অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বাট বুলনিৰ গীত

বাট বুলনিৰ গীত ( Baat Bulanir Geet) বা “বাট ফুৰা নাম’’ অসমৰ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মী সমাজখনত গোৱা এবিধ নাম যাৰ সৈতে কিছু সংস্কৃতি জড়িত হৈ আছে৷ বিভিন্ন ধৰ্মীয় অনুষ্ঠানলৈ যওঁতে আইসকলে ইখন ঠাইৰ পৰা সিখন ঠাইলৈ যাওঁতে বাটৰ কষ্ট নোহোৱা কৰিবলৈ আধ্যাত্মিক ভাবাপন্ন গীত গাই বাট বুলে, সেইবোৰেই বাট বুলনিৰ…

হালনাগাদ: ৬ মাৰ্চ ২০২৩ ১৩৪ শব্দ · ১ মিনিট সংগৃহীত ৩৮
সংশোধনৰ পৰামৰ্শ

বাট বুলনিৰ গীত ( Baat Bulanir Geet) বা “বাট ফুৰা নাম’’ অসমৰ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মী সমাজখনত গোৱা এবিধ নাম যাৰ সৈতে কিছু সংস্কৃতি জড়িত হৈ আছে৷ বিভিন্ন ধৰ্মীয় অনুষ্ঠানলৈ যওঁতে আইসকলে ইখন ঠাইৰ পৰা সিখন ঠাইলৈ যাওঁতে বাটৰ কষ্ট নোহোৱা কৰিবলৈ আধ্যাত্মিক ভাবাপন্ন গীত গাই বাট বুলে, সেইবোৰেই বাট বুলনিৰ গীত৷ মহাপুৰুষ দুজনাৰ জন্মোৎসৱৰ শোভাযাত্ৰা, কীৰ্তন মহোৎসৱৰ কৰভাৰ১ আৰু “ঘাটসেৱা’’ অনুষ্ঠান আদিত আইসকলে বাট বুলনিৰ গীত গাই যায়৷ সুন্দৰীদিয়া সত্ৰৰ চৰিত তোলা অনুষ্ঠানলৈ যাওঁতে মূল কীৰ্তনঘৰৰ পৰা আইসকলে বাট বুলনিৰ গীত গাই যায়৷২ এই গীতসমূহ কীৰ্তন, দশম, নামঘোষাৰ উপৰি পুৰাণ, ভাগৱত, ৰামায়ণ, মহাভাৰতৰ কাহিনীৰ মুখপৰম্পৰাৰূপে চলি অহা গীত পদো গোৱা হয়৷ কেইটিমান বাট বুলনি গীতৰ অংশ:

শংকৰ মাধব এ, হে ভৈলা অৱতাৰ, ইবাৰ কৰিব হৰি জগত উদ্ধাৰ৷

কৰুণা ৰাখো ৰাখো প্ৰাণ, নেৰো হৰি চৰণ তোমাৰ৷

যাদৱ এ নাযাবা এৰি, গোপিনীৰ লগতে আহিছে হৰি৷ আদি৷১

অসমৰ আন কিছুমান ঠাইত একেই ধৰণে “বাট ফুৰা নাম’’ নামে এবিধ নাম পোৱা যায়৷ ইয়াৰো ধৰ্মীয় তাৎপৰ্য আছে৷ এই বাট ফুৰা নাম মানৰ অসম আক্ৰমণ আৰু অত্যাচাৰ, মহামাৰী আদিৰ পৰা ৰক্ষা পাবলৈ ভগৱানৰ আশীষ কামনাৰে পুৰুষ-মহিলাই বাটে বাটে নাম গাই ফুৰে৷ এই পৰম্পৰা মানৰ আক্ৰমণৰ সময়ৰ পৰাই আৰম্ভ হোৱা বুলি বহুতে ক’ব খোজে৷ বহু গাঁৱত প্ৰচলন থকা বাট ফুৰা নাম সাধাৰণতে ব’হাগ বা জেঠ মাহত গোৱা হয়৷ মুনিহ-তিৰোতা সকলোৱে মিলি কীৰ্তনঘৰত লগ হৈ “হৰিধ্বনি’’ কৰি নামৰ আৰম্ভণি কৰে৷ বাটে বাটে গাই ফুৰোঁতে যাৰ যাৰ পদূলিয়েদি নামৰ সমদল যায় তেওঁলোকে ধূপ-ধুনা-বন্তি জ্বলাই শৰাইত মাননী দি সেৱা কৰে৷ বহুতে বছৰেকত “বাট ফুৰা নাম’’ গালে গাঁৱলৈ অপায়-অমংগল আহিব নোৱাৰে বুলি বিশ্বাস কৰে৷ নামনি অসমৰ জাগাৰা অঞ্চলত জেঠ মাহৰ পূৰ্ণিমা তিথিত দুদিনীয়াকৈ এই নাম গায়৷৩

তথ্যসূত্ৰ

  1. ↑ দাস, দিগম্বৰ. (১৯৯৫). বৰপেটাৰ বুৰঞ্জী. জীৱন জেউতি প্ৰকাশন. পৃ. ১৫৫
  2. ↑ মেধি, ডিম্বেশ্বৰ. (২০১৮). লোকসংস্কৃতিৰ লেছেৰী বোটলা. বিশ্বাম্ৱা প্ৰকাশন. পৃ. ৫৩
  3. ↑ বৰা, ভদ্ৰকান্ত. (২০১৪). অসমীয়া সমাজৰ লোকাচাৰ আৰু লোকবিশ্বাস. Hornbill. পৃ. ৬৪

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাট বুলনিৰ গীত” প্ৰবন্ধৰ সংশোধন ৩৪৭৮৭৬ (৬ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।