অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বীৰ মংগদবলো

বীৰ মংগদবলো (Vir Mangdavalo) ১৯৭৬ চনৰ এখন গুজৰাটী ৰোমান্টিক ফেণ্টাচি ছবি। বাবুভাই মিষ্ট্ৰী পৰিচালিত ছবিখনত গুজৰাটৰ এক লোককথা চিত্ৰিত হৈছে। মুখ্য চৰিত্ৰত অভিনয় কৰিছিল উপেন্দ্ৰ ত্ৰিবেদী, অৰবিন্দ ত্ৰিবেদী আৰু স্নেহলতাই। সংগীত ৰচনা কৰিছিল অবিনাশ ব্যাসে। ছবিখন ব্যৱসায়িকভাৱে সফল হৈছিল।

হালনাগাদ: ২৩ ফেব্ৰুৱাৰী ২০২৫ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

বীৰ মংগদবলো (Vir Mangdavalo) ১৯৭৬ চনৰ এখন গুজৰাটী ৰোমান্টিক ফেণ্টাচি ছবি। বাবুভাই মিষ্ট্ৰী পৰিচালিত ছবিখনত গুজৰাটৰ এক লোককথা চিত্ৰিত হৈছে। মুখ্য চৰিত্ৰত অভিনয় কৰিছিল উপেন্দ্ৰ ত্ৰিবেদী, অৰবিন্দ ত্ৰিবেদী আৰু স্নেহলতাই। সংগীত ৰচনা কৰিছিল অবিনাশ ব্যাসে। ছবিখন ব্যৱসায়িকভাৱে সফল হৈছিল। ১৯৭৮ চনত বীৰ মংগদবলোক ভোজপুৰীত অমৰ সুহাগীন নামেৰে ডাব কৰা হৈছিল।

নিৰ্মাণ

গুজৰাটৰ সৌৰাষ্ট্ৰ অঞ্চলৰ গাঁৱে-ভূঞে জনপ্ৰিয় বীৰ মংগদবলোৰ লোককথাৰ আধাৰত ছবিখন নিৰ্মিত হৈছে। সুভাষ সাগৰৰ প্ৰযোজনা আৰু ৰামানন্দ সাগৰৰ দ্বাৰা উপস্থাপিত এইখন প্ৰথম চলচ্চিত্ৰ।১ ইয়াৰ শ্বুটিং হৈছিল লক্ষ্মী বিলাস পেলেচত।

সঁহাৰি

বীৰ মংগদবলো ব্যৱসায়িকভাৱে সফল হৈছিল।[2] "তাৰি ভাংকি ৰে পাঘলদী" গীতটো যথেষ্ঠ জনপ্ৰিয় হৈছিল। এইখনে ৪০ লাখ টকাৰ ওপৰত উপাৰ্জন কৰিছিল (২০২৩ চনত ১২ কোটি টকা বা ১৪ লাখ মাৰ্কিন ডলাৰৰ সমতুল্য)।২

২০১৯ চনৰ গুজৰাটী ছবি বীৰ মংগদবলোও একে বিষয়বস্তুৰে নিৰ্মাণ কৰা হৈছিল।৩

তথ্যসূত্ৰ

  1. ↑ Raghuvanshi, Harish. (2005-02-01). વીર માંગડાવાળો (ચલચિત્ર). Gujarati Vishwakosh
  2. ↑ Dharap, B. V. (1977). Indian Films
  3. ↑ Vir MangdavaloUA. The Times of India

সম্পৰ্কিত শ্ৰেণী

১৯৭৬ বৰ্ষৰ চলচ্চিত্ৰভাৰতীয় লোককথাৰ আধাৰত নিৰ্মিত ছবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীৰ মংগদবলো” প্ৰবন্ধৰ সংশোধন ৪৮১৪৮৫ (২৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।