অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিশ্ব আলোকচিত্ৰ দিৱস

১৯ আগষ্ট দিনটো প্ৰতি বছৰে বিশ্ব আলোকচিত্ৰ দিৱস হিচাপে পালন কৰা হয়। বিভিন্ন অনুষ্ঠানৰ যোগেদি সমগ্ৰ বিশ্বৰ মানুহে‌এই দিৱস উদ্‌যাপন কৰে।

হালনাগাদ: ৪ জানুৱাৰী ২০২৬ ১৪০ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

১৯ আগষ্ট দিনটো প্ৰতি বছৰে বিশ্ব আলোকচিত্ৰ দিৱস হিচাপে পালন কৰা হয়। বিভিন্ন অনুষ্ঠানৰ যোগেদি সমগ্ৰ বিশ্বৰ মানুহে‌এই দিৱস উদ্‌যাপন কৰে।

ইতিহাস

১৮৩৭ চনত নিচেফোৰ নিয়েপচে আৰু লুই ডাগুৱেৰে ডাগুৱেৰে পদ্ধতিৰ আলোকচিত্ৰ ব্যৱস্থা আৱিষ্কাৰ কৰে। এই পদ্ধতিক ডাগুৱেৰে পদ্ধতি বোলা হয়। বিজ্ঞানী লুই ডাগুৱেৰে আলোকচিত্ৰ তোলাৰ এই ব্যৱহাৰিক পদ্ধতি প্ৰথম উদ্ভাৱন কৰিছিল। আলোকচিত্ৰ তোলাৰ এই পদ্ধতিৰ নাম তেওঁৰ নামেৰেই ডাগুৱেৰে টাইপ ফটোগ্ৰাফী থোৱা হৈছে। তেতিয়াৰপৰাই আলোকচিত্ৰৰ‌ ক্ষেত্ৰত সূচনা হ'ল এক নতুন অধ্যায়ৰ। ১৮৩৯ চনৰ ১৯ আগষ্টত ফ্ৰান্স চৰকাৰে প্ৰথমবাৰৰ বাবে ১৯ আগষ্টৰ দিনটোক বিশ্ব আলোকচিত্ৰ দিৱস হিচাপে ঘোষণা কৰে। ১

দিৱস উদ্‌যাপন

১৮৩৯ চনৰপৰা সমগ্ৰ বিশ্বই ১৯ আগষ্ট দিনটোত বিশ্ব আলোকচিত্ৰ দিৱস পালন কৰি আহিছে। এই দিৱসটো প্ৰতি বছৰে ডাগুৱেৰে পদ্ধতি আলোকচিত্ৰ আৱিষ্কাৰৰ স্মৃতিত বিশ্ব আলোকচিত্ৰ দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ উপৰি আলোকচিত্ৰক আৰম্ভণিৰ পৰ্যায়ৰপৰা বৰ্তমান পৰ্যায়লৈকে আগুৱাই নিয়াৰ বাবে অক্লান্তভাৱে কাম কৰা প্ৰতিজন লোকক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যৰেও এই দিৱস উদ্‌যাপন কৰা হয়।২

তথ্যসূত্ৰ

  1. ↑ বিশ্ব ফটোগ্ৰাফি দিবসঃ সৃজনশীলতা বিকাশেৰ বিচ্ছিন্ন প্ৰচেষ্টা
  2. ↑ বিশ্ব ফটোগ্ৰাফি দিবস আজ. JagoNews24.com

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহফটোগ্ৰাফী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব আলোকচিত্ৰ দিৱস” প্ৰবন্ধৰ সংশোধন ৫৬৭৫৬৪ (৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।