কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
বেহাৰবাৰী আউটপ’ষ্ট (ধাৰাবাহিক)
বেহাৰবাৰী আউটপ’ষ্ট হৈছে ৰাজেশ ভূঞাৰ পৰিকল্পনাৰে ৰেঙণি চেনেল-যোগে সস্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। ধাৰাবাহিকখনে দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰে। ই হৈছে চেনেলটোত সম্প্ৰচাৰ হোৱা আটাইতকৈ দীঘল ধাৰাবাহিক।
-
বেহৰুপিয়া শিল্পী
বেহৰুপিয়া বা বাহৰুপিয়া ভাৰত, নেপাল আৰু বাংলাদেশৰ পৰম্পৰাগত পৰিৱেশন কলাৰ এজন মনোৰঞ্জনকাৰী শিল্পী। এসময়ৰ জনপ্ৰিয় আৰু ব্যাপকভাবে প্ৰচলিত এই শিল্পকৰ্মটো এতিয়া হ্ৰাস পাইছে আৰু বেছিভাগ অনুশীলনকাৰীয়ে দৰিদ্ৰতাত জীৱন কটাবলগীয়া হৈছে।
-
বৰাক (প্ৰসাধন সামগ্ৰী)
বৰাক বা বুৰাক (Borak (cosmetic)) এবিধ মুখৰ প্ৰসাধনমূলক গুড়ি বা পেষ্ট যাক ৰ’দৰ পৰা সুৰক্ষাৰ পাবলৈ মুখত প্ৰয়োগ কৰা হয়। ইয়াক পৰম্পৰাগতভাৱে ফিলিপাইনছ, মালয়েছিয়া, ইণ্ডোনেছিয়াৰ সামা-বাজাউ লোকসকলে ব্যৱহাৰ কৰে।
-
ভাতৃ দ্বিতীয়া
ভাতৃ দ্বিতীয়া, ভাই দূজ, ভাও বীজ, ভাই টীকা, ভাই ফোঁটা হৈছে হিন্দু সকলৰ দ্বাৰা পালিত এক উৎসৱ। বিক্ৰম সংবৎ হিন্দু কেলেণ্ডাৰ মতে দ্বিতীয় শুক্ল পক্ষৰ দ্বিতীয়টো সৌৰ দিনত এই উৎসৱ পালন কৰা হয়। সাধাৰণতে দ্বীপান্বিতা, তিহাৰ উৎসৱ আৰু ফাকুৱাৰ সময়ত ভাই দূজ পালন কৰা দেখা যায়।
-
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৫-১৬)
(অসমাপ্ত)
-
মণিকৰ্ণিকা: দ্য কুইন অফ ঝান্সী
মণিকৰ্ণিকা: দ্য কুইন অফ ঝান্সী ( Manikarnika: The Queen of Jhansi) ২০১৯ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন মহাকাব্যিক ঐতিহাসিক জীৱনীমূলক একচন নাট্যধৰ্মী ছবি। এইখন ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ জীৱনৰ আধাৰত নিৰ্মিত। পৰিচালনা কৰিছে কৃষ্ণ জাগৰলামুদী আৰু কংগনা ৰানাৱতে। চিত্ৰনাট্য ভি বিজয়েন্দ্ৰ প্ৰসাদৰ।
-
মা-কচম
মা-কচম অভিজিত ভট্টাচাৰ্যই ৰচনা-পৰিচালনা কৰা বৃন্দাবন থিয়েটাৰৰ ২০১৪-১৫ বৰ্ষৰ এখন নাট।
-
মাকো
মাকো হ'ল তাঁত ববৰ কাৰণে ব্যৱহাৰ কৰা যতন, য’ত মহুৰা ভৰাই তাঁত বোৱা হয়। অসমত প্ৰচলিত মাকোৰ ভাগ দুটা হ'ল: চৰিয়া মাকো আৰু ফলীয়া মাকো। বিহুগীতত 'ক'লীয়া নাহৰৰ মাকো' আৰু 'হাতীদাঁতৰ মাকো'ৰ উল্লেখ আছে।
-
মাত্ৰুভূমি (চলচ্চিত্ৰ)
মাত্ৰুভূমি: এ নেচন উইডাউট ৱ’মেন ( Matrubhoomi: A Nation Without Women) ২০০৩ চনৰ মনীষ ঝাৰ ৰচfl আৰু পৰিচালিত এখন ভাৰতীয় ডিচট’পিয়ান ট্ৰেজেডী ছবি। ছবিখনে লিংগ ভাৰসাম্যৰ ওপৰত নাৰী ভ্ৰুণ হত্যা আৰু নাৰী শিশু হত্যাৰ প্ৰভাৱ আৰু তাৰ ফলত সমাজৰ স্থিতিশীলতা আৰু দৃষ্টিভংগীৰ পৰীক্ষা কৰিছে।
-
মানস কন্যা
মানস-কন্যা হৈছে অভিজিত ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত 'হেঙুল থিয়েটাৰ'ৰ ২০১৪-১৫ বৰ্ষৰ এখন নাট।
-
মায়াবিনী ৰাতিৰ বুকুত
মায়াবিনী ৰাতিৰ বুকুত (Mayabini Ratir Bukut; অনুবাদ In the bosom of the magical night) হৈছে জুবিন গাৰ্গৰ সুৰ আৰু ৰচনা আৰু তেওঁৰদ্বাৰা পৰিৱেশিত এটা জনপ্ৰিয় অসমীয়া ৰোমাণ্টিক গীত। ২০০১ চনত মুনীন বৰুৱাৰ পৰিচালনাত নিৰ্মিত অসমীয়া ছবি দাগত এই ট্ৰেকটো প্ৰদৰ্শিত হৈছিল।
-
মুক্তি (শ্ৰব্য এলবাম)
মুক্তি হৈছে ১৯৯৭ চনত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এন কে প্ৰডাক্চনৰ বেনাৰত এলবামটি প্ৰযোজনা কৰে দেব কুমাৰে। ১৯৯৭ চনৰ ১৭ নৱেম্বৰত অডিঅ' কেছেটত আৰু ১৯৯৮ চনৰ ৮ জানুৱাৰীত অডিঅ' চিডিত অসমীয়াৰ প্ৰথম অডিঅ' চিডি ফৰ্মেটত মুক্তি পাইছিল।
-
মুম্বাই কাটিং
মুম্বাই কাটিং ( Mumbai Cutting ) ২০০৮ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এঘাৰখন চুটিছবিৰ এখন এন্থ’ল’জী চলচ্চিত্ৰ। মুম্বাইৰ জীৱনৰ আধাৰত এঘাৰটা ভিন্ন গল্প কোৱা ছবিখনৰ প্ৰতিটো গল্প ভিন্ন ভিন্ন পৰিচালকে পৰিচালনা কৰিছে।
-
মেলা পট
মেলা পট এক উৎসৱ। ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ জম্মু সংমণ্ডলৰ ডোডা জিলাৰ ভাদেৰৱাহ তহচিলৰ খাখল গাঁৱত নাগ সংস্কৃতিৰ প্ৰতীক হিচাপে প্ৰতি বছৰে নগা পঞ্চমীৰ দিনা অনুষ্ঠিত হোৱা ই তিনিদিনীয়া উৎসৱ।
-
মেৰী বেটী ছানী লিয়নি বননা চাহতী হ্যায়
মেৰী বেটী ছানী লিয়নি বননা চাহতী হ্যায় ২০১৭ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন চুটি ছবি যিখনৰ পৰিচালনা আৰু প্ৰযোজক আছিল ৰাম গোপাল বাৰ্মা ছবিখনত অভিনয় কৰিছে নয়না গাংগুলী, মকৰান্দ দেশপাণ্ডে আৰু দিব্যা জগদলেই। এই ছবিখনৰ জৰিয়তে চুটি ছবিৰ ক্ষেত্ৰখনত আত্মপ্ৰকাশ কৰিছিল ৰাম গোপাল বাৰ্মাই।
-
মোহন ভাইৰা বঁটা
মোহন ভাইৰা বঁটা (Mohan Bhaira Memorial Award) সদৌ অসম ছাত্ৰ সন্থাৰ নালবাৰী শাখা আৰু নলবাৰী জিলা উন্নতি সভায়ে প্ৰদান কৰা বাৰ্ষিক বঁটা। সংগীত নাটক একাডেমী বঁটা বিজয়ী ভাওনা শিল্পী মোহন চন্দ্ৰ বৰ্মন, জনপ্ৰিয় ভাবে মোহন ভাৱৰীয়া বা মোহন ভাইৰাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰতিবছৰে ১ ফেব্ৰুৱাৰীত এই বঁটা…
-
মৰ্দানী
মৰ্দানী ( Mardaani) ২০১৪ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ একচন থ্ৰিলাৰ ছবি। পৰিচালক প্ৰদীপ সৰকাৰ আৰু প্ৰযোজক আদিত্য চোপ্ৰা। ছবিখনত ৰাণী মুখাৰ্জীৰ লগত সহযোগী চৰিত্ৰত অভিনয় কৰিছে যীশু সেনগুপ্ত, তাহিৰ ৰাজ ভাছিন আৰু সানন্দ বাৰ্মাই।
-
যক্ষী (ভাস্কৰ্য)
যক্ষী (Yakshi (sculpture)) হ'ল ভাৰতৰ কেৰালা ৰাজ্যৰ মালমপুজা বান্ধৰ কাষতে থকা পলাক্কাডৰ মালমপুজা উদ্যানত থকা এটি ভাস্কৰ্য। কানায়ী কুঁহিৰমনে ১৯৬৯ চনত এই ভাস্কৰ্য্যৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰে।
-
যখিনী (চুটি ছবি)
যখিনী (Jokhini) অসমীয়া ভাষাৰ এখন চুটি ছবি। ইয়াত বিংশ শতিকাৰ এগৰাকী গৰ্ভৱতী মহিলা আৰু অসমীয়া লোক-কথাত জনপ্ৰিয় যখিনী নামৰ এগৰাকী দানৱসদৃশ জীৱৰ সৈতে তেওঁৰ মুখামুখি হোৱাকে দূশ্যায়ন কৰা হৈছে।
-
য়ে মেৰে ৱতন কে লোগো
য়ে মেৰে ৱতন কে লোগো (Aye Mere Watan Ke Logo; “O' people of my country”) হৈছে কবি প্ৰদীপৰ দ্বাৰা ৰচিত, চি. ৰামচন্দ্ৰই সুৰ আৰোপ কৰা আৰু নেপথ্য কণ্ঠশিল্পী লতা মংগেশকাৰে কণ্ঠদান কৰা এটা হিন্দী ভাষাৰ দেশপ্ৰেমমূলক গীত। গীতটো ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধত শ্বহীদ হোৱা প্ৰতিজন ভাৰতীয় সৈনিকৰ স্মৃতিত ৰচিত।
-
যাত্ৰা শুৰু
যত্ৰাশুৰু হৈছে ভূমি বেণ্ডৰ প্ৰথম এলবাম। ইয়াত মুঠ ১০টা গীত আছে। পিছলৈ এই বেণ্ডটোৱে পশ্চিমবংগত যথেষ্ট খ্যাতি অৰ্জন কৰে। ইয়াৰ উপৰিও পশ্চিম বংগৰ বেষ্ট চেলাৰ এলবামৰ ভিতৰত ইয়াক বিবেচিত কৰা হয়।
-
লাভ ইন বেংকক (অসমীয়া চলচ্চিত্ৰ)
লাভ ইন বেংকক ২০১৫ চনৰ ১০ জুলাই তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে অসীম বৈশ্য-ই। ড্ৰীমছ্ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ কাৰ্যবাহী প্ৰযোজক অনুপম হাজৰিকা। বিদেশৰ পটভূমিত নিৰ্মিত চলচ্চিত্ৰখনৰ কাহিনী বিকুল দত্তৰ।
-
লালকিল্লা প্ৰত্নতাত্ত্বিক সংগ্ৰহালয়
লালকিল্লাৰ প্ৰত্নতাত্ত্বিক সংগ্ৰহালয় বৰ্তমানৰ উত্তৰ ভাৰতৰ পুৰণি দিল্লীৰ লালকিল্লাৰ মুমতাজ মহলত অৱস্থিত। সংগ্ৰহালয়টোত মোগল যুগৰ চিত্ৰ, শিল্পকৰ্ম, কেলিগ্ৰাফী, কাপোৰ আৰু অন্যান্য বস্তু সংৰক্ষণ আৰু প্ৰদৰ্শনৰ ব্যৱস্থা আছে।
-
লোক-উৎসৱ
পৰম্পৰাগত লোক-শিল্প আৰু লোক-সংগীতেৰে উদযাপন কৰা উৎসৱেই লোক-উৎসৱ। লোক-উৎসৱত লোকনৃত্য বা জনগোষ্ঠীয় খাদ্যও থাকিব পাৰে। এনে অনুষ্ঠান আৰু উৎসৱসদৃশ সমাৱেশত দীৰ্ঘদিন ধৰি হস্ত-শিল্পৰ প্ৰদৰ্শন কৰা হয়, কিয়নো ইয়াৰ শিপা গ্ৰাম্য শিল্পকৰ্মৰ পৰাই আছে।
-
লৌহ কপাট
লৌহ কপাট (Louha Kapat) ১৯৫৮ চনৰ তপন সিনহা পৰিচালিত বঙালী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী ছবি। জৰাসন্ধৰ কাহিনীৰ আধাৰত নিৰ্মিত ছবিখনৰ চিত্ৰনাট্য তপন সিনহাই লিখিছে। প্ৰযোজনা প্ৰমোদ কুমাৰ লাহিড়ীৰ। অভিনয় কৰিছে ছবি বিশ্বাস, কমল মিত্ৰ, অমৰ মল্লিক, কালী বেনাৰ্জী আৰু মালা সিনহাই।
-
শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ
শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ (ইংৰাজী: Sri Sri Madhabdev Kalakshetra) লক্ষীমপুৰৰ নাৰায়ণপুৰত অৱস্থিত এক সাংস্কৃতিক ভৱন। মহাপুৰুষ মাধৱদেৱৰ শিষ্য বদলা পদ্ম আতাই ১৬৩৬ চনত প্ৰতিষ্ঠা কৰা বদলা পদ্ম আতা সত্ৰৰ চৌহদত কলাক্ষেত্ৰখন স্থাপিত হৈছে।
-
সংগীতানুষ্ঠান
সংগীতানুষ্ঠান (Concert) হৈছে দৰ্শকৰ সন্মুখত সংগীতৰ পোনপটীয়া পৰিৱেশন।পৰিৱেশন কোনো এজন সংগীতজ্ঞ বা সংগীতৰ দল যেনে-অৰ্কেষ্ট্ৰা বা বেণ্ডৰ দ্বাৰা পৰিবেশন কৰা হ'ব পাৰে।
-
সতী সাবিত্ৰী (এইচ. এম. ৰেড্ডীৰ চলচ্চিত্ৰ)
সতী সাবিত্ৰী হৈছে ১৯৩৩ চনত এইচ. এম. ৰেড্ডীয়ে পৰিচালনা কৰা আৰু ভাৰত মুভি টোনৰ বেনাৰত নিৰ্মিত এখন ভাৰতীয় তেলেগু ভাষাৰ ছবি। ১৯৩৩ চনৰ ৪ ফেব্ৰুৱাৰীত মুক্তি পোৱা ছবিখনত অভিনয় কৰিছে ভি. ভি. চুব্বা ৰাও, কণ্ঠমণি কন্যা, কে এল কান্থাম আৰু এল ভি প্ৰসাদে।
-
সত্যবান সাবিত্ৰী (১৯৭৭ চনৰ চলচ্চিত্ৰ)
সত্যবান সাবিত্ৰী (ইংৰাজী: Satyavan Savithri) ১৯৭৭ চনত মুক্তি পোৱা মালয়ালম ভাষাৰ এখন ভাৰতীয় ছবি৷ পি. জি. বিশ্বম্বৰমে পৰিচালনা কৰা এই ছবিখনৰ মুখ্য ভূমিকাত কমল হাছান আৰু শ্ৰীদেৱীয়ে অভিনয় কৰিছিল৷ ছবিখন একে নামেৰে তামিল ভাষাত আৰু সত্যবানথুডু (Sathyavanthudu) নামেৰে তেলুগু ভাষালৈ ডাব কৰা হৈছিল।
-
সত্যমেৱ জয়তে (দূৰদৰ্শন অনুষ্ঠান)
সত্যমেৱ জয়তে(Satyamev jayate) হ'ল ভাৰতবৰ্ষৰ দূৰদৰ্শন উদ্যোগৰ ষ্টাৰ ইণ্ডিয়া নেটৱৰ্কৰ অন্তৰ্গত আৰু দূৰদৰ্শনৰ ডিডি নেচনেল কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত এক অনৌপচাৰিক বাৰ্তালাপ অনুষ্ঠান।