বুনিয়াদ (আক্ষৰিক অৰ্থ-ভেটি (Foundation)) হৈছে এখনি ভাৰতীয় ধাৰাবাহিক৷ ধাৰাবাহিকখনৰ পৰিচালক হৈছে ৰমেশ চিপ্পী আৰু১জ্যোতি স্বৰূপ৷ এই ধাৰাবাহিকখনৰ কাহিনী লিখিছিল মনোহৰ শ্যাম যোশী৷ কাহিনীটোৰ কেন্দ্ৰীয় বিষয় আছিল ১৯৪৭ চনৰ ভাৰত বিভাজন আৰু ইয়াৰ পৰিণতি৷২ ১৯৮৬ চনত পোনপ্ৰথমবাৰৰ বাবে বুনিয়াদ ৰাষ্ট্ৰীয় চেনেলযোগে সম্প্ৰচাৰিত হৈছিল৷ ডিডি মেট্ৰো আৰু শ্বাহাৰা ওৱানত পুনৰ ইয়াৰ সম্প্ৰচাৰ হয়৷৩কাহিনীটোৱে ৰেখাপাত কৰা কালছোৱা হৈছে ১৯১৬-১৯৭৮৷ ধাৰাবাহিকত আলোক নাথ, অনিতা কানৱাৰ, গোগা কাপুৰ, সুধীৰ পাণ্ডে, আশা শৰ্মা, আশা সচদেৱকে ধৰি অনেক কলাকাৰে অভিনয় কৰিছিল৷
তথ্যসূত্ৰ
- ↑ Venugopal, Vasudha. (2016-07-26). Director of hit TV drama Buniyaad, Ramesh Sippy, still not paid by Doordarshan. The Economic Times
- ↑ (25 July 2013). 'Buniyaad' set to re-create the nostalgia of partition and popularity of old-world charm. Indian Television Dot Com
- ↑ (20 January 2006). SaharaOne aims to tap Gen X with 'Buniyaad'. Indian Television Dot Com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুনিয়াদ” প্ৰবন্ধৰ সংশোধন ৩০২৭৪৬ (৩ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।