পুৰণ ভগত বা পুৰণ ভক্ত (Puran Bhagat ) ১৯৩৩ চনত কলিকতাৰ নিউ থিয়েটাৰ্ছ লিমিটেডৰ দ্বাৰা নিৰ্মিত এখন হিন্দী ভক্তিমূলক জীৱনীমূলক ছবি।১ এইখন আছিল দেবকী বসুৰ হিন্দীত প্ৰথম পৰিচালনা।২ ছবিখনত অভিনয় কৰিছিল কে এল চাইগল, উমাশশী, কুমাৰ, মলিনা দেৱী, কে চি দে আৰু তাৰাবাই।৩ এই ছবিখন পুৰণ ভগতৰ জনপ্ৰিয় পাঞ্জাবী ভক্তিমূলক কাহিনীৰ আধাৰত নিৰ্মিত নিউ থিয়েটাৰে সাধাৰণতে পৰম্পৰাগত বাংলা কাহিনী, সন্ত আৰু উপন্যাসৰ আধাৰত ছবি নিৰ্মাণ কৰিছিল আৰু পুৰণ ভগত নিউ থিয়েটাৰ্ছৰ বাবে এটা পৰিবৰ্তন আছিল। ছবিখনে "গোটেই ভাৰততে এক বৃহৎ সফলতা" লাভ কৰিছিল।৪
মুক্তি
বি এন ছিৰকাৰে নিউ থিয়েটাৰৰ জৰিয়তে ইয়াৰ পূৰ্বে বাংলা সাহিত্যৰ আধাৰত ছবি নিৰ্মাণ কৰিছিল আৰু বাংলা ভাষাৰ চণ্ডীদাস (১৯৩২) ছবিখনে ডাঙৰ সফলতা লাভ কৰিছিল। পিছত তেওঁ পাঞ্জাৱী ৰাজকুমাৰ আৰু সন্ত পুৰণ ভগতৰ কিংবদন্তীটোৰ ওপৰত গুৰুত্ব দিয়াৰ সিদ্ধান্ত লয়। "মোহনীয় সংগীত"ৰ সৈতে ছবিখন "বক্স অফিচত হিট হৈছিল"। পঞ্জাৱ চিনেমা আৰ্ট ছ'চাইটিয়ে ইয়াক "মাষ্টাৰপিছ" হিচাপে প্ৰশংসা কৰে। লাহোৰত ছবিখন পূৰ্ণ প্ৰেক্ষাগৃহৰে চলিছিল।৫
তথ্যসূত্ৰ
- ↑ Gulazāra, Nihalani, Chatterjee, Govind, Saibal. (2003). Encyclopaedia of Hindi Cinema. Popular Prakashan. পৃ. 648. ISBN 9788179910665
- ↑ Gokulsing, Dissanayake, K. Moti,Wimal. (2013). Routledge Handbook of Indian Cinemas. Routledge. ISBN 9781136772917
- ↑ Puran Bhagat 1933. citwf.com. Alan Goble
- ↑ Dwyer, Rachel. (2006). Filming the Gods: Religion and Indian Cinema. Routledge. ISBN 9781134380701
- ↑ Nevile, Pran. (2011). K. L. Saigal A Definitive Biography. Penguin Books India Pvt Ltd. পৃ. 12. ISBN 9780143414063
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুৰণ ভগত (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭৮৭৭৯ (১৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।