পৰশুৰামেৰ কুঠাৰ (Parshuramer Kuthar) নব্যেন্দু চেটাৰ্জীৰ ১৯৮৯ চনৰ এখন বঙালী ছবি। মুখ্য অভিনেত্ৰী শ্ৰীলেখা মুখাৰ্জীয়ে এইখন ছবিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। পৰশুৰামেৰ কুঠাৰৰ গল্পটো লিখিছে লেখক সুবোধ ঘোষে।১
অভিনয় শিল্পী
- লক্ষ্মীৰ চৰিত্ৰত শ্ৰীলেখা মুখাৰ্জী
- অসিত বন্দ্যোপাধ্যায়
- অৰুণ মুখোপাধ্যায়
- ৰঞ্জিত চক্রবর্তী১
কাহিনী
পশ্চিম বংগৰ এখন সৰু চহৰত স্বাধীনতাৰ ৪০তম বৰ্ষপূৰ্তিৰ প্ৰস্তুতি চলি আছে। চাফাই অভিযানৰ অংশ হিচাপে লক্ষ্মীক চহৰ এৰি যাবলৈ নিৰ্দেশ দিয়া হয়। লক্ষ্মীৰ স্বামী পংগু। তেওঁ বেলেগৰ সন্তানক নিজৰ স্তনপান কৰাই জীৱিকা নিৰ্বাহ কৰে আৰু তাৰবাবে তেওঁ গৰ্ভধাৰণ কৰি থাকিবলগীয়া হয়। মানুহে তেওঁক বেশ্যা বুলি গণ্য কৰে। যিবোৰ পৰিয়াললৈ তেওঁ সেৱা আগবঢ়াইছিল, সেই সকলেও তেওঁক চহৰৰ পৰা উলিয়াই পঠিয়াবলৈ উঠিপৰি লাগিছে। কিছু সময়ৰ কাৰণে তেওঁ বিদ্ৰোহ কৰে আৰু খঙৰ ভমকত এনে এজন ব্যক্তিক অপমানো কৰে, যাৰ তাত তেওঁ প্ৰথম চাকৰি কৰিছিল। কিন্তু স্বামীৰ মৃত্যু হোৱাত তেওঁ সাহস হেৰুৱাই পেলায় আৰু এজনী স্থানীয় বেশ্যাৰ সৈতে থাকিবলৈ লয়। তেওঁৰ বেশ্যা জীৱনৰ প্ৰথম গ্ৰাহকজন আছিল নগৰপালিকাৰ অধ্যক্ষৰ পুত্ৰ, যাক লক্ষ্মীয়ে শিশুকালত নিজৰ স্তনপান কৰাইছিল।১
বঁটা
৩৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৮৯)
- দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি (ৰজত কমল)
- শ্ৰেষ্ঠ অভিনেত্ৰী- শ্ৰীলেখা মুখাৰ্জী (ৰজত কমল)২১
তথ্যসূত্ৰ
- ↑ (1996). National Film Awards Archivesː37th NFA. Directorate of Film Festivals, Govt. of India. পৃ. 16, 58, 153
- ↑ Awards for Parshuramer Kuthar. IMDb
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰশুৰামেৰ কুঠাৰ” প্ৰবন্ধৰ সংশোধন ৫০৪২৭২ (২৫ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।