অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পুষনা

পুষনা হৈছে অবিভক্ত গোৱালপাৰা জিলাৰ উপৰিও মেঘালয়ৰ গাৰোপাহাৰৰ সমতল ভূমিত বসবাস কৰা দেশী মুছলমানসকলে পুহ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এক পৰ্ব। ইয়াক পুষনে বুলিও কোৱা হয়। এই পৰ্ব মাঘ বিহুৰ সমপৰ্যায়ৰ যদিও এই পৰ্ব পালনৰ সুকীয়া ৰীতি নীতি আছে। পুষনাৰ আগদিনা গাঁৱৰ বিলত সমূহীয়াকৈ গঞা ৰাইজে মাছ মাৰে।

হালনাগাদ: ১ অক্টোবৰ ২০২০ ১৪৪ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

পুষনা হৈছে অবিভক্ত গোৱালপাৰা জিলাৰ উপৰিও মেঘালয়ৰ গাৰোপাহাৰৰ সমতল ভূমিত বসবাস কৰা দেশী মুছলমানসকলে পুহ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এক পৰ্ব। ইয়াক পুষনে বুলিও কোৱা হয়। এই পৰ্ব মাঘ বিহুৰ সমপৰ্যায়ৰ যদিও এই পৰ্ব পালনৰ সুকীয়া ৰীতি নীতি আছে। পুষনাৰ আগদিনা গাঁৱৰ বিলত সমূহীয়াকৈ গঞা ৰাইজে মাছ মাৰে। ইয়াক "বোয়াইত" নামা বুলি কয়। পুষনাৰ দিনা ৰাতিপুৱাই গৰুক গা ধুৱাই দিয়া হয় আৰু দুষ্ট গৰুক গৰম লোৰে "চেংটা" দিয়া হয়। ইয়াক দাগি দিয়া বুলি কোৱা হয়। সৰু ল'ৰা ছোৱালীৰো মূৰত কচুপাত দি গৰম লোৰ মৃদু সেক দিয়া হয়। এনে কৰিলে সন্তান চোকা হয় বুলি বিশ্বাস আছে। গোটেই পুহ মাহত সৰু ল'ৰাবোৰে ঘৰে ঘৰে গৈ "হাছাই গীত" গায় আৰু চাউল, টকা পইচা গৃহস্থৰ পৰা মাগি লয়। সংক্ৰান্তিৰ দিনাখন ৰাতিত সকলোৱে পথাৰত ভোজ ভাত খায়। ইয়াক পুষনা খোৱা বুলিও কয়। এই সময়তে ঘৰে ঘৰে পিঠা পনাৰ উপৰিও আটকৰাই (আঠবিধ শষ্য একেলগে চাপৰিত ভাজি প্ৰস্তুত কৰা) খায়।

সম্পৰ্কিত শ্ৰেণী

উৎসৱইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুষনা” প্ৰবন্ধৰ সংশোধন ২৪৭১৩১ (১ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।