প্ৰভাতী গোৱা অসমৰ ঠাইবিশেষে প্ৰতিবছৰে পুহমাহত চলি অহা এটা পৰম্পৰা৷ এই পৰম্পৰাৰ সৈতে মাঘবিহুৰ ওচৰ সম্পৰ্ক আছে বুলি ধাৰণা কৰা হয়৷১
ৱিৱৰণ
সমগ্ৰ পুহমাহ জুৰি সুৰ্যোদয়ৰ পূৰ্বেই গাঁৱৰ যুৱক আৰু আদহীয়া লোকসকলে গাঁৱৰ বাটে বাটে প্ৰভাতী গায়৷ এই প্ৰভাতী গোৱাত শংখ, ঘণ্টা, খুটিতাল, খোল, মৃদংগ, ডম্বৰু আদি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়৷ সমনীয়াই শংখ বজাই দলৰ বাকীসকলক পুৱাতে জগোৱাৰ নিয়ম৷ তাৰপাছত সকলোৱে দল বান্ধি হৰিধ্বনি দি গীত জোৰে৷
প্ৰভাতীত সাধাৰণতে শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত বৰগীতসমূহ পৰিবেশন কৰা হয়৷ এই বৰগীতসমূহ বাদ্যযন্ত্ৰ সংগত কৰি সমস্বৰে গায়৷১
লোকবিশ্বাস
লোকবিশ্বাস অনুসৰি পুহ মাহত প্ৰভাতী নাগালে উৰুকাৰ ধুনি জ্বলাব নোৱাৰি৷ তেনেদৰে প্ৰভাতী নাগালে মাঘৰ বৰদোমাহীৰ দিন ৰাইজৰ চোতালত নাম গোৱাৰ পৰাও বিৰত থাকিব লাগে৷১
তথ্যসূত্ৰ
- ↑ ’প্ৰভাতী আৰু মাঘ বিহু’-ববিতা কলিতা, প্ৰান্তিক, ১৬ জানুৱাৰী, ২০১২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰভাতী” প্ৰবন্ধৰ সংশোধন ২৭০৪৮৯ (৮ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।