বংগপাণ্ডু ঊষা হ'ল তেলুগু ভাষাৰ এগৰাকী কবি৷ তেওঁ ৱাই এছ আৰ কংগ্ৰেছ দলৰ সাংস্কৃতিক শাখাৰ আহ্বায়ক।১ তেওঁ লোকসংগীত আৰু নৃত্যৰ বাবে জনপ্ৰিয়। শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশ ৰাজ্য চৰকাৰে তেওঁক অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক সৃষ্টিশীলতা আৰু সংস্কৃতি আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে। তেওঁৰ পিতৃ প্ৰয়াত বংগপাণ্ডু প্ৰসাদ ৰাও এগৰাকী লোককথাবিদ৷
কেৰিয়াৰ
অন্ধ্ৰপ্ৰদেশৰ জনপ্ৰিয় কবি আৰু প্ৰখ্যাত শিল্পী ৱংগপাণ্ডু প্ৰসাদ ৰাওৰ ঘৰত তেওঁ জন্মগ্ৰহণ কৰিছিল।২ বাওঁপন্থী সংগঠনত সদায় সক্ৰিয় হৈ থকা ঊষাই ২০১১ চনত ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টিত যোগদান কৰে।৩ ইয়াৰ পূৰ্বেও বহু আন্দোলন আৰু টিভিৰ লোক অনুষ্ঠানত গীত গাই নৃত্য কৰি আহিছে।
২০০৬ চনত আৰ নাৰায়ণ মূৰ্তিৰ ছবি আদিবি বিদ্দালুত গীত গাইছিল বংগপাণ্ডু উষাই।৪

তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বংগপাণ্ডু ঊষা” প্ৰবন্ধৰ সংশোধন ৫৪৫৮২০ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।