানান্তৰ কৰা হৈছে।
ইতিহাস আৰু পুৰাতত্ত্বৰ ক্ষেত্ৰত গৱেষণা কৰা আৰু বিহাৰ চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত ‘কে পি জয়ছোৱাল গৱেষণা প্ৰতিষ্ঠান’ও (KPJRI) পাটনা সংগ্ৰহালয়ৰ দ্বাৰা সঞ্চালিত হয়। ৪
সংগ্ৰহ
বহুমুখী সংগ্ৰহালয়ত প্ৰদৰ্শিত সামগ্ৰীসমূহৰ ভিতৰত আছে- পুৰাতাত্ত্বিক সামগ্ৰী, মুদ্ৰা, কলাকৃতি, চিত্ৰকলা, উপকৰণ, বস্ত্ৰ, ব্ৰঞ্জত অংকিত ছবি, হিন্দু আৰু বৌদ্ধ ভাস্কৰ্য্য আৰু টেৰাকোটা। ইয়াত দৈনন্দিন জীৱনক চিত্ৰিত কৰা ব্ৰিটিছ যুগৰ বিৰল চিত্ৰৰ সংগ্ৰহ আছে; লগতে আছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ সৈতে জড়িত এক সুন্দৰ সংগ্ৰহ। সংগ্ৰহালয়টোত প্ৰথম বিশ্বযুদ্ধৰ কামানো দেখিবলৈ পোৱা যায়। ৫
তথ্যসূত্ৰ
- ↑ (5 April 2017). Exhibition on 100 yrs of museum concludes. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Archived copy
- ↑ Bhushan, Sudanshu. (2021). Governance of Higher Education in Bihar: Influence of Power Centers. Routledge. পৃ. 30. ISBN 9781000379839
- ↑ Townscript · Online Event Registration and Ticketing Platform. www.townscript.com
- ↑ Destinations:: Patna::Bihar State Tourism Development Corporation. Bstdc.bih.nic.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাটনা সংগ্ৰহালয়” প্ৰবন্ধৰ সংশোধন ৪৯১৪৯০ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।