অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিহাৰ দিৱস

বিহাৰ দিৱস (Bihar Day) ভাৰতৰ বিহাৰ ৰাজ্যৰ প্ৰতিষ্ঠাবাৰ্ষিকী উপলক্ষে প্ৰতি বছৰে ২২ মাৰ্চত পালিত এটি দিৱস। ১৯১২ চনৰ ২২ মাৰ্চত বেংগল প্ৰেচিডেঞ্চিৰ পৰা বিহাৰ আৰু উৰিষ্যা বিভাগ পৃথক কৰি ব্ৰিটিছ ভাৰতত বিহাৰ আৰু উৰিষ্যা প্ৰদেশ গঠন কৰা হৈছিল৷ বিহাৰত এই দিনটো চৰকাৰী বন্ধৰ দিন।

হালনাগাদ: ২৩ জুলাই ২০২৬ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

বিহাৰ দিৱস (Bihar Day) ভাৰতৰ বিহাৰ ৰাজ্যৰ প্ৰতিষ্ঠাবাৰ্ষিকী উপলক্ষে প্ৰতি বছৰে ২২ মাৰ্চত পালিত এটি দিৱস।১ ১৯১২ চনৰ ২২ মাৰ্চত বেংগল প্ৰেচিডেঞ্চিৰ পৰা বিহাৰ আৰু উৰিষ্যা বিভাগ পৃথক কৰি ব্ৰিটিছ ৰাজত বিহাৰ আৰু উৰিষ্যা প্ৰদেশ গঠন কৰা হৈছিল৷২৩ বিহাৰত এই দিনটো চৰকাৰী বন্ধৰ দিন।৪

বিহাৰ দিৱস নীতিশ কুমাৰৰ কাৰ্যকালত বিহাৰ চৰকাৰে বৃহৎ পৰিসৰত আৰম্ভ কৰি উদ্‌যাপন কৰিছিল৷৫ ভাৰতৰ বাহিৰেও আমেৰিকা যুক্তৰাষ্ট্ৰ, জাৰ্মানী,৬ ব্ৰিটেইন (স্কটলেণ্ড),৭ অষ্ট্ৰেলিয়া, কানাডা, বাহৰেইন, কাটাৰ, সংযুক্ত আৰৱ আমিৰাত, ট্ৰিনিদাদ আৰু ট'বাগো আৰু মৰিছাছ আদি দেশত এই দিৱস উদ্‌যাপন কৰা হয়।৮

উদ্‌যাপন

প্ৰতিবছৰে বিহাৰ চৰকাৰে ২২ মাৰ্চক বিহাৰ দিৱস হিচাপে পালন কৰিবলৈ চৰকাৰী বন্ধ ঘোষণা কৰি অধিসূচনা জাৰি কৰে। এই বন্ধৰ দিনটো ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সকলো কাৰ্যালয় আৰু কোম্পানীৰ লগতে বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে আৰু বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰি এই দিৱস উদ্‌যাপন কৰে।৯

লগতে চাওক

  • ওড়িশা দিৱস
  • উত্তৰ প্ৰদেশ দিৱস

তথ্যসূত্ৰ

  1. ↑ (2025-03-22). बिहार दिवस विशेष: ऐसे अस्तित्व में आया अपना बिहार, ..जानें. Wire Khabar
  2. ↑ (22 March 2017). http://timesofindia.indiatimes.com/city/patna/stage-set-for-105th-bihar-diwas/articleshow/57759419.cms. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ (12 March 2017). http://timesofindia.indiatimes.com/city/patna/bihar-diwas-sunidhi-chauhan-to-perform-at-gandhi-maidan-on-mar-22/articleshow/57597436.cms. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ Bihar Diwas marks public Holiday in Bihar. news.biharprabha.com
  5. ↑ (2022-03-23). https://timesofindia.indiatimes.com/city/patna/bihar-diwas-celebrated-withpride-across-country-abroad/articleshow/90385302.cms
  6. ↑ (2018-03-30). 26 मई को जर्मनी में मनेगा बिहार दिवस, ..जानिए. Live Bihar News · लाइव बिहार न्यूज़
  7. ↑ (2018-03-21). https://www.livebiharnews.in/news/bihar-diwas-celebrated-in-patna-of-scotland.html
  8. ↑ Bihar Day to be celebrated in seven countries. news.biharprabha.com
  9. ↑ (2010-03-22). Bihar Diwas functions from today. The Times of India

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহবিহাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিহাৰ দিৱস” প্ৰবন্ধৰ সংশোধন ৬১৮৯১১ (২৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।